গুলমাৰ্গত আমি থকা হোটেলখনৰ গেটৰ বাহিৰত আদঢ়ীয়া লোক কেইজনমানে চক্লেট, চিপ্চ, বৰফত পিন্ধা জোতা আদি হাতত লৈ ৰৈ আছিল। আমি ৰাতিপুৱা হোটেলৰ পৰা বাহিৰলৈ ওলোৱাৰ লগে লগে বস্তুবোৰ কিনিবলৈ আৰু জোতা ভাড়াত লবলৈ কাকূতি মিনতি কৰিছিল। খুব কম দামতে জোতাবোৰ ভাড়াত দি মানুহবোৰ পুনৰ ফুৰি ঘূৰি অহালৈ হোটেলৰ বাহিৰতে ঘণ্টা ঘণ্টা ধৰি অপেক্ষা কৰিছিল তেওঁলোকে।
অপূৰ্ব সুন্দৰ গুলমাৰ্গৰ অলিয়ে গলিয়ে আমি এনেয়ে খোজ কাঢ়ি ফুৰিছিলো। ছবিৰ দৰে ধুনীয়া ঠাইখন জেকেটৰ পকেটত সোমোৱাই অনাৰ ইচ্ছাই ব্যাকুল কৰিছিল। জনবসতি অত্যন্ত পাতল ঠাইখনিত প্ৰায় ৬০/৭০ বছৰীয়া এজন লোকে ঘোঁৰা এটা এহাতেৰে টানি টানি আমাক আগভেটি ধৰিছিল। আমাক ঘোঁৰাত উঠাই হোটেলত থৈ অহাৰ বিনিময়ত ৫০/- বিচাৰিছিল তেওঁ । মই অনিচ্ছা স্বত্তেও উঠিছিলো। ঘোঁৰাৰ পৰা নামি ১০০/- এখন হাতত তুলি দিছিলো। সোলা মুখখনত ওলোৱা সন্তুষ্টিৰ হাহিঁয়ে আজিও মোক সুখী কৰে।
এখন সৰু কাঠৰ দোকানত চাহ (Kahwa )বিক্ৰী কৰা ল’ৰাকেইজন বলিউদৰ ষ্টাৰতকৈ হাজাৰ গুণ ধুনীয়া আছিল । হিন্দী উচ্চাৰণ ও আছিল অতি স্পষ্ট। ধেমালিতে কৈছিলো কিয় বলিউডলৈ নোযোৱা ! দেখিলেই তোমাক চিনেমাত লৈ লব। ল’ৰাজনৰ হুমুনিয়াহভৰা কথাষাৰ কাণত বাজি থাকে আজিও ‘কাশ্মীৰি বুলিলে সকলোৱে আমাক সন্দেহৰ চকুৰে চায়। বহুবাৰ চেষ্টা কৰিও বাহিৰৰ পৰা পুনৰ ঘূৰি আহি কাশ্মীৰতে আছোহি। B.sc পাছ কৰিও সৰু চাকৰি এটা পোৱা নাই। চাহৰ দোকানত কিবা ভৱিষ্যত আছে জানো। খুব কম টুৰিষ্টেহে চাহ খায়’!
বৈষ্ণুদেৱী মন্দিৰৰ পৰা ঘূৰি অহা লোকক ২০/- টকাৰ বিনিময়ত ভৰি পিটিকিবলৈ বহি থকা ওখ পাখ সুঠাম মানুহকেইজনক দেখি বকুখনে হাঁহাকাৰ কৰি উঠিছিল। পত্নীটপ ত এজন ড্ৰাইভাৰে কৈছিল ‘ গোটেই পৃথিৱীয়ে চাবলৈ অহা কাশ্মীৰৰ বৰফ আমাৰ বাবে কাল। বৰফৰ বাবেই একো কাম কৰিব নোৱাৰি !’
সন্ধিয়া হোটেললৈ কেইজনমান ল’ৰা ছোৱালীৰ এটা মিউজিকেল গ্ৰুপ আহিছিল। কাশ্মিৰী পোছাক পিন্ধি ছোৱালী কেইগৰাকীয়ে নাচিছিল। ৰঙা ৰঙা গালৰ অত্যন্ত ধুনীয়া ছোৱালী কেইজনীয়ে নাচি থাকোতে তেওঁলোকৰ নিস্প্ৰভ দুচকু হতাশাই আৱৰি ৰখা দেখিছিলো। ল’ৰাকেইজনে অতি বিষাদভৰা কণ্ঠেৰে গাইছিল”…কাশ্মীৰ লৌতা দে দৌবাৰা…”
মই কথা পতা প্ৰতিজন কাশ্মীৰিয়েই আছিল উদাসীন। পেটৰ ভোক গুচাবলৈ টুৰিষ্ট অহালৈ বাট চাই থকা মানুহবোৰক তেওঁলোক হিন্দু নে মুছলমান সোধাৰ প্ৰয়োজনবোধ কৰা নাছিলো। তেওঁলোকৰ এটায়ে ধৰ্ম ‘দুখীয়া’! অথচ তেওঁলোকক লৈ আমি ৰাজনীতি কৰোঁ!
হিন্দু মুছলমান নিৰ্বিশেষে কেৱল কৰ্মকে ধৰ্ম বুলি ভৱা কাশ্মীৰিসকল সুখী নহয় । ভূ-স্বৰ্গত জন্ম হৈও তেওঁলোক অসহায়।
কাশ্মীৰক লৈ যেতিয়া সংসদ উত্তাল হয়, চিনেমা হলত কান্দোনৰ ৰোল উঠে, সংবাদ মাধ্যম গৰম হৈ থাকে, মোৰ মনত পৰে ৰাষ্টাৰ দাঁতিত বৰফত লাগি ধৰা গাড়ী ঠেলিবলৈ ৰৈ থকা আৰ্য দেৱতাৰ দৰে চেহেৰাৰ ডেকাকেইজনলৈ। দৃশ্যটো অতি খাপচৰা আৰু হতাশাভৰা।
সমগ্ৰ বিশ্বৰ দৃষ্টি নিৱদ্ধ তেওঁলোকৰ ওপৰত, অথচ কিমান নিঃসংগ তেওঁলোক। দুখীয়া, অকলশৰীয়া, এলাগী আৰু অসুখী! কাশ্মিৰীসকল সুখী নহয়!