VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিদুৰ ভাই এক নতুন সম্ভাৱনা

শিৱানী বৰা by শিৱানী বৰা
November 22, 2021
in অভিমত
বিদুৰ ভাই এক নতুন সম্ভাৱনা
0
SHARES
221
VIEWS
Share on FacebookShare on Twitter

ৰকষ্টক এণ্টাৰটেইনমেণ্টছ শীৰ্ষক ইউটিউব চেনেলত বৰ্তমান সম্প্ৰচাৰিত হৈ থকা বিদুৰ ভাই শীৰ্ষক অসমীয়া ৱেব চিৰিজখনে সামাজিক মাধ্যমত খলকনি তুলিবলৈ সক্ষম হৈছে। সকলোৰে মুখে মুখে এতিয়া বিদুৰভাই।

চুমকী কছাৰী, পংকজ মহন্ত, ঊজ্জল ৰাজখোৱা, নীতু খনিকৰ আদি নবাগত অভিনেতা অভিনেত্ৰীৰ দ্বাৰা অভিনীত ৱেব ছিৰিজখনৰ কাহিনী, সংলাপ, কথোপকথন, কথনভংগী সকলোখিনি বৰ সৰল আৰু সাৱলীল। গাঁৱৰ সঁচা জীৱন প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে।

নিবনুৱাৰ চিন্তা, কভিদে জুৰুলা কৰা গ্ৰাম্য অৰ্থনীতি তথা বিধস্ত জনজীৱনৰ এখন বাস্তৱ ছবি অংকন কৰিছে। ইয়াৰ উপৰিও মাইক্ৰ’ফাইনেঞ্চৰ ঋণ গ্ৰহণৰ ফলত সলনি হোৱা গাঁৱৰ মহিলাসকলৰ ছবিখন বৰ সুন্দৰকৈ ফুটাই তুলিবলৈ সক্ষম হৈছে।

মিৰ্জাপুৰ, পঞ্চায়ত, ক্ৰিমিনেল জাষ্টিচ, আৰ্য্যা আদি হিন্দী ৱেব ছিৰিজৰ ব্যাপক চৰ্চাৰ পিছত প্ৰথমবাৰৰ বাবে বিদুৰ ভাই শীৰ্ষক অসমীয়া ৱেব ছিৰিজ এখনে ইমান আদৰ পাবলৈ সক্ষম হৈছে। মাত্ৰ তিনিটা খণ্ড সম্প্ৰচাৰ হওতেই ইমান আদৰ লাভ কৰিবলৈ সক্ষম হোৱা কথাটো অসমীয়া ধাৰাবাহিক আৰু ছবি উদ্যোগৰ বাবে অতি ভাল খবৰ।

সততে এটা অভিযোগ উত্থাপন হয় যে অসমীয়া মানুহে অসমীয়া ছবি বা কাহিনী নাচায়। এই কথাষাৰ বিদুৰ ভায়ে মিছা প্ৰমাণিত কৰিলে। আচলতে বাস্তৱ পটভূমিত আধাৰিত অকনো খোকোজা নলগাকৈ প্ৰাকৃতিক অভিনয়ে সকলোৰে মন আকৰ্ষণ কৰে, যিসমূহ কথা সাধাৰণতে অসমীয়া ধাৰাবাহিক বা ছবিসমূহত দেখিবলৈ পোৱা নাযায়।

বলিউড বা একতা কাপুৰক অনুকৰণ কৰি উত্তৰ ভাৰতীয় সমাজ ব্যৱস্থাৰ ছবি প্ৰতিফলিত কৰা অসমীয়া ধাৰাবাহিকসমূহক আদৰ নল’লেও কোনেও আপত্তি কৰিব নোৱাৰে। নিভাঁজ অসমীয়া ভাষা, সংস্কৃতি, সমাজ দেখুৱাবলৈ অক্ষম হোৱা ছবি বা ধাৰাবাহিকসমূহৰ আদৰ নাই।

কিন্তু বিদুৰ ভাইৰ দৰে নিভাঁজ ছবি এখন দাঙি ধৰিব পৰা ছবি বা ধাৰাবাহিকে এই আদৰ নিশ্চয় লাভ কৰিবলৈ সক্ষম হ’ব। বিদুৰ ভাই শীৰ্ষক ধাৰাবাহিকখন অসমীয়া ধাৰাবাহিক উদ্যোগৰ নতুন দিশ উন্মোচন কৰাৰ ক্ষেত্ৰত বাটকটীয়া হোৱাৰ থল আছে। বিদুৰ ভাইৰ জনপ্ৰিয়তাই ভৱিষ্যতৰ ধাৰাবাহিক আৰু ছবি নিৰ্মাতাসকলক সচেতন হ’বলৈ উদগণি যোগাব বুলি আমি আশাবাদী।

Previous Post

পুনৰ স্বচ্ছ চহৰৰ শীৰ্ষত ইন্দোৰ চহৰত

Next Post

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এই ঘটনা

Related Posts

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী
অভিমত

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী

August 15, 2024
কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত
অভিমত

কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত

January 26, 2024
সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ
মুখ্য সংবাদ

সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ

October 4, 2023
বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ
অভিমত

বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ

August 21, 2023
আহল বহল চিন্তাবোৰ
অভিমত

আহল বহল চিন্তাবোৰ

July 28, 2023
আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?
অভিমত

আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?

April 1, 2023
Next Post
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এই ঘটনা

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এই ঘটনা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7