ভাদ মাহ অতি পৱিত্ৰ মাহ। গোটেই মাহটোতে নাম-কীৰ্তনেৰে মুখৰিত হৈ থাকে সত্ৰ ,নামঘৰৰ আকাশ-বতাহ। মহাপুৰুষ দুয়োজনাৰে তিথি এই পৱিত্ৰ ভাদ মাহ। ভগবন্ত শ্ৰী কৃষ্ণৰ জন্ম মাহত গোটেই ভাৰত বাসীয়ে জন্মাষ্টমী পালন কৰাৰ লগতে অসমবাসীও পালন কৰি আহিছে কৃষ্ণ জন্মৎসৱ বা জন্মাষ্টমী উৎসৱ। অসমত জন্মাষ্টমী পালনত অসমীয়া মহিলা সকলে অতি বিস্তৃতভাৱে জন্মাষ্টমী বিভিন্ন লোকাচাৰ আৰু লোকানুষ্ঠানেৰে পালন কৰি ভক্তি আৰু আনন্দ প্ৰকাশ কৰে।
” আজি ৰাতি শিলা বৰষিলে
নুশুনো প্ৰজাৰে মাত
পালি -প্ৰহৰিয়া সৱে নিদ্ৰা গ’লে
উপজিলে জগন্নাথ ”
শ্ৰী কৃষ্ণ পৰম পুৰুষ ঈশ্বৰ কৃষ্ণ। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰীক মানৱ মূৰ্তি কৃষ্ণৰ অলৌকিক জন্মক কেন্দ্ৰ কৰিয়েই ভাৰতীয় জন-জীৱনৰ মাজত অতি প্ৰাচীন কালৰে পৰাই সম্ভৱত কৃষ্ণৰ জন্মৰ সময়ৰে পৰাই সৃষ্টি হৈছে ভক্তি আৰু আনন্দৰ লোক-উৎসৱ জন্মাষ্টমী।
অসমতো অসমীয়াই মহা আনন্দৰে শ্ৰী কৃষ্ণৰ জন্মতিথি জন্মাষ্টমী পালন কৰে। অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে একশৰণ ভাগবতী বৈষ্ণৱ ধৰ্মৰ মূল তত্ত্ব আৰু ভক্তিৰ প্ৰচাৰৰ উদ্যেশ্য আগত ৰাখি অসমৰ বৈষ্ণৱ সমাজত ভাদ মাহৰ অষ্টমী তিথিত স্বকীয় পৰম্পৰাৰে পালন কৰে শ্ৰী হৰি বিষ্ণুৰ পূৰ্ণ অৱতাৰ শ্ৰী কৃষ্ণৰ জন্ম অথাৎ জন্মাষ্টমী। বিশাল বৈষ্ণৱ সাহিত্যত শ্ৰী কৃষ্ণৰ চৰিত্ৰই কেন্দ্ৰীভূত হৈ আছে। ইয়াৰ এনে মোহনীয় শক্তি আছে , যাৰ ফলত মানুহে জন্মান্তৰীয় সুখ-দুখৰ বাসনা পাহৰি ভক্তিত আত্মহাৰা হবলৈ বাধ্য হয়।
গুৰুজনাই তেখেতৰ সাহিত্য কীৰ্তন -দশমত অতি সুন্দৰকৈ প্ৰকাশ কৰিছে ভগৱন্তৰ পূৰ্ণ ৰূপ শ্ৰী কৃষ্ণৰ জন্ম বৃত্তান্তৰ পৰা আৰম্ভ কৰি তেওঁৰ অনেক লীলা -কৌতুকৰ মনোমুগ্ধকৰ কাহিনী। অকল এয়াই নহয় এই কাহিনী বোৰৰ মাধ্যমেদি সৰ্বসাধাৰণক ধৰ্ম ,ভক্তি ,জ্ঞান আৰু আনন্দ দিয়াৰ অৰ্থে সৰ্বভাৰতীয় সাংস্কৃতিক পৰম্পৰাৰে অসমত প্ৰৱৰ্তন কৰিছিল শ্ৰীকৃষ্ণ সমন্ধীয় অনেক উৎসৱ পাৰ্বন। ইয়াৰে এটা মিঠা ফল অসমত জন্মষ্টমী পালন। কালক্ৰমত জন্মাষ্টমীয়ে অসমৰ নামঘৰ ,সত্ৰ তথা বৈষ্ণৱ ধাম আদিত প্ৰধান উৎসৱ হিচাপে জাকজমকতাৰে পালিত হৈ এটি লোক উৎসৱলৈ পৰিৱৰ্তিত হ’ল।
