নীতা চক্ৰৱৰ্তী
মহাভাৰতত উল্লেখ আছে যে এবাৰ দুৰ্বাসা মুনিয়ে ৰজা কুন্তীভোজৰ ঘৰত আলহী হৈছিলগৈ। অতিথি সৎকাৰৰ দায়িত্বত আছিল কুন্তী দেৱী। কুন্তীদেৱীৰ আতিথ্যত সন্তুষ্ট হৈ আৰু লগতে তেওঁৰ ভাবী সংকটৰ কথা চিন্তা কৰিয়েই বৰদানৰ ৰূপত দুৰ্বাসা মুনিয়ে কুন্তী দেৱীক এটি বশীকৰণ মন্ত্ৰ শিকাই দিয়ে। এই বশীকৰণ মন্ত্ৰ অনুসৰি কুন্তী দেৱীয়ে মন্ত্ৰ পঢ়ি যি দেৱতাক আহ্বান কৰিব, সেই দেৱতাই তেওঁৰ ওচৰত উপস্থিত হ’বহি আৰু আৰু কুন্তী দেৱীয়ে তেওঁৰ দ্বাৰা সন্তান লাভ কৰিব পাৰিব। কুন্তী দেৱীৰ বিয়াৰ পাছত স্বামী ৰজা পাণ্ডু অভিশাপ গ্ৰস্ত হোৱাত সন্তান জন্ম দিবলৈ অপাৰগ হয়। তেতিয়া দুৰ্বাসা মুনিৰ মন্ত্ৰ অনুসৰি কুন্তী দেৱীয়ে দেৱতা সকলোক আহ্বান জনাই যুধিষ্ঠিৰ, ভীম আৰু অৰ্জুনক জন্ম দিয়ে। ৰজাৰ আন এগৰাকী পত্নী মাদ্ৰীদেৱীয়ে কুন্তীৰ সহায়ত নকুল আৰু সহদেৱক জন্ম দিয়ে। এনেকৈয়ে মুনিৰ আৰ্শীবাদত আৰু দেৱতাৰ সহযোগত পঞ্চপাণ্ডৱৰ জন্ম হৈছিল।
পাণ্ডৱৰ নাম আৰু ইয়াৰ ভাবাৰ্থ
যাৰ মন নিৰ্মল, পৰিস্কাৰ অথবা স্বচ্ছ তেওঁৱেই পাণ্ডু। তেনেদৰে যাৰ কৰ্ম উজ্বল, যি শ্বেতবস্ত্ৰ ধাৰী বা যাৰ ব্যৱহাৰ উজ্বল তেওঁৱে পাণ্ডুপুত্ৰ অথবা পাণ্ডৱ।
যুধিষ্ঠিৰ
যুধিষ্ঠিৰ শব্দৰ অৰ্থ হৈছে যুদ্ধত যি স্থিৰ বা অচল-অটল। যিয়ে মন-বচন-কৰ্মেৰে বিদ্বেষশূণ্য, নিন্দুককো শত্ৰু বুলি নধৰি আপোন বুলি গণ্য কৰে তেওঁকেই অজাতশত্ৰু বুলি কোৱা হয়। মহাভাৰতত যুধিষ্ঠিৰৰ বাবে অজাতশত্ৰু শব্দৰো ব্যৱহাৰ কৰা হৈছে। যুধিষ্ঠিৰ শব্দ কোনো হিংসা যুদ্ধত প্ৰবৃত্ত হৈ স্থিৰে থকা ব্যক্তিৰ বাবে প্ৰয়োগ হলহেঁতেন, তেন্তে তেওঁক কেতিয়াও ধৰ্মপুত্ৰ বোলা নহ’লহেঁতেন। তেওঁ সকলোৰে প্ৰতি শুভ ভাৱনা ৰাখে আৰু অপকাৰীকো উপকাৰ কৰে। সেইবাবে তেওঁৰ আন এটি নাম ‘ধৰ্মপুত্ৰ’ বা ধৰ্মৰাজ।কৰ্মেন্দ্ৰিয় তথা মনক পৱিত্ৰতা আৰু শান্তিৰূপী স্বধৰ্মত স্থিৰ কৰি ৰাখিব পাৰে বাবে তেওঁক ধৰ্মৰাজ বুলি কোৱা হয়।
