উচ্চতৰ মাধ্যমিক পঢ়ি উঠাৰ অলপ দিনৰ পাছতেই ‘দৈনিক জনমভূমি’ বাতৰি কাকতৰ সম্পাদকলৈ মই এখন চিঠি লিখিছিলো। মনৰ কেইটামান প্ৰশ্ন সুধি লিখা চিঠিখন পিছদিনাৰ কাকতত প্ৰৱন্ধ আকাৰে ওলাইছিল। শিৰোনাম দিয়া হৈছিল ” সকলো সন্তানে মাক- দেউতাকক ভাল নাপাবও পাৰে”।সেইবয়সৰ অপৈণত মগজু আৰু আবেগিক মনৰ খুদুৱনিত মই কিয় জানো বাতৰি কাকতৰ কোনোদিন নেদেখা সম্পাদক জনক বেছি আপোন বুলি ভাৱিছিলো।
প্ৰায় আঢ়ৈ বছৰীয়া এটি সন্তানে এদিন তাইৰ মাকক সোধা মোৰ মনত পৰে” মা, তুমি মোক বেছি ভাল পোৱানে ভণ্টিক?” মাকে নিৰ্বিকাৰ ভাৱে উত্তৰ দিছিল “তোমালোকৰ দেউতাক”। কণমানি জনী বৰ হতাশ হৈছিল মাকৰ উত্তৰত। দুবছৰ বয়সতে ভনীয়েকৰ লগত মাক দেউতাকৰ মৰম ভাগ বতৰা কৰিব লগা হোৱা ছোৱালীজনীয়ে বিচাৰিছিল তাইকে বেছি ভাল পায় বুলি শুনিবলৈ। তাই অতি কম বয়সতে মৰম নোপোৱাৰ অনিশ্চয়তাত ভুগিছিল। ভয় খাইছিল কিজানি ভনীয়েক হোৱাৰ পাছত মাক দেউতাকে তাইক কম মৰম কৰা হয়!কণমানিজনীৰ মনৰ অৱস্থাটো অনুধাৱন কৰি তাইৰ কথাবিলাকৰ উচিত উত্তৰ দিব পাৰে কেৱল মাক দেউতাকেহে। এইক্ষেত্ৰত মাক দেউতাকৰ অকণমান অমনোযোগিতা বা অৱহেলাই সন্তানৰ মনত বিৰূপ প্ৰভাৱ পেলোৱাতো স্বাভাৱিক। এটাতকৈ বেছি সন্তান থকা পৰিয়ালত ই এক গতানুগতিক কথা। অথচ এই গতানুগতিকাই সন্তানক অবাধ্য আৰু উশৃংখল হোৱাত সহায় কৰে। বিশেষকৈ আজিৰ ল’ৰা ছোৱালীয়ে মনৰ খুদুৱনি মাৰিবলৈ বাতৰি কাকতৰ সম্পাদকলৈ চিঠি নিলিখে। তেওঁলোকৰ অস্থিৰ আৰু অতি আৱেগিক বয়সে ভালপোৱা বহু কাম আজিৰ পৃথিৱীত সহজলভ্য যি স্ববিৰোধী তথা সমাজ বিৰোধী।
একেটা মুদ্ৰাৰ সিপিঠিতে আৰু এটা স্পৰ্শকাতৰ কথাই সন্তানৰ মনক আন্দোলিত কৰিব পাৰে। মোৰ এগৰাকী বান্ধবী গৈছিল উচ্চ শিক্ষাৰ বাবে বিদেশলৈ ৩ মাহৰ বাবে ।সেইসময়ত তেওঁৰ নৱজাতক শিশুটিৰ বয়স হৈছিল মাত্ৰ ৬ মাহ। পৰিয়ালৰ সৈতে থৈ যোৱা শিশুটিৰ লালন পালনত কোনো হেৰফেৰ হোৱা নাছিল। কিন্তু সেই কথাটোৱে পৰিয়ালৰ বাহিৰৰ মানুহখিনিক যেন গচ্চিপৰ টেষ্টি ট’পিক এটাহে দিলে। বান্ধবী জনী ঘূৰি অহাৰ পাছত তেওঁৰ কাণ ঘোলা কৰা কথাটো হ’ল যে “সন্তানটিৰ নামতহে তেওঁ জন্মদাত্ৰী। প্ৰকৃততে সি মাকৰ প্ৰশ্ৰয় নোহোৱাকৈয়ে ডাঙৰ হৈছে আৰু আগলৈও মাকক সি নিবিছাৰে।” কোনো কোনোৱে আকৌ আৰু এখোপ ওপৰলৈ গৈ কৈয়ে দিলে ” সি মাকক ভাল নাপায়। দেউতাক বেছি প্ৰিয়”। তৃতীয় পক্ষৰ এনেকুৱা জাজমেণ্টেল কথা বতৰাই মোৰ বান্ধৱীক প্ৰভাৱ পেলাব নোৱাৰিলে।কিন্তু ল’ৰাটোৱে ডাঙৰ হৈ ঠিকেই সুধিবলৈ ধৰিলে” তুমি মোক ভাল নোপোৱানেকি”!
এনেধৰণৰ আলোচনাবোৰৰ মূলতে শিশু সকলৰ মনস্থত্বক উপলদ্ধি কৰা। শিশু অৱস্থাত ঘৰখন বা পৰিবেশে তেওঁলোকৰ মনত যি পভাৱ পেলায়, আজীৱন তেওঁলোকে তাৰ পৰিণতি লগত কঢ়িয়াই ফুৰে। ইয়াৰ ফলাফল যেতিয়া সোঁতৰ বিপৰীতে হয়, আমি সন্তানক দোষ দিওঁ। পথভ্ৰষ্ট হোৱাৰ আৰোপ সমাজক দিওঁ।
এটি কণমানিয়ে মনৰ মাজত এখন সৰু পৃথিৱী কঢ়িয়াই ফুৰে। মৰম আৰু নিৰাপত্তাহীনতাই তেওঁলোকৰ পৃথিৱীখনত ভয় আৰু অনাস্থাৰ জন্ম দিয়ে। ফলত তেওঁলোক অকলশৰীয়া হৈ ডাঙৰ হ’বলৈ ধৰে।