১৮৯০ চনৰ ১০ জুনত ব্ৰিটিছে ভাৰতত দেওবাৰৰ দিনটো সপ্তাহৰ ‘বন্ধদিন’ হিচাপে অভিহিত কৰে। কেৱল বন্ধ বুলিয়ে নহয়, কিবা শুনিলেই আলস্যৰ ভাৱ এটা মনলৈ আনি দিয়ে দেওবাৰৰ দিনটোৱে ।
ভাৰতৰ দৰে দেশৰ শীৰ্ষতম নাগৰিক বুলি অভিহিত ৰাজনৈতিক নেতা সকলে দেওবাৰৰ দিনটোত কি কৰে সততে জনা নাযায়। সম্ভ্ৰান্ত সকলেও দিনটো পৰিয়াল বা বন্ধুৰ সতে উদযাপন কৰে যেনেই ভাৱ হয়। কিছুসংখ্যকে সেইদিনটোত বিদেশত গৈ লাঞ্চ আৰু ডিনাৰ কৰি আহেগৈ বুলিও কোনোজনে গুজৱ কৰে। যিকি নহওক সপ্তাহৰ আটাইকেইটা দিন কাম কৰি কৰি ভাগৰ মাৰিবলৈ সকলো ৰৈ থাকে ‘দেওবাৰ’ৰ দিনটোলৈ। সেয়ে দেওবাৰক সপ্তাহৰ আনকেইটা দিনে অহংকাৰী বুলি কয়।
‘অহংকাৰী দেওবাৰ’!!
দেওবাৰ ৰ দুখন সুকীয়া মুখ আছে। “অহংকাৰী দেওবাৰ” ৰ বিপৰীতে দেওবাৰে কঢ়িয়াই ফুৰে হাজাৰজনৰ সপ্তাহৰ ভোক নিবাৰণৰ গধুৰ দায়িত্ব!
সপ্তাহৰ আটাইকেইটা দিন বাৰীৰ শাক, তামোল পাণ আদি গোটাই দেওবাৰৰ সাপ্তাহিক বজাৰখনলৈ বাট চাই ৰৈ থাকে হাজাৰজনে। ধনীক জনৰ দেওবৰীয়া সুস্বাদু ভাত সাজৰ প্ৰতিটো ‘আইটেম’ৰ পিছফালে লুকাই থাকে আন এখন ঘৰৰ সমস্ত সপ্তাহটোৰ নিমখ -তেলৰ খৰচ। দেওবৰীয়া ভাতসাজ, দেওবৰীয়া গানৰ ক্লাছ,দেওবৰীয়া পিক্নিক্, দেওবৰীয়া পাৰ্ক, দেওবৰীয়া বিয়া-সবাহ, দেওবৰীয়া চিনেমা আদি সকলো বিলাসিতাৰ সিমূৰত গভীৰ আশাৰে ৰৈ থাকে আন কিছুমান পৰিয়ালৰ জোৰা টাপলি মৰা সংসাৰ। দেওবৰীয়া পাৰ্কৰ সন্মুখত বেলুন বিক্ৰী কৰিবলৈ ওলাই যোৱা দেউতাকৰ মূৰত দায়িত্বৰ বোজা সন্তুানৰ প্ৰয়োজন পূৰণৰ তাগিদাত। মানুহে স্ফূৰ্তিত বেলুন কিনে। সেই স্ফূৰ্তিৰ বিপৰীত মেৰুত ঠিয় হৈ বিক্ৰী কৰে বেলুন বিক্ৰেতাই।
দেওবাৰৰ ৰাতিপুৱাবোৰ সোনকালে পুৱাই গাৱঁত। গৃহস্থই পোহৰ হোৱাৰ লগে লগে পদূলিবোৰ বাঢ়নীৰে সাৰি থয়। বজাৰলৈ বুলি ঘৰৰে পাৰ চৰাই এহালি, লাও কোমোৰা একোটা ওলোমাই লৈ যোৱা চাইকেলৰ টিলিঙা অথবা গৰুৰ জাকবোৰৰ খোজৰ শব্দই সোৱঁৰাই দিয়ে দেওবৰীয়া অস্তিত্ব।
দেওবাৰবোৰ অহংকাৰী নোহোৱা নহয়। সকলোকে কেৱল দেওবাৰ লাগে।দেওবাৰ ভোকৰ বাবেও, দেওবাৰ ভোগৰ বাবেও। সেয়ে অহংকাৰী দেওবাৰে অট্টহাস্য কৰে!!
দেওবাৰীয়া অহংকাৰে উদঙাই দিয়ে কৃত্ৰিম আভিজাত্য দেখুওৱা দেশৰ আচল স্বৰূপ।