অৰ্জুন
অৰ্জুন শব্দৰ অৰ্থ পৰিস্কাৰ। যি পৱিত্ৰ, স্বচ্ছ, মন-বচন-কৰ্মেৰে নিৰ্মল তেওঁৱেই অৰ্জুন। ভগৱানৰ দ্বাৰা যিয়ে জ্ঞান অৰ্জন কৰে তেওঁকো অৰ্জুন বুলি কোৱা হয়। শ্ৰীমদ ভাগৱত গীতাত অৰ্জুনৰ বাবে অনধ, পৰন্তপ, গুডাকেশ, অনুসূয়া, ধনঞ্জয়, ভাৰত আদি নাম বা সম্বোধনৰ প্ৰয়োগ কৰা হৈছে। এই সকলোবোৰ নামেই গুণবাচক নাম। অনধ শব্দৰ অৰ্থ নিস্পাপ। যিয়ে পাপ কৰ্মৰ পৰা নিজকে বিৰত ৰাখে। পৰন্তপ শব্দৰ অৰ্থ যিয়ে পৰম তপস্যা কৰে। যোগেই হল পৰম তপস্যা আৰু ইয়াৰ দ্বাৰাই আত্মা পৱিত্ৰ হয়। গুডাকেশৰ অৰ্থ যি যোগী তেওঁ যুদ্ধত প্ৰবৃত্ত হব নোৱাৰে। যোগীজন বা ‘গুডাকেশ’ বা নিদ্ৰাজিতো হয়। অনুসূয়া শব্দৰ অৰ্থ পৱিত্ৰ। ভাৰত দেশৰ হিতৈষী বা ভাৰতবাসীৰ ভিতৰত শ্ৰেষ্ঠজন। ধনঞ্জয় শব্দৰ প্ৰয়োগ জ্ঞান-ৰত্ন ৰূপী ধন প্ৰাপ্ত কৰোঁতাজন অথবা যোগৰূপী অবিনাশী লাভ উপাৰ্জন কৰোঁতাজন। অৰ্জুন ইন্দ্ৰৰ সমান পৰাক্ৰমী বাবে তেওঁক ইন্দ্ৰপুত্ৰ কোৱা হয়।
ভীম
ভীম শব্দ বলবানৰ প্ৰতীক। যাৰ জ্ঞান, যোগ,পৱিত্ৰতাৰ বল আছে তেওঁ ভীম। ভীমক অলংকাৰীক ৰূপত ‘বায়ু-পুত্ৰ’ কোৱা হৈছে। যি ব্যক্তি আত্মা স্বৰূপত স্থিত হয়, তেওঁ ভয় শূণ্য ‘নিৰ্ভয়’ হয়। সেইবাবে তেওঁক ভীম বুলি কোৱা হয়।
নকুলঃ
যি কুল বা সম্বন্ধৰ মোহ মমত্বৰ পৰা মুক্ত তেওঁক নকুল বোলা হয়। যাৰ মনত নিজৰ বংশ মৰ্যদা বা কুলৰ অহংকাৰ তথা জাত-পাতৰ ভেদাভেদ নাই তেওঁ নকুল।
সহদেৱ
দৈৱী কাৰ্যত যিজন সহযোগী তেওঁ সহদেৱ। যিয়ে জীৱনত সদায় দৈৱী গুণ ধাৰণ কৰে আৰু আন পুৰুষাৰ্থীকো সহযোগ দিয়ে তেওঁকেই সহদেৱ বুলি কোৱা হয়।