VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কোন ৫ খন দেশৰ সামৰিক বাহিনী বিশ্বৰ আটাইতকৈ শক্তিশালী জানেনে !!কিমান নম্বৰ স্থানত আছে ভাৰতবর্ষ ??

voicedesk by voicedesk
September 2, 2022
in অভিমত
কোন ৫ খন দেশৰ সামৰিক বাহিনী বিশ্বৰ আটাইতকৈ শক্তিশালী জানেনে !!কিমান নম্বৰ স্থানত আছে ভাৰতবর্ষ ??
0
SHARES
58
VIEWS
Share on FacebookShare on Twitter

নিজৰ ভুখণ্ডৰ অখণ্ডতা আৰু শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ প্ৰতিখন দেশে নিজৰ প্ৰতিৰক্ষা ক্ষেত্ৰখনত বৃহৎ পৰিমাণৰ পুঁজি ব্যয় কৰি আহিছে ৷ স্থলসেনা,নৌসেনা আৰু বায়ুসেনা শক্তিশালী কৰাৰ লগতে প্ৰতিখন দেশে নতুন নতুন সামৰিক অস্ত্ৰ শস্ত্ৰ অন্তভুর্ক্ত কৰি আহিছে ৷  কিন্তু  বিশ্বৰ কোনখন দেশৰ সামৰিক শক্তি আটাইতকৈ শক্তিশালী জানে ?  সহজ ভাষাত ক’বলৈ গ’লে কোনখন দেশৰ হাতত আটাইতকৈ মাৰাত্মক আৰু বিধ্বংসী অস্ত্ৰ-শস্ত্ৰ আৰু শক্তিশালী সশস্ত্ৰ বাহিনী আছে সেয়া আপুনি অৱগত নে ? এই প্ৰতিবেদনত বিশ্বৰ ৫ খন আটাইতকৈ শক্তিশালী সামৰিক বাহিনীৰ বিষয়ে আভাস দিবলৈ চেষ্টা কৰা হৈছে ৷

 

আমেৰিকা যুক্তৰাষ্ট্ৰ-

বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ আমেৰিকা সেনাবাহিনীৰ শক্তিৰ ফালৰ পৰাও শীর্ষস্থান অধিকাৰ কৰি আছে । দেশখনে সশস্ত্ৰ বাহিনীৰ বাবে সৰ্বাধিক পুঁজি  বিনিয়োগ কৰে ৷ দেশখনৰ বাৰ্ষিক প্ৰতিৰক্ষা বাজেট ৭৭০ বিলিয়ন ডলাৰ ৷  প্ৰযুক্তিগতভাৱেও আমেৰিকাৰ সেনাবাহিনী অত্যন্ত শক্তিশালী ৷

সক্ৰিয় সৈনিক: ১৩ লাখ

বাৰ্ষিক বাজেটঃ ৭৭০ বিলিয়ন ডলাৰ

মুঠ বিমানৰ সংখ্যা : ১৩,২৪৭

মুঠ সাজসজ্জিত যুদ্ধ বাহন: ৪৫,১৯৩ খন

টেংক: ৬৬১২

স্বয়ংচালিত আৰ্টিলাৰী: ১৪৯৮

টাউড আৰ্টিলাৰী: ১৩৩৯

ৰকেট প্ৰজেক্টৰ: ১৩৬৬

নৌসেনাৰ বহৰ বাহিনী: ৪৮৪

বিমানবাহী জাহাজ: ১১

হেলিকপ্টাৰ বাহক: ৯

চাবমেৰিন: ৬৮

ৰাছিয়া –

২০২২ চনৰ মাৰ্চ মাহলৈকে ৰাছিয়াৰ বিশ্বৰ ভিতৰতে দ্বিতীয় শক্তিশালী সামৰিক বাহিনী হিচাপে পৰিগণিত হৈছে । ৰাছিয়া পূর্বে  ছোভিয়েট ইউনিয়নৰ অংশ আছিল ৷  থলুৱাভাৱে  সামৰিক সঁজুলি উৎপাদন কৰা বিশ্বৰ মাত্ৰ কেইখনমান দেশৰ ভিতৰত ৰাছিয়া অন্যতম। বিশ্বৰ সকলো সেনাবাহিনীৰ ভিতৰত ৰাছিয়াত সৰ্বাধিক টেংক আৰু ৰকেট প্ৰজেক্টৰ আছে।

সক্ৰিয় সৈনিক: ৮ লাখ ৫০ হাজাৰ

বাৰ্ষিক বাজেটঃ ১৫৪ বিলিয়ন ডলাৰ

মুঠ বিমানৰ সংখ্যা: ৪,১৭৩ খন বিমান

মুঠ সাজসজ্জিত যুদ্ধ বাহন: ৩০,১২২ খন

টেংক: ১২,৪২০

স্বয়ংচালিত আৰ্টিলাৰী: ৬৫৭৪

টাউড আৰ্টিলাৰী: ৭৫৭১

ৰকেট প্ৰজেক্টৰ: ৩৩৯১

নৌসেনাৰ বহৰ বাহিনী: ৬০৫

বিমান বাহক: ১

হেলিকপ্টাৰ বাহক: ০

চাবমেৰিন: ৭০

চীন

যদি সক্ৰিয় সামৰিক বাহিনীৰ সংখ্যা বিবেচনা কৰা হয় তেন্তে শীৰ্ষস্থানত আছে চীন । বিশ্বৰ ভিতৰত চীনৰ সৰ্বাধিক জনসংখ্যা থকা দেশখনৰ বাবে এয়া স্বাভাৱিক ৷ আমেৰিকাৰ পিছতে চীনৰ বাৰ্ষিক প্ৰতিৰক্ষা বাজেট দ্বিতীয় সৰ্বাধিক। যোৱা কিছু বছৰত চীনে যথেষ্ট অগ্ৰগতি লাভ কৰিছে। বিশেষজ্ঞসকলৰ মতে অনাগত দশকত চীনা সেনা আৰু অধিক শক্তিশালী হৈ উঠিব।

