কাইলৈ কি উঠিব কওঁকচোন —– পুৰণি দিনৰ বুকুত নতুন সূৰ্য নে নতুন দিনৰ বুকুত পুৰণি সূৰ্য ? এটা কৰুণ চেপা হাঁহিৰে আৱৰা মুখৰ এটি প্ৰশ্ন ।
হয়তো পুৰণি দিনৰ ওপৰত নতুন সূৰ্য —-আগন্তুকে শান্তনাৰ বাণী শুনোৱাৰ দৰে কৈছিল ।
অতি কৰুণ হাঁহিৰে অস্তগামী সূৰুযৰ ৰাঙলী আভাক আৰু ৰঙা কৰি নিজৰ প্ৰশ্নটোৰ উত্তৰ নিজেই দিছিল ধীৰে অথচ দৃঢ়তাৰে——–
কাইলৈ নতুন সূৰ্য উঠিব আন এটি নতুন দিনৰ বুকুত (প্ৰভাত মুখোপাধ্যায় ,’ মধুপৰ্ক) ।
মৃত্যুৰ আগদিনা সন্ধিয়া এই প্ৰশ্ন কৰি নিজে দিয়া উত্তৰৰ মাজেৰে প্ৰমথেশ বৰুৱাই জীৱনজোৰা শিল্পসাধনাৰেই শেষ উপলব্ধি হয়তো ব্যক্ত কৰিছিল।
১৯০৩ চনৰ ১০ অক্টোবৰ শনিবাৰে অবিভক্ত গোৱালপাৰা জিলাৰ (বৰ্তমান ধুবুৰী জিলা) অন্তৰ্গত গৌৰীপুৰৰ ৰাজ পৰিয়ালত প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ জন্ম হয়। গৌৰীপুৰৰ ‘ৰাজা’ উপাধিধাৰী ঐতিহ্য সম্পন্ন পৰিয়ালৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱাৰ ঔৰষত আৰু ৰাণী সৰোজ বালা বৰুৱাৰ গৰ্ভত ওপজা প্ৰমথেশ বৰুৱাই ৰাজ পৰিয়ালৰ বিলাসী জীৱন উপভোগ কৰাৰ পক্ষপাতী নাছিল। সৰুৰে পৰা এটা মৰমীয়াল মন লৈ ডাঙৰ হোৱা প্ৰমথেশ বৰুৱাই অসহায় -আৰ্তজনৰ কাৰণে জীৱন জুৰি সাধনা কৰিছিল।
একে বছৰতে জন্ম গ্ৰহণ কৰা আৰু একে বয়সতে মৃত্যু বৰণ কৰা আন এগৰাকী প্ৰতিভাৱান অসম সন্তান ৰূপকোৱঁৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱন সংগ্ৰামৰ লগত প্ৰমথেশ বৰুৱাৰ বহু কথাত মিল আছিল। তেজপুৰক কেন্দ্ৰ কৰি তামোলবাৰী চাহ বাগিচাত ওপজা মুক্তিযোদ্ধা , কবি , গীতিকাৰ , শিল্পী আৰু অসমীয়া চলচিত্ৰৰ জনক জ্যোতিপ্ৰসাদেও জাতি -বৰ্ণ , ধৰ্ম নিৰ্বিশেষে অসমৰ সমগ্ৰ জনতাৰ প্ৰাণ জয় কৰিছিল । ঠিক সেই সময়তে গৌৰীপুৰত জন্মগ্ৰহণ কৰি কলিকতাক কৰ্মস্থান ৰূপে গ্ৰহণ কৰা প্ৰমথেশ বৰুৱাও শিল্পপ্ৰেমী , বৃদ্ধ ,বনিতা সকলো জনসাধাৰণৰ মন জয় কৰিছিল। ১৯৩৫ চনত জ্যোতিপ্ৰসাদৰ অমৰ সৃষ্টি সতী ‘জয়মতী ‘ আৰু প্ৰমথেশ বৰুৱাৰ শ্ৰেষ্ঠকীৰ্তি ‘দেৱদাস’ কথাছবি ৰূপে মুক্তি পাইছিল।
প্ৰমথেশ বৰুৱা আছিল মানৱপ্ৰেমী। ৰাজনৈতিক স্বাধীনতা লাভৰ পাছত অসমৰ ৰাজনীতিত সোমাইছিল যদিও বৰুৱাই ৰাজনীতি পৰিত্যাগ কৰিছিল। ৰাজনীতিৰ পৰা কলাৰ জগতলৈ আঁতৰি গৈছিল আৰু তেখেতৰ সীমা অসমৰ পৰা বিস্তৃত অঞ্চললৈ স্থানান্তৰ কৰিছিল।
“মই মোৰ গাওঁৰ ঘৰখনক ভাল পাওঁ , মই অসমক ভাল পাওঁ ।মোৰ মাজত যদি গৌৰৱ কৰিবলগীয়া কিবা আছে তেন্তে সেই সকলো খিনি অসমৰ বাবেই হৈছে। মই ভাৰতক ভাল পাওঁ , মই বিশ্বখনকে ভাল পাওঁ ” ।( স্মৃতি গ্ৰন্থ ,’ গুৱাহাটী ১৯৬৩)
প্ৰমথেশ বৰুৱা আৰু তেওঁৰ শ্ৰেষ্ঠ সৃষ্টি দেৱদাস–
” দেৱদাস ” হল প্ৰমথেশ বৰুৱাৰ জীৱনৰ কীৰ্তিস্তম্ভ। তেওঁৰ অপূৰ্ব অভিনয় দক্ষতা ,চিত্ৰ পৰিকল্পনা , আৰু কাৰিকৰী দিশত সামগ্ৰিক কুশলতা পৰিস্ফুট হৈ উঠিছে। কথাছবি খনৰ নায়কৰ মাজত যেন প্ৰমথেশ বৰুৱা নিজেই মূৰ্ত হৈ উঠিছে। প্ৰমথেশ বুলিলে দেৱদাস আৰু দেৱদাস বুলিলেই প্ৰমথেশ ৰ ছবি চকুৰ আগত জিলিকি উঠে। তেওঁৰ জীৱনৰ ঘাত -প্ৰতিঘাত , প্ৰেম -প্ৰণয় আদিৰ মাজত যেন কথাশিল্পী শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ দেৱদাস চৰিত্ৰটি মিলি যোৱাৰ দৰে লাগে। বেদনাহত দুখন হিয়াৰ একে বিননি ধ্বনিত -প্ৰতিধ্বনিত হৈছিল।অবিভক্ত বংগৰ চলচিত্ৰ প্ৰেমী সকলো ধৰণৰ মানুহৰ মাজতো একে অনুভূতি হৈছিল। যেতিয়া প্ৰমথেশ বৰুৱাৰ মৃতদেহ কলিকতাৰ কেওৰাতলা শ্মশানলৈ লৈ যোৱা হৈছিল , তেতিয়া দুগৰাকী অশিক্ষিতা মহিলাই আলোচনা কৰিছিল——-
“হ্যাঁ দিদি , এতো ভিড় কিসেৰ গো , কে মৰেছে ?”
