পাঁচ দিনৰ আগত তছলিমা নাছৰিনৰ এটা টুইটে তেওঁক পুনৰ বিতৰ্কৰ মাজলৈ ঠেলি দিছিল। উগ্ৰ নাৰীবাদী হিচাপে পৰিচিত তছলিমাই তেওঁৰ টুইটত লিখিছে যে যেতিয়ালৈকে দুখীয়া থাকিব তেতিয়ালৈকে চাৰ’গেছী মাদাৰৰ ধাৰণা থাকিব। এই ব্যৱস্থাক তেওঁ তেতিয়াহে বাহ্ বাহ্ দিব যেতিয়া ধনী ঘৰৰ মহিলা সকল আগবাঢ়ি আহিব গৰ্ভ ভাড়াত দিবলৈ অথবা বিক্ৰী কৰিবলৈ। তেওঁৰ মতে দুখীয়া মহিলা সকলক ব্যৱহাৰ কৰি ধনীক সকলে এনেধৰণৰ বিলাসৰ সপোন ৰচে।
লগতে তেওঁ স্পষ্ট কৰি কয় যে প্ৰিয়ংকা নিক্ৰ প্ৰসংগত এইকথা কোৱা নাই। বৰঞ্চ তেওঁলোক তেখেতৰ অতি প্ৰিয়। সদায়ৰ দৰে এই মন্তব্যকো প্ৰচুৰ সমালোচনা কৰা হৈছে। কিন্তু তেখেতৰ বক্তব্যৰ বাস্তৱিকতাক নুই কৰিব নোৱাৰি। একেখন পৃথিৱীতে দুই ধৰণৰ লোক বাস কৰিছো। ধনী আৰু দুখীয়া। ধনীয়ে দুখীয়াক জন্ম দিছে কেৱল শোষণ কৰিবলৈ। দুখীয়া নাথাকিলে ধনীয়ে বিলাস কৰিব কেনেকৈ! চাৰ’গেছী মাদাৰৰ দৰে ধাৰণাবোৰ আৰম্ভ কৰিছে পুঁজিপতি শ্ৰেণীটোৱে। মাজতে এভাগ মধ্যভোগীয়ে সাৰ পানী যোগাইছে আৰু গৰ্ভ ভাড়াত দি শোষিত জীৱন কটাইছে এচামে।
আমি দুখীয়াক লৈ কান্দিছো।চৰকাৰে আঁচনি বনাইছে এখনৰ পাছত আনখন। দুখীয়া নিঃশেষ ৰ শ্ল’গান লৈ ৰাজপথ কপাঁই তুলিছো। তথাপি দৰিদ্ৰতাৰ অন্ত নপৰে। দুখীয়াক লৈ ৰাজনীতি কৰিছো, ব্যৱসায় কৰিছো। নিজৰ সুখৰ বাবে দুখীয়াৰ স্বাভিমান বিক্ৰী কৰিছো।
কোনজন দুখীয়াক সুধি চৰকাৰে দৰিদ্ৰতা নিৰ্মূলৰ আঁচনি বনায়!! পেটৰ ভোক গুচোৱাতে দুখীয়াৰ চিন্তাশক্তিক সীমাবদ্ধ কৰি ৰাখিছো আমি। যুগ যুগ ধৰি কিয় শেষ নহয় ধনী আৰু দুখীয়াৰ বৃহৎ প্ৰাচীৰ খন! দুটা সমান্তৰাল ৰেলৰ চিৰিৰ দৰে দুইটাৰ স্থিতি।
নাচৰিণৰ ভাষাত যেতিয়ালৈকে চাৰ’গেচী ব্যৱস্থাত গৰ্ভ ভাড়াত দিবলৈ ধনীক মহিলা সকল আগবাঢ়ি নাহিব তেতিয়ালৈকে এইয়া সামাজিক ব্যৱস্থা নহয় বৰঞ্চ দুখীয়াৰ ওপৰত ধনীৰ শোষণ বুলিবহে পাৰি।