দুৰ্গাৰ দ্বিতীয় ৰূপটো হ’ল ‘ব্ৰহ্মচাৰিণী’ । ব্ৰহ্ম শব্দৰ অৰ্থ তপস্যা। অৰ্থাৎ দেৱী দুৰ্গা এই ৰূপত ব্ৰহ্মচাৰিণী তথা তপ জপ আচৰণকাৰী ৰূপত বিৰাজমান। দেৱী ব্ৰহ্মচাৰিণীয়ে সোঁহাতত জপৰ মালা লয় আৰু বাওঁহাতত কমণ্ডলু ধাৰণ কৰে।
পূৰ্ব জন্মত দেৱীয়ে যেতিয়া হিমালয়ৰ কন্যাৰূপে জন্ম গ্ৰহণ কৰিছিল তেতিয়াই নাৰদৰ পৰামৰ্শ অনুসৰি মহাদেৱক পতি ৰূপে পাবলৈ কঠোৰ তপস্যা কৰিছিল। কঠোৰ তপস্যা কৰাৰ কাৰণে এই ৰূপটোক ব্ৰহ্মচাৰিণী বোলা হয়।
গ্ৰীষ্ম-বৰ্ষাৰ প্ৰখৰ উত্তাপকো আওকান কৰি দেৱীয়ে কিছু বছৰ মুকলি আকাশৰ তলত তপস্যা কৰাৰ অন্তত তিনি সহস্ৰ বছৰ গছৰ পৰা মাটিত সৰি পৰা বেলপাত ভক্ষণ কৰি শংকৰৰ আৰাধনা কৰিছিল। বেলপাত খোৱা কাৰ্য পৰিত্যাগ কৰাৰ পিছৰে পৰা এই দেৱী অৰ্পণা ৰূপেও পৰিচিত হয়। তাৰ পিছত অনেক হাজাৰ বছৰ নিৰ্জলা নিৰাহাৰে থাকি দেৱীয়ে তপস্যা কৰিবলৈ ধৰিছিল। এনে তপস্যাৰ ফলত দেৱীৰ শৰীৰ ক্ৰমে জীৰ্ণ-শীৰ্ণ কায় হৈ আহিবলৈ ধৰে। দেৱীৰ এই অৱস্থা দেখি মাতৃ মেনকা অত্যন্ত দুঃখিত হৈ দেৱীক এই কঠোৰ তপস্যাৰ পৰা আঁতৰি আহিবলৈ কয় কিন্তু দেৱীয়ে মাতৃৰ এই আহ্বান অস্বীকাৰ কৰে। তেতিয়াৰ পৰা দেৱীৰ আন এটা নাম হয় উমা।
তিনিও লোকত দেৱীৰ এই তপস্যাৰ কথা প্ৰশংসিত হ’বলৈ ধৰিলে। অৱশেষত পিতামহ ব্ৰহ্মাই দেৱীৰ তপস্যাত সন্তুষ্ট হৈ দৈৱবাণী কৰি কয়–” হে দেৱী আজি পৰ্যন্ত এনেদৰে কোনেও তপস্যা কৰ নাই। তোমাৰ আৰাধনাত আমি সন্তুষ্ট। তোমাৰ মনোকামনা পূৰ্ণ হব আৰু শংকৰকেই তুমি পতি ৰূপে পাবা। এইবাৰলৈ তুমি ঘৰলৈ উভতি যোৱা তোমাৰ পিতৃয়ে তোমাক শীঘ্ৰে নিবলৈ আহিব।”
দেৱী দুৰ্গাই ব্ৰহ্মচাৰিণী ৰূপত ভক্ত সকলক অনন্ত ফল প্ৰদান কৰে। যিয়ে ব্ৰহ্মচাৰিণী দেৱীৰ আৰাধনা কৰে তেওঁৰ ত্যাগ , বৈৰাগ্য , সদাচাৰ , সংযম আদি গুণ বৃদ্ধি হয়। কঠিন পৰিস্থিতিতো দেৱীৰ আৰাধনা কৰিলে সিদ্ধি আৰু বিজয় প্ৰাপ্তি হয়। নৱৰাত্ৰিৰ দ্বিতীয় দিনা ব্ৰহ্মচাৰিণী দেৱীৰ আৰাধনা কৰা হয়।