মুছলমান বিবাহক আইনৰ ভাষাত Contract বুলি কোৱা হয়। কিয়নো তেওঁলোকৰ বিয়াত ম’হৰানাৰ কথা আহি পৰে যাক Consideration (মূল্য) বুলি গণ্য কৰা হয়। যি সম্পৰ্কই Consideration ৰ পোষকতা কৰে, সেয়া প্ৰকৃততে একোটা Contract বুলি মুছলিম বিবাহৰ ক্ষেত্ৰত আইনে কৈছে।
কেৱল মুছলিম বিবাহেই কিয়? পৃথিৱীৰ প্ৰতিটো সম্পৰ্কই দেখোন মূল্য ভৰিব লগা হয়! ‘সময়’ক বন্ধকত থৈ আমি গঢ়ি তোলো একোটা সম্পৰ্ক। কেতিয়াবা আকৌ ইন্ভেষ্ট কৰা হয় আবেগ আৰু মৰমক। সম্পৰ্কবোৰ স্বতস্ফূৰ্ত যেন দেখা যায়, কিন্তু ইয়াৰ ম্যাদ নিৰ্ভৰ কৰে ইন্ভেষ্টমেণ্টৰ ওপৰত। সমাজৰ বাবে সম্পৰ্ক জৰুৰী বুলি আমি কওঁ। আচলতে আমি ইমানেই নিজক ভালপাওঁ যে আমাৰ একাকীত্ব দূৰ কৰিবলৈকে সম্পৰ্কবোৰ গঢ়ি তোলো। আমি বহুতে ক’ব বিচাৰো যে অকলশৰে জীৱনটো কটাই দিব পাৰি। অথচ আমি দিনটো মজি থাকো একোখন কিতাপ অথবা একোটা গানত! সেইয়াই তো সম্পৰ্ক ! সম্পৰ্কৰ একো সংজ্ঞা নাই। ইট্চ জাষ্ট এ কণ্ট্ৰেক্ট । আমি নিঃস্বাৰ্থ সম্পৰ্কৰ কথাও ক’ব খোজো। যেনে পোহনীয়া কুকুৰটো আৰু আমি! অথচ এটা কুকুৰ মৰি গ’লে আমি আকৌ এটা কিনো।
সম্পৰ্কবোৰ পুৰণি মদৰ দৰে নহয় যে বেছি দিন বটলত ভৰাই থলেই নিচা বেছি হৈ গৈ থাকিব! ইয়াক Maintain কৰিব লাগিব, সাৰ পানী দি থাকিব লাগিব। আকৌ, “তেজৰ সম্পৰ্কই নিজলৈকে টানে” বুলি কোৱা কথাষাৰ ও সন্দেহৰ আৱৰ্তত !
আচলতে গোটেই পৃথিৱীখন এখন সম্পৰ্কৰ বজাৰ। কোনোবাই কিনে কোনোবাই বিক্ৰী কৰে। চেমিনাৰৰ চেচন্চ বিলাকৰ দৰে আমি সম্পৰ্কবোৰ চলাই থাকো। বৃত্ত্বিগত , সামাজিক, ব্যক্তিগত ইত্যাদি ইত্যাদি। অথচ দিনটোৰ গোটেইকেইটা চেছনতে আমি ভাৱি থাকো নিজৰ বিষয়ে কেৱল “মই আৰু মই”।
বৰ বেছি স্বাৰ্থপৰ পৃথিৱীখনত এতিয়া সম্পৰ্কই মূল্য (consideration) ভৰিব লগা হয়েই। তাত আপত্তি কাৰো নাই। মাথো আমি সম্পৰ্কৰ নামত ‘সম্পৰ্ক’ক অপমান কৰি আছো। সেয়াহে চিন্তনীয়।
কথাবোৰ অতি নঞাৰ্থক যেন লাগে। যিকোনো নঞাৰ্থক চিন্তাই ফ্ৰাষ্ট্ৰেচন আনে। সেয়েহে আমি পাৰ্যমানে চেষ্টা কৰো সম্পৰ্কত ইনভেষ্ট কৰিবলৈ।কেতিয়াবা সময়, আবেগ, বিশ্বাস আৰু কেতিয়াবা স্বাৰ্থ ! তেনেকৈয়ে সম্পৰ্কবোৰ চলি থাকে। কাৰণ আমি জীয়াই থাকিব বিচাৰো। জীয়াই থকাৰ খাদ্য এই সম্পৰ্কবোৰ।
হোৱাট ইজ্ ৰিলেশ্বনচিপ??
সম্পৰ্কৰ কোনো সংজ্ঞা নাই !