বাঙালীৰ জাতিপ্ৰেম যিমান, ভাষা প্ৰেমো তাতকৈ বেছি। তেওঁলোকে বিশ্বৰ সকলোতে নিজৰ ভাষাপ্ৰেম লৈ যাবলৈ সক্ষম হৈছে। এই ভাষা প্ৰেমৰ শেহতীয়া নিদৰ্শন লণ্ডনত দেখিবলৈ পোৱা গৈছে। লণ্ডনৰ এটি বাঙালী ভাষা প্ৰধান এলেকাত অলপতে এটা ৰেল ষ্টেচনৰ ছাইন বোৰ্ড ইংৰাজীৰ লগতে বাঙালী ভাষাত লিখা হৈছে। এই ষ্টেচনটোৰ নাম হৈছে হোৱাইটচেপেল ষ্টেচন। মূলত বাংলাদেশৰ বাঙালী নাগৰিক অধ্যুষিত এই পূব লণ্ডনৰ টাৱাৰ হেমলেট এলেকাত থকা হোৱাইটচেপেল ষ্টেচনটোৰ সকলো ইংৰাজী নামৰ কাষত বাংলা লিপিত নিৰ্দেশনাবোৰ লিখা হৈছে। বাংলাদেশৰ নাগৰিকৰ সুবিধা হোৱাকৈ এই কাম কৰা হৈছে। মন কৰিবলগীয়া কথা এয়াই যে বাঙালীৰ ফলক লগোৱাৰ এই শুভ কামটোৰ উদ্বোধন স্বয়ং টাৱাৰ হেমলেটৰ মেয়ৰে কৰিছে।
বাঙালীৰ লোকৰ উপস্থিতি সৰহ হোৱাৰ লগতে নিজৰ ভাষাটোৰ বাবে তেওঁলোকে কৰিব বিচৰা কামবোৰৰ পৰিণতিত এয়া সম্ভৱ হৈ পৰিছে। এসময়ত ভাৰত উপমহাদেশত ইংৰাজী ভাষাৰ শিক্ষাৰ প্ৰচলন কৰা ইংৰাজৰ দেশত এতিয়া অন্য ভাষাই স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এই ভাষা অন্য একো নহয়, এয়া হৈছে মধুৰ ভাষা বাঙালী। ইংৰাজীৰ সমানে সমানে বাঙালী ভাষাই পোৱা এই গুৰুত্বই ভাৰতৰ বাংলা ভাষী লোকসকলক আনন্দিত কৰি তুলিছে। এই সন্দৰ্ভত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে টুইট কৰি সন্তুষ্টি ব্যক্ত কৰিছে।
এই কথাটোৰ আলমত মঙলবাৰে দেশৰ সংসদৰ মজিয়াত মানে ৰাজ্যসভাত তৃণমূল কংগ্ৰেছৰ সাংসদ সুখেন্দু শেষৰ ৰয়ে অন্য এটি আহ্বান জনায় আৰু এই আহ্বানৰ প্ৰতি অধ্যক্ষ ভেংকাইয়া নাইডুৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। কিয়নো দেশৰ উপৰাষ্ট্ৰপতিগৰাকীৰ এয়া এক প্ৰিয় বিষয়। সেয়া হৈছে মাতৃভাষাৰ প্ৰচাৰ। তৃণমূল সাংসদ সুখেন্দু শেষৰ ৰয়ে সংসদৰ মজিয়াত লণ্ডনৰ হোৱাইটচেপেল ৰেল ষ্টেচনত বাঙালী ভাষাত ছাইনবোৰ্ড লগোৱাৰ প্ৰসংগৰ উদ্ধৃতি দি দেশৰ অভ্যন্তৰতো সকলো কেন্দ্ৰীয় প্ৰতিষ্ঠানত/অনুষ্ঠানত ইংৰাজী, হিন্দীৰ লগতে স্থানীয় ভাষাত ছাইনবোৰ্ড লগাবৰ বাবে আহ্বান জনায়। ৰয়ৰ এই প্ৰস্তাৱটো এম ভেংকাইয়া নাইডুৰ পছন্দৰ হয় আৰু এই ক্ষেত্ৰত তেওঁ বিশেষ গুৰুত্ব দিয়া দেখা যায়। দেশৰ উপৰাষ্ট্ৰপতিগৰাকীয়ে দীৰ্ঘ সময়ৰ পৰা মাতৃভাষাৰ প্ৰয়োগৰ ওপৰত বিশেষ গুৰুত্ব দি অহা দেখা গৈছে। ৰাষ্ট্ৰীয় শিক্ষা নীতিটো মাতৃভাষাৰ শিক্ষাৰ প্ৰয়োজনীয়তাৰ কথা বাৰে বাৰে উল্লেখ কৰি অহা হৈছে। নাইডুয়ে কয়, “এই বিষয়টো কেৱল কলকাতাতেই সীমাবদ্ধ নহয়, এয়া প্ৰতিখন ৰাজ্যৰ বাবে প্ৰয়োজনীয়। প্ৰতিখন ৰাজ্যত প্ৰথম ভাষা স্থানীয় ভাষা হোৱা উচিত। ইংৰাজী, হিন্দীৰ লগতে স্থানীয় ভাষাৰ ব্যৱহাৰে স্থানীয় লোকক সহায় কৰে।”