ভগবান শ্ৰী কৃষ্ণৰ জীৱন আৰু কৰ্মই ভাৰতবৰ্ষৰ সমাজ জীৱনক যুগে যুগে বিমুগ্ধ কৰি ৰাখিছে। শ্ৰী কৃষ্ণ যেন আমাৰ ত্ৰাণ কৰ্তা । শ্ৰী কৃষ্ণ যেন আমাৰ সকলোৰে আপোন , সকলোৰে মৰমৰ। ভাৰতীয় সংস্কৃতিত ভগবান শ্ৰীকৃষ্ণ সম্পৰ্কীয় কেইবাটাও উৎসৱ -অনুষ্ঠান উদযাপন কৰা হয়। শ্ৰী কৃষ্ণৰ জন্মৰ লগত সংগতি ৰাখি জন্মাষ্টমী পালন কৰাৰ উপৰিও নন্দোসৎৱ , পাচেতি ,দৌল বা ফাকুৱা , ঝুলন যাত্ৰা , ৰাস আদি পালন কৰা হয়। সমগ্ৰ ভাৰতবৰ্ষতে লোক সাহিত্যৰ পৰা লিখিত সাহিত্য দুয়োটাতে শ্ৰী কৃষ্ণই বিশেষ ভূমিকা গ্ৰহণ কৰিছে।
অসমীয়া লোকগীতত ভগৱান শ্ৰী কৃষ্ণ সততে বিদ্যমান। আমাৰ সমাজ জীৱনত শ্ৰী কৃষ্ণৰ প্ৰভাৱ অপৰিসীম। শৈশৱতে মাতৃৰ কোলাতে শুনিবলৈ পোৱা শ্ৰী কৃষ্ণৰ অলৌকিক কাহিনী বোৰে আমাক আকৰ্ষিত আৰু ৰোমাঞ্চিত কৰি তোলে। অসমীয়া বিয়াগীত বোৰত শ্ৰী কৃষ্ণ জড়িত থকা দেখিবলৈ পোৱা যায়-
” তৃতীয় প্ৰহৰ ৰাত্ৰি ফুলি আছিল জ্যোতি
উঠা ৰাধা গুণৱতী কৃষ্ণক কৰা স্তুতি।
চতুৰ্থ প্ৰহৰ ৰাত্ৰি ফুলি আছে দেৱা
উঠা ৰাধা গুণৱতী কৃষ্ণক কৰা সেৱা।”
পচতি বা পাচেতিৰ গীত সমূহ শ্ৰী কৃষ্ণক লৈয়েই ৰচনা কৰা হৈছে-
” ঘিউৰ বাটি লৈ কৃষ্ণক মাতোগৈ
ঘিউৰ বাড়ি লৈ কৃষ্ণক মাতোগৈ।”
গোৱালপৰীয়া লোকগীতত ৰাধা-কৃষ্ণৰ প্ৰেমৰ বিষয়ে উল্লেখ আছে-
” আৰ নাবাজান বাশী কালাৰে
ঐনা কদমৰ ডালে
তোৰ কালাৰ বাঁশীৰ সুৰে
মন নাৰয় মোৰ ঘৰে ৰে।”
কামৰূপী লোক-গীতসমূহত শ্ৰী কৃষ্ণৰ কথা বহুল পৰিমাণে দেখিবলৈ পোৱা যায়-
” যমুনাৰ বালিতে কাণাই বহি আছে
মাথাৰে মুকলি চুলি
সিপাৰৰ পৰা ৰাধাই ডাক দিলা
মোকে পাৰ কৰা বুলি। ”
ফাকুৱাৰ গীতত শ্ৰী কৃষ্ণ নহ’লেই নহয়। ফাকুৱা বা দৌল বা হোলী উৎসৱ আদিত শ্ৰী কৃষ্ণৰ কাহিনী জড়িত হৈ আছে-
” যেকাৰণে জন্মিলা প্ৰভু দৈৱী উদৰে।
আকাশতে দেৱগনে পুষ্পবৃষ্টি কৰে
বাসুদেৱে নিয়া থৈলা নন্দেৰ মন্দিৰে
নন্দৰ আলয়ে কৃষ্ণ বাড়ে দিনে দিনে। ”
পৰিশেষত ক’ব পাৰি সৰ্ব ভাৰতীয় পটভূমিত অসমত যদিও জন্মাষ্টমী পালন কৰা হয় , তথাপি অসমৰ নামঘৰ ,সত্ৰ ,কীৰ্তন ঘৰ ,হৰি মন্দিৰ আদিত উদযাপন হোৱা জন্মাষ্টমী শ্ৰী শংকৰ দেৱৰ নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱেৰে প্ৰভাৱান্বিত হোৱা অসমীয়া স্বকীয় লোকাচাৰ আৰু লোকানুষ্ঠানৰ এটি জীৱন্ত লোক উৎসৱ।