VOICE 24x7
Friday, May 2, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অসমীয়াৰ তামোল-পাণ

নীতা চক্রবর্ত্তী by নীতা চক্রবর্ত্তী
November 1, 2021
in অভিমত, সমাজ, সংস্কৃতি
অসমীয়াৰ তামোল-পাণ
0
SHARES
983
VIEWS
Share on FacebookShare on Twitter

তামোল-পাণ অসমীয়া সংস্কৃতিৰ অপৰিহাৰ্য অংগ। অসমীয়া সমাজত তামোল-পাণৰ বাৰী থকাটো এটা বিশেষত্ব। তামোল-পাণৰ বাৰীৰে অসমীয়া গাঁও চহকী আৰু শুৱনি। বিয়া -সবাহত তামোল-পাণৰ ব‌তাটো আগবঢ়োৱা হয়। আমন্ত্ৰণ জনাবলৈ তামোল-পাণ এযোৰ আগবঢ়োৱা নিয়ম অসমীয়া সমাজত অতি প্ৰাচীন পৰম্পৰা। 

উৎসৱ বা ধৰ্মীয় অনুষ্ঠানত  তামোল -পাণৰ গুৰুত্ব মন কৰিব লগীয়া। তামোল-পাণক মাংগলিক চিন বুলি ধৰা হ’য়। পূজা বা নাম আদি যি কোনো ধৰ্মীয় কাৰ্যত তামোল-পাণ আগবঢ়াই দিয়া প্ৰথা অতীজৰে পৰা চলি আহিছে।

অসমীয়া মানুহ অতিথি পৰায়ণ ।  ঘৰলৈ অতিথি আহিলে একো নহ’লেও  তামোল-পাণ দিয়াতো অসমীয়া সমাজৰ পৰম্পৰাগত নিয়ম। অসমীয়া সমাজৰ বিয়া এখনত তামোল-পাণৰ  গুৰুত্ব মন কৰিবলগীয়া। ছোৱালীৰ ঘৰত জোৰোণ দিবলৈ যাওতে তামোল এঠোক আগবঢ়াই দিয়াৰ পাছত হে নীতি-নিয়মবোৰ কৰিব পাৰে। হোম-যজ্ঞ কৰিয়েই হওক বা নাম-ধৰ্ম কৰিয়েই হওক বিয়া খনত তামোলৰ গুৰুত্ব লেখত লবলগীয়া। বিয়াৰ দিনাখন দৰাক আদৰি নিওতেও তামোল-পাণৰ প্ৰয়োজন আছে ,’ আনহাতে দৰাঘৰৰ মানুহেও কন্যাঘৰৰ মানুহক তামোল-পাণ দি সন্মান জনায়। 

বিয়াৰ পাছত জেষ্ঠ জনক প্ৰনাম কৰোঁতেও তামল-পাণ দি সেৱা কৰা হয়।সমাজত দায়-দোষ লাগিলেও বা কিবা বিষয় আলোচনা কৰিবলৈ হলেও  তামোল-পাণৰ বতাৰ যোগেদিহে আৰম্ভনি কৰা হয়। 

ভাত খোৱাৰ পাছত তামোল এখন খোৱাটো অসমীয়া সমাজত প্ৰচলিত প্ৰথা। তামোল এখন নাখালে ভাত খোৱা মুখ খন শুদ্ধি নহয় বুলি বিশ্বাস আছে ।

অতীজত বিহুত নাচনীয়ে ওঁঠ ৰঙা কৰিবলৈও তামোল খোৱা দেখা গৈছিল। বিহু গীত সমূহতো তামোলৰ উল্লেখে সেই সময়ৰ সমাজৰ চিত্ৰ এখন দাঙি ধৰে——

” আগফাল শুৱণি কাকিনী  তামোল ঐ

পাছফাল শুৱণি পাণ

বৰঘৰ শুৱণি জীয়ৰী- ছোৱালী

উলিয়াই দিবলৈ টান।”

 নাচনীয়ে  চেনাইক তামোল দিবলৈ তামোল-পাণৰ হাঁচতি খন কঁকালত বান্ধি ৰাখে। সেয়েহে বিহু গীতত উল্লেখ আছে——

“বাৰীৰে ঢাপৰে পৰা ৰিঙ মাৰি মাতিলো তোক

হাঁচতিৰে তামল খন খাই যাওঁ বুলি।

টেটেৰা বাপেকৰ মাত শুনি উভতি আহিলো

দেখাও নাপালো তোক।”

তামোল- পাণ অকল সামাজিক ক্ষেত্ৰতেই নহয় অৰ্থনৈতিক ক্ষেত্ৰতো বহুত অৱদান আগবঢ়াই আহিছে । প্ৰতিঘৰ অসমীয়া মানুহৰ ঘৰত তামোল- পাণৰ বাৰী একোখন থাকেই। ঘৰৰ তামোল-পাণ বিক্ৰী কৰি বা চুপাৰী বনাই অসমীয়া মহিলাই  ধন উপাৰ্জনৰ পথ বিচাৰি লোৱা দেখিবলৈ পোৱা যায়।

অসমৰ প্ৰায় জিলাতেই তামোল-পাণৰ উৎপাদন হয়।তামোল-পাণ মাত্ৰ দৈনন্দিন জীৱনৰ ব্যৱহৃত বস্তু হৈ থকা নাই । তামোল-পাণে অৰ্থনৈতিক ক্ষেত্ৰতো বজাৰ এখন দখল কৰিবলৈ সক্ষম হৈছে। তামোলৰ পৰা চুপাৰী তৈয়াৰ কৰা হয়। অসমৰ সকলো ঠাইতে তামোল-পাণৰ বিক্ৰীৰ হাৰ বৃদ্ধি পাইছে। অসমৰ তামোল কেঁচামাল হিচাপে আন-আন ঠাইলৈ যায়।প্ৰত্যক্ষ বা পৰোক্ষ ভাবে অসমীয়া মানুহে তামোল-পাণৰ ব্যৱসায় কৰি লাভবান হৈছে ।

তামোল-পাণ অসমৰ ঐতিহ্য। আমি আধুনিক সমাজৰ বাসিন্দা হ’লেও  পুৰণি সংস্কৃতিক ধৰি ৰাখিবই লাগিব। সমাজ এখনৰ নীতি-নিয়ম বোৰে সভ্যতাৰ , সংস্কৃতিৰ ছৱি এখন দাঙি ধৰে। আমি পুৰণি সংস্কৃতিবোৰ লগত লৈ আধুনিকতাৰ সংযোগত এখন  সুন্দৰ অসমৰ নাগৰিক হিচাপে পৰিচিত হব পাৰিলেহে আমি গৌৰাবান্বিত হ’ব পাৰিম।

 

Previous Post

জাতি ৰক্ষাৰ বিকল্প ৰাজনীতি নেকি?

Next Post

কংগ্ৰেছে আৰম্ভ কৰিলে সদস্য ভৰ্তি অভিযান

Related Posts

ভোগালী বিহু আৰু জোনবিল উৎসৱ
সংস্কৃতি

ভোগালী বিহু আৰু জোনবিল উৎসৱ

January 19, 2025
স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
Next Post
কংগ্ৰেছে আৰম্ভ কৰিলে সদস্য ভৰ্তি অভিযান

কংগ্ৰেছে আৰম্ভ কৰিলে সদস্য ভৰ্তি অভিযান

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7