VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ধুনীয়া বিদ্যালয়ে শিশুক আকৰ্ষিত কৰে

ববিতা শইকীয়া by ববিতা শইকীয়া
September 13, 2022
in অভিমত
ধুনীয়া  বিদ্যালয়ে শিশুক আকৰ্ষিত কৰে
0
SHARES
65
VIEWS
Share on FacebookShare on Twitter

মেঘালয়ৰ পশ্চিম গাৰো হিলচ্‌ জিলাৰ আৰক্ষী অধীক্ষক জনক লগ পাইছিলো অলপ দিনৰ আগতে। বিভিন্ন কথাৰ মাজতে মই সুধিছিলো তেখেতক যে মেঘালয়ৰ চৰকাৰী বিদ্যালয় সমূহ কেনেকুৱা? অসমত দেখোন বহু বিদ্যালয় বন্ধ কৰি পেলোৱাৰ আলোচনা চলি আছে। আই.পি.এছ. বিষয়া জনে লগে লগে মোক কিছুমান ফটো দেখুৱালে। বৰ ধুনীয়া ধুনীয়া খেলা বস্তু, কিতাপ, বেগ আদি বস্তুৰে ভৰি থকা এখন বৰ ধুনীয়া বিদ্যালয়ৰ ফটো। ফুল গছেৰে ভৰি থকা বিদ্যালয় খন দেখিলেই মুখত নিজে নিজেই হাঁহি ওলাই আহিব।
তেখেতে কথা প্ৰসঙ্গত ক’লে যে মাত্ৰ ১৯ জন ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী এতিয়া ৫০ জনলৈ বৃদ্ধি হৈছেগৈ। ইয়াৰ মূলতে নতুনকৈ গঢ়ি তোলা বিদ্যালয়ৰ সুন্দৰ পৰিৱেশ আৰু ভিন্‌ ভিন্‌ খেলা বস্তুৰে ভৰি থকা বিদ্যালয় গৃহটো। পঢ়া -শুনাৰ বাহিৰেও খেলা বস্তু আৰু দেখিবলৈ এখন ধুনীয়া বিদ্যালয়ে কণ কণ ল’ৰা-ছোৱালীক বিদ্যালয়লৈ যাবলৈ আকৰ্ষিত কৰে। এই বিদ্যালয়খনলৈ আৰক্ষী অধীক্ষক জনে নিজৰ দৰমহাৰ পইচাৰে বস্তুবোৰ দিছে। আচলতে গোটেই বিদ্যালয় খনৰ দায়িত্বই তেওঁ লৈ লৈছে।
বহুতো ল’ৰা ছোৱালী এতিয়াও বিদ্যালয়ৰ পৰা বহু যোজন দূৰৈত। কেৱল দুখীয়া বুলিয়েই নহয়, বহুক্ষেত্ৰত বিদ্যলয় খনে ল’ৰা ছোৱালীক আকৰ্ষিত কৰিব নোৱাৰাৰ বাবেও বহু ল’ৰা ছোৱালী বিদ্যালয়লৈ আহিব নিবিচাৰে। সৰু সৰু ল’ৰা ছোৱালীৰ মনবোৰক আকৰ্ষিত কৰিব পৰাকৈ আমি বিদ্যালয়ৰ পৰিবেশ ৰচনা কৰিব পাৰো।
আৰক্ষী বিষয়াজনৰ আগ্ৰহ আৰু উদাৰতাই বহু ল’ৰা ছোৱালীৰ জীৱনৰ পথ সলনি কৰিব পাৰে। তেওঁকে দেখি আন আন কেইবাজনো বিষয়াইও একো
একোখন বিদ্যালয় এডপ্ত কৰিবলৈ সিদ্ধান্ত লোৱা বুলি তেওঁ জনালে। পঢ়া শুনাৰ বাহিৰেও একোটা শিশু বন্ধুতসূলভ পৰিৱেশ দিয়াটোৱেই তেওঁলোকৰ উদ্দেশ্যবুলি তেওঁ ক’লে। কথাৰ মাজতে তেওঁক ধন্যবাদ জনালো এটা বেলেগ কাৰণত। তেওঁ অসমৰ বানবিধ্বস্ত লোকলৈ এমাহৰ দৰমহা আগবঢ়াইছিল বুলি বাতৰি পাইছিলো কিছুদিন আগতে। যিকি নহওক তেওঁৰ এনেধৰণৰ কামৰ উদাহৰণে আনকো উৎসাহিত কৰিব পাৰিব।

দিল্লীৰ বিদ্যালয় সমূহত ‘হেপ্পীনেছ্‌ ক্লাচ’ ৰ ব্যৱস্থা কৰা হৈছে। ২০১৮ চনৰ পৰা আৰম্ভ হোৱা ‘হেপ্পীনেছ্‌ ক্লাচ’ সমূহ নাৰ্চাৰী ক্লাছৰ পৰা সপ্তম মান শ্ৰেণীলৈকে আছে। শিশুক বিদ্যালয়লৈ অহাৰ প্ৰতি আগ্ৰহী কৰি তোলাত এই ক্লাচ সমূহে সহায় কৰে।
অসমৰ বহু চৰকাৰী বিদালয়ৰ বহু শিক্ষকে নিজৰ সাধ্যানুসৰি বিদ্যালয় সমূহ শিক্ষাৰ্থীৰ বাবে আকৰ্ষণীয়কৈ সজাবলৈ চেষ্টা নকৰা নহয়। অন্যহাতে দুখীয়া আৰু অনাথ ল’ৰা ছোৱালীক পঢ়াই শুনাই উপযুক্ত কৰি তোলা বহু লোোক অসমত আছে। তথাপি আৰু যেন কৰিবলগা আমাৰ আছে। আৰ্থিক ভাৱে স্বচ্ছল লোকসকলে এটা দুটা ল’ৰা ছোৱালীৰ শিক্ষা বা একোখন চৰকাৰী বিদ্যালয় আকৰ্ষণীয়কৈ গঢ়ি তোলাৰ দায়িত্ব যদি ল’ব পাৰে, বহু ল’ৰা ছোৱালীৱে বিদ্যালয়লৈ যোৱাৰ পথ দেখা পাব। এই দায়িত্ব যদিওবা চৰকাৰৰ হয়, তথাপি আমিও কাৰোবাৰ জীৱনলৈ অকণমান পোহৰ অনাৰ সুবিধাকণ লোৱাত আপত্তি থাকিব পাৰে জানো! বিশেষকৈ চৰকাৰী বিদ্যালয়সমূহ য’ত সমাজৰ সকলো শ্ৰেণীৰ ল’ৰা ছোৱালী পঢ়িবলৈ যায়।
সমাজৰ শেষৰজন শিশুৱেও যাতে হাঁহি হাঁহি বিদ্যালয়লৈ যায়, তাৰবাবে চৰকাৰী বিদ্যালয়সমূহ আকৰ্ষণীয় কৈ জীয়াই ৰাখো আহক।

Previous Post

ভাৰতবৰ্ষৰ ভিতৰতে কাঠৰ নাঁৱৰ ওপৰত থকা বৃহত্তম ৰেষ্টুৰেণ্ট ‘কাঞ্চনজংঘা’

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী
অভিমত

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী

August 15, 2024
কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত
অভিমত

কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত

January 26, 2024
সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ
মুখ্য সংবাদ

সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ

October 4, 2023
বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ
অভিমত

বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ

August 21, 2023
আহল বহল চিন্তাবোৰ
অভিমত

আহল বহল চিন্তাবোৰ

July 28, 2023
আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?
অভিমত

আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?

April 1, 2023
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7