সক্ৰিয় সৈনিক: ২০ লাখ

বাৰ্ষিক বাজেট: ২৫০ বিলিয়ন ডলাৰ

মুঠ বিমানৰ শক্তি: ৩,২৮৫ খন বিমান

মুঠ সাজসজ্জিত যুদ্ধ বাহন: ৩৫,০০০

টেংক: ৫২৫০

স্বয়ংচালিত আৰ্টিলাৰী: ৪১২০

টাউড আৰ্টিলাৰী: ১৭৩৪

ৰকেট প্ৰজেক্টৰ: ৩১৬০

নৌসেনাৰ বহৰ বাহিনী: ৭৭৭

বিমান বাহক: ২

হেলিকপ্টাৰ বাহক: ১

চাবমেৰিন: ৭৯

ভাৰত-

স্বাধীনতা লাভ কৰাৰ  পিছত ১৯৪৭ চনত আধুনিক ভাৰতীয় সেনাৰ সৃষ্টি হয়। ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে গ্ৰেট ব্ৰিটেইনৰ যুদ্ধ শক্তিৰ এটা অংশ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল। ভাৰতীয় সেনাই চুবুৰীয়া দেশ চীন আৰু পাকিস্তানৰ বিৰুদ্ধে  যুদ্ধত অৱতীর্ণ  হৈছে । ভাৰতীয় সেনাৰ মূল অভিযানসমূহৰ ভিতৰত অন্যতম হৈছে  সন্ত্ৰাসবাদী বিৰোধী অভিযান, শান্তিৰক্ষা আৰু সীমান্তত টহল দিয়া।

সক্ৰিয় সৈনিক: ১৪ লাখ

বাৰ্ষিক বাজেট: ৪৯.৬ বিলিয়ন ডলাৰ

মুঠ বিমানৰ সংখ্যা : ২,১৮২ খন বিমান

মুঠ সাজসজ্জিত যুদ্ধ বাহন: ১২,০০০

টেংক: ৪৬১৪

স্বয়ংচালিত আৰ্টিলাৰী: ১০০

টাউড আৰ্টিলাৰী: ৩৩১১

ৰকেট প্ৰজেক্টৰ: ১৩৩৮

নৌসেনাৰ বহৰ বাহিনী: ২৯৫

বিমান বাহক: ১

হেলিকপ্টাৰ বাহক: ০

চাবমেৰিন: ১৭ খন

জাপান-

সমগ্ৰ বিশ্বৰ সেনাবাহিনীৰ ভিতৰত সক্ৰিয় সৈনিকৰ সংখ্যাৰ হিচাপত ১৯ নম্বৰ স্থান থাকিলেও  জাপানে বিশ্বৰ শক্তিশালী সেনাবাহিনীৰ ভিতৰত পঞ্চম স্থান লাভ কৰিছে। প্ৰযুক্তিৰ ক্ষেত্ৰত অধিক বিনিয়োগ আৰু উন্নত প্ৰশিক্ষণৰ বাবেই এই স্থান প্ৰদান কৰা হৈছে । বৰ্তমান জাপানৰ সংবিধানে আন্তঃৰাষ্ট্ৰীয় বিবাদ নিষ্পত্তিৰ বাবে দেশখনক যুদ্ধ চলোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে।

সক্ৰিয় সৈনিক: ২ লাখ ৪০ হাজাৰ

বাৰ্ষিক বাজেট: ৪৭ বিলিয়ন ডলাৰ

মুঠ বিমানৰ শক্তি: ১,৪৪৯ খন বিমান

মুঠ সাজসজ্জিত যুদ্ধ বাহন: ৫৫০০

টেংক: ১০০৪

স্বয়ংচালিত আৰ্টিলাৰী: ২১৪

টাউড আৰ্টিলাৰী: ৪৮০

ৰকেট প্ৰজেক্টৰ: ৯৯

নৌসেনাৰ বহৰ বাহিনী: ১৫৫

বিমান বাহক: 0

হেলিকপ্টাৰ বাহক: ৪

চাবমেৰিন: ২১ খন

 

 

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

৫ ছেপ্তেম্বৰত ‘দি ব্ৰাদার্ছ’ৰ উদ্যোগত ‘বাদ্য সন্ধিয়া’

Related Posts

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী
অভিমত

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী

August 15, 2024
কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত
অভিমত

কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত

January 26, 2024
সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ
মুখ্য সংবাদ

সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ

October 4, 2023
বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ
অভিমত

বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ

August 21, 2023
আহল বহল চিন্তাবোৰ
অভিমত

আহল বহল চিন্তাবোৰ

July 28, 2023
আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?
অভিমত

আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?

April 1, 2023
Next Post
৫ ছেপ্তেম্বৰত ‘দি ব্ৰাদার্ছ’ৰ  উদ্যোগত ‘বাদ্য সন্ধিয়া’

৫ ছেপ্তেম্বৰত ‘দি ব্ৰাদার্ছ’ৰ উদ্যোগত ‘বাদ্য সন্ধিয়া’

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7