অসমৰ প্ৰথম গৰাকী মহিলা শ্বহীদ কনকলতা বৰুৱাৰ জন্ম হৈছিল ১৯২৪ চনৰ ২২ ডিচেম্বৰত। দৰং জিলাৰ বৰ্তমান শোনিতপুৰ জিলাৰ গহপুৰ মৌজাৰ বৰঙাবাৰী অঞ্চলত । তেওঁৰ দেউতাকৰ নাম কৃষ্ণ কান্ত বৰুৱা আৰু মাকৰ নাম আছিল কৰ্ণশ্বৰী দেৱী। সৰুতে মাক-দেউতাক হেৰুওৱা কনকলতাই খুড়াকৰ লগত ডাঙৰ-দীঘল হৈছিল। তৃতীয় শ্ৰেণীতে পঢ়াশুনা সমাপ্ত কৰা কনকলতা আছিল ঘৰুৱা সকলো কামতে পাৰ্গত ।সৰুৰে পৰা কনকলতাৰ মনত দেশপ্ৰেমৰ ভাব জাগি উঠিছিল ৷
১৯৩০ চনত সমগ্ৰ দেশত মহাত্মা গান্ধীৰ নেতৃত্বত আইন অমান্য আন্দোলন তীব্ৰভাবে গঢ়ি উঠিছিল। অসমতো ইয়াৰ প্ৰভাৱ পৰিছিল। জাতি-সংস্কৃতিক ভালপোৱা কনকলতাই ইংৰাজৰ অধীনৰ পৰা দেশক স্বাধীন কৰিবলৈ ওতঃপ্ৰোত ভাবে জড়িত হৈ পৰিছিল। ইতিহাসত সোনালী আখৰেৰে লিখা ১৯৪২ চনত সমগ্ৰ দেশৰ লগতে অসমতো তীব্ৰ আন্দোলনৰ জোৱাৰ উঠিল। ‘কৰিম বা মৰিম ‘ ধ্বনিৰে ১৮ বছৰীয়া কনকলতাই সাহসেৰে মৃত্যু বাহিনীত যোগ দিলে আৰু কনকলতাই আছিল মৃত্যু বাহিনীৰ প্ৰথম গৰাকী নাৰী সদস্যা। এনেদৰে সাহসী বিৰাঙ্গনা কনকলতাই ১৮ বছৰ বয়সতে দেশৰ বাবে প্ৰাণ আহুতি দি চিৰকালৰ বাবে কেৱল অসমতেই নহয় সমগ্ৰ বিশ্ব ইতিহাসতেই অমৰ হৈ ৰ’ল। দুৰ্বাৰ সাহস , মনোবল আৰু গভীৰ দেশ প্ৰেমৰ আদৰ্শৰ বাবে যুগে যুগে কনকলতা বৰুৱা অসম বাসীৰ হৃদয়ত জীয়াই থাকিব বীৰাঙ্গনা ৰূপে।