অতিকৈ চেনেহৰ মুগাৰে মেখেলা
তাতোকৈ চেনেহৰ মাকো।
তাতোকৈ চেনেহৰ বহাগৰ বিহুতি
নাপাতি কেনেকৈ থাকো।
তাঁতশাল অসমীয়া সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ।তাঁতশাল অসমীয়া মহিলাৰ অতি আদৰৰ , অতি চেনেহৰ। এসময়ত প্ৰতিজনী জীয়ৰী -বোৱাৰীয়ে তাঁত ব’ব জানিছিল। এতিয়াও গাওঁৰ বহু মহিলাই তাঁত ব’ব জানে। অসমীয়া নাৰী একোজনী সুনিপুণ শিপিনী। অসমীয়া মহিলাই নিজে হাতে বোৱা ফুলামকৈ গামোচা আপোন জনক দিবলৈ পালে গৌৰৱ অনুভব কৰে।
তাঁতশালৰ সৈতে জড়িত থকা সামগ্ৰী সমূহ হল————–টোলোঠা , টোলোঠাজৰী , জখলা , গৰকা , চালিমাৰি , চিপকাঠি , শালিমাৰি , নাচনীমাৰি , লেতাই , চুঙা , যঁতৰ , মহুৰা , ৰাঁচ , তাঁতৰখুটি ইত্যাদি।
অতীজৰে পৰা অসমীয়া শিপিনীয়ে ঘৰখনৰ প্ৰয়োজনীয় প্ৰায়বোৰ কাপোৰেই তাঁতশালত বোৱা বুলি আমি জানিব পাৰো। অসমীয়া শিপিনীয়ে কাপোৰত নানা ধৰণৰ ফুল বাছিব জানে। সেয়েহে জাতিৰ পিতা মহাত্মাগান্ধীয়ে কৈছিল———” অসমীয়া শিপিনীয়ে তাঁতৰ শালত সঁপোন ৰচে “।
মহাপুৰুষ শংকৰদেৱে নিৰ্মাণ কৰোৱা বৃন্দাৱনী বস্ত্ৰত অসমীয়া শিপিনীৰ পাৰৰ্দশিতাৰ পৰিচয় পোৱা যায়। মহাপুৰুষজনাই পুৰণি বাউসী সত্ৰৰ এজন তাঁতীৰ হতুৱাই বৃন্দাৱনী বস্ত্ৰত সাত বৈকুণ্ঠৰ চিত্ৰপট অঁকাইছিল আৰু চিহ্নযাত্ৰা ভাওনা কৰিছিল।
অসমত পৰম্পৰাগত ভাবে তাঁতশাল দুই প্ৰকাৰৰ——-মাটিশাল আৰু ককাঁলীশাল। ইয়াৰ উপৰিও হাতশাল আৰু কিছুমানে টনাশাল ব্যৱহাৰ কৰা দেখা যায়। আগৰ দিনত গাওঁৰ ছোৱালী বা গাভৰু হঁতে একেলগে মিলি তাঁতশালত কাপোৰ বোৱা কাম কৰিছিল। এই তাঁতশাল খনক গাভৰুশাল বুলি কোৱা হৈছিল।
অসমীয়া জনজাতীয় মহিলা সকল কাপোৰ বোৱাত অতি দক্ষ। তেওঁলোকে বিভিন্ন ৰঙৰ সূতাৰ সমন্বয় কৰি কাপোৰ বই। কিছুমান জনজাতীয় সমাজত কঁকালত বন্ধা শাল প্ৰচলিত আছে।
মুঠতে ধনী- দুখীয়া , জাতি – ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ মানুহৰ মাজত কাপোৰ বোৱাৰ পৰম্পৰা প্ৰাচীন কালৰ পৰা চলি আহিছে।
তাঁতশিল্পই ঘৰুৱা ভাবেই নহয় , ব্যৱসায়িক ভিত্তিতো অসমীয়া সমাজক অনুপ্ৰাণিত কৰিছে।বৰ্তমান অসম তথা ভাৰতৰ বাহিৰতো অসমীয়া গামোচা আৰু মেখেলা-চাদৰৰ যথেষ্ট জনপ্ৰিয়তা দেখা যায় । তাঁত শিল্প বা বয়ন শিল্পই বহুত পৰিয়ালক আত্মসংস্থাপনৰ পথ প্ৰদান কৰিছে আৰু স্বাৱলম্বী হোৱাত সহায় কৰিছে।।
যদিহে তাঁতশিল্প বা বয়ন শিল্পই আন্ত:ৰাষ্ট্ৰীয় বজাৰ দখলত আৰু বেছি সুবিধা পালেহেতেঁন, নিশ্চয়কৈ বাণিজ্যিক ক্ষেত্ৰখনত আগবাঢ়ি যোৱাত সহায়ক হ’লহেঁতেন। অৱশ্যে বয়ন শিল্পত সংযোজিত আধুনিকতাৰ পৰশে বজাৰ দখলতএক নতুন মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।