VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

“মাছ ডিপ্ৰেচন” ৰ শেষ ক’ত !

ববিতা শইকীয়া by ববিতা শইকীয়া
March 18, 2022
in অভিমত
“মাছ ডিপ্ৰেচন” ৰ শেষ ক’ত !
0
SHARES
37
VIEWS
Share on FacebookShare on Twitter

কমলাৰ বেপাৰী আৰু গ্ৰাহকৰ মাজত দৰদামৰ কথা বতৰা দেখি প্ৰায়ে ভৱা যায় ‘কোন সচাঁ!’বেপাৰীজনে লব বিচৰা দামটো নে গ্ৰাহকজনে দিব বিচৰা দামটো!
একেটা প্ৰশ্নই বাৰে বাৰে খুন্দিয়াই থাকে মগজুত। কোন সঠিক??
প্ৰতিযোগিতাৰ দৌৰত হৰা জিকা নে জীৱনৰ পৰা হৰা জিকাক একাষৰীয়া কৰা!কি সচাঁ? ধৰ্ষিতাৰ যোনীৰে বৈ যোৱা তেজৰ চেকুঁৰা নে ধৰ্ষণকাৰী পুত্ৰৰ মৃতদেহত বাগৰি কন্দা মাতৃৰ চকুলো!
জনপ্ৰিয়তাৰ হিচাপ নিকাচত ও একেই খেলিমেলি! বেছি সত্য কোন? ফেচবুক, টুইটাৰ, ইনষ্ট্ৰাগ্ৰাম নে প্ৰকৃত সামাজিক পৰিচয়! মিলিয়ন ফ’ল’ৱাৰচ থকা থকা মৰম লগা ছোৱালিজনীয়ে কিয় কৰে আত্মহত্যা! দুদিনলৈ গৃহবন্দী মৃতদেহৰ খবৰ কোনেও নললে? বন্ধুহীন জনপ্ৰিয়তাৰ অৰ্থ ক’ত!গৰ্ভৱতী পত্নীৰ বুকুত গুলিয়াব পৰাজন ভীৰু নে সাহসী!
জানিবৰৈ মন যায় লাজ নিবাৰণৰ বাবে গছৰ বল্ক পৰিধান কৰাৰ পৰা এতিয়ালৈকে এই সুদীৰ্ঘ বিবৰ্তনৰ কিবা অৰ্থ আছে নেকি যেতিয়া হিজাব অথবা চুটি কাপোৰ পিন্ধাক লৈ আমি বিতৰ্ক কঁৰো! বিতৰ্ক মানে কি সিয়ো এক উত্তৰহীন প্ৰশ্ন। একপক্ষীয় সিদ্ধান্তই বিতৰ্কক উপহাস কৰে। প্ৰকৃতিয়ে আমাক বাৰে বাৰে সোঁৱৰাই দিছে তোমালোক শ্ৰেষ্ঠ নহয়। তোমালোকৰো হ’ব পাৰে মতিভ্ৰম। সেয়ে তুমি সভ্যতাৰ চূড়ান্ত শিৰত ৰৈ যুদ্ধ কৰিছা। ঈশ্বৰৰ অট্টহাস্য তুমি নুশুনা!
গণতন্ত্ৰৰ শ্ৰেষ্ঠতম পৃষ্ঠভূমি বুলি অভিহিত ইংলণ্ডত এটা প্ৰবাদ আছে “তোমাৰ অধিকাৰ সিমানৈলৈকেহে বিস্তৃত য’ত দ্বিতীয় এজন নাগৰিকৰ নাকটো আৰম্ভ হৈছে”। অৰ্থাৎ তোমাৰ লাঠিডাল ঘূৰাঁওতে তুমি সাৱধান হ’বই লাগিব যাতে বেলেগৰ নাকটো নাভাগে। অথচ সেইদেশৰে মেগ্‌নাকাৰ্টাক অনুসৰণ কৰা ভাৰতীয় সংবিধানৰ কি অৱস্থা!
অতিকে নিঃকিন বুলি ভৱা নিগনিটোৰ দৰে আমি কেৱল দৌৰিছো। কিন্তু ক’লৈ?শেষ আছেনে?
একেবোৰ প্ৰশ্নই যেতিয়া সমাজক থকা সৰকা কৰে তেতিয়া ই কেৱল প্ৰশ্ন হৈ নাথাকে। ই হৈ পৰে “মাছ ডিপ্ৰেচন” অথবা “গণ হতাশা”। মাছ ডিপ্ৰেচনৰ বলি কেৱল এটা জাতি বা এখন দেশ হৈ থকা নাই। সমগ্ৰ পৃথিৱীলৈ বিয়পিছে ইয়াৰ লক্ষণ।
তথাপি আমাৰ আশা ভাল দিন আহিব! বিশ্বশ্ৰেষ্ঠ গ্ৰন্থ “গীতা” ৰচিত হৈছিল এনে এক হতাশা ভৰা পৰিৱেশতেই। কুৰুক্ষেত্ৰৰ যুদ্ধভূমি এৰি যাব খোজা বীৰ যুদ্ধা অৰ্জুনক বুজাইছিল ভগৱান কৃষ্ণই। কৃষ্ণৰ অভয় বাণীৰেই লিখিত ৰূপ “গীতা” আজি সৰ্বতে চৰ্চিত।
আমি নিশ্চয়কৈ মুক্ত হ’ব পাৰিম মাছ ডিপ্ৰেচনৰ পৰা ।গণহতাশাৰ শেষ হ’ব সেইদিনাই যিদিনা আমি সঁচা আৰু মিছা, শুদ্ধ আৰু অশুদ্ধৰ যথাযথ উত্তৰ বিছাৰি উলিয়াব পাৰিম। সুস্থ গণতন্ত্ৰই দিব আমাক সঠিক উত্তৰ।

Previous Post

কাশ্মীৰ ফাইলছৰ পৰিচালক বিবেক অগ্নিহোত্ৰীলৈ ‘ৱাই’ শ্ৰেণীৰ নিৰাপত্তা , ছ’চিয়েল মিডিয়াত লাভ কৰিছিল ভাবুকি

Next Post

কামাখ্যা গে’টত ট্ৰেইনৰ খুন্দাত নিহত মাতৃসহ দুই সন্তান

Related Posts

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী
অভিমত

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী

August 15, 2024
কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত
অভিমত

কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত

January 26, 2024
সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ
মুখ্য সংবাদ

সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ

October 4, 2023
বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ
অভিমত

বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ

August 21, 2023
আহল বহল চিন্তাবোৰ
অভিমত

আহল বহল চিন্তাবোৰ

July 28, 2023
আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?
অভিমত

আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?

April 1, 2023
Next Post
কামাখ্যা গে’টত ট্ৰেইনৰ খুন্দাত নিহত মাতৃসহ দুই সন্তান

কামাখ্যা গে’টত ট্ৰেইনৰ খুন্দাত নিহত মাতৃসহ দুই সন্তান

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7