“ভিড় হবেনা ?দেৱদাস মৰেছে গো।”(বিকাশ ৰয়ৰ প্ৰবন্ধ)
এগৰাকী বিশিষ্ট চলচিত্ৰ সমালোচকে উল্লেখ কৰিছে ——–“-চলচিত্ৰ ৰ কোনো ব্যক্তিয়ে নিজৰ ব্যক্তিগত ঘৰুৱা জীৱন আৰু তেওঁ নিৰ্মান কৰা কথাছবি তথা তেওঁ অভিনয় কৰা চৰিত্ৰবোৰৰ মাজত ইমান বেছি একাত্মবোধ গঢ়ি তোলা নাই । তেওঁৰ কথাছবিবোৰ গভীৰ ভাবে ব্যক্তিনিষ্ঠ। তেওঁ অকল দেৱদাস নিৰ্মানেই কৰা নাছিল ,’তেওঁ নিজে আছিল দেৱদাস ।” প্ৰমথেশ বৰুৱা আৰু তেওঁৰ দ্বাৰা অভিনীত চৰিত্ৰ দেৱদাসৰ একাত্মবোধৰ মাজত স্ৰষ্টা গৰাকীক কেৱল অৱাস্তব কল্পনালোকৰ ৰোমাণ্টিক ব্যক্তি বুলিলে ভুল কৰা হব। তেওঁ শিল্পীসুলভ মনেৰে সমাজৰ কুসংস্কাৰ , ব্যক্তিসত্বাৰ অপমান আদিৰ বিৰুদ্ধেও সচেতন আছিল। দেৱদাসৰ মাজেৰে তেওঁ দেশৰ প্ৰথম খন সফল সামাজিক বিষয়ৰ চলচিত্ৰ নিৰ্মান কৰিছিল।
বিদ্যানুৰাগী পিতৃ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱাৰ অতি মৰমৰ ‘মনি’, সহকৰ্মী সকলৰ ‘বৰুৱা চাহেব’, বৰুৱা পি.চি বা ৰাজকুমাৰ ——প্ৰমথেশবৰুৱাৰ প্ৰতিটো নামৰ মাজতে যেন এটা শিহৰণ তুলিব পৰা শক্তি নিহিত হৈ আছে । কম কথা কোৱা লাজুক স্বভাবৰ মাজেৰে জীৱন কালতে তেওঁ ৰূপ কথাৰ নায়ক ৰূপে সকলোৰে সমাদৃত হব পাৰিছিল
প্ৰমথেশ বৰুৱাই পেৰিচত ফক্স ষ্টুডিঅ’ৰ চলচিত্ৰত আলোকসম্পাত সম্পৰ্কে প্ৰশিক্ষণ লৈছিল। এই প্ৰশিক্ষণৰ দ্বাৰাই তেওঁ ভাৰতীয় চলচিত্ৰ জগতত কৃত্ৰিম আলোক সম্পাতৰ সুত্ৰপাত কৰিছিল বুলি কব পাৰি ।
প্ৰমথেশ বৰুৱাৰ নিজৰ ষ্টুডিঅ’ত নিৰ্মিত হৈছিল প্ৰথম সবাক চলচিত্ৰ। প্ৰযোজক আৰু পৰিচালক আছিল প্ৰমথেশ বৰুৱা ; এনেকি বৰুৱাই অভিনয় কৰিছিল এই চিনেমা খনত। কবি গুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে উদ্বোধন কৰা প্ৰেক্ষাগৃহ “ৰূপবাণীত ” এইখন প্ৰথম কথাছবি দেখুৱওা হৈছিল। প্ৰমথেশ বৰুৱাই নিজে পৰিচালনা কৰা এইখন আছিল প্ৰথম সবাক চলচিত্ৰ বা কথাছবি।
বৰুৱাৰ আন ছবিবোৰ হল ক্ৰমে—-ৰূপলেখা,মহব্বৎ কি আসু , দেৱদাস , অৱশেষে , গৃহদাহ , মঞ্জিল , মায়া , মুক্তি , অধিকাৰ , ৰজত জয়ন্তী , জিন্দেগী , শাপমুক্তি , মায়েৰ প্ৰাণ , শেষ উত্তৰ , জবাব ইত্যাদি।
অসাধাৰণ প্ৰতিভাৰ মানবদৰদী শিল্পী প্ৰমথেশ বৰুৱাৰ নাম চলচিত্ৰ ইতিহাসত চিৰ’স্মৰণীয় হৈ থাকিব। তেওঁৰ ভাষাৰেই কব পাৰি——
“সৃজনৰ আনন্দ সাৰ্থক হলে , তাতোকৈ বোধকৰো মানুহৰ অহংকাৰ কৰিবলগীয়া অথবা আনন্দ পাবলগীয়া একো নাথাকে “।
পিচ দিনাও পুৱা সূৰ্য ঠিকেই উঠিছিল কিন্তু আগৰ দিনৰ দৰে গধূলিটো তেওঁৰ বাবে নাছিল।
১৯৫১ চনৰ ২৯ নভেম্বৰ তাৰিখে অক্লান্ত চলচিত্ৰ কৰ্মী গৰাকীয়ে ৪৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। প্ৰমথেশ বৰুৱাৰ মৃত্যু হল সচাঁ , কিন্তু শিল্পীৰ অমৰ সৃষ্টিৰ জানো মৃত্যু হব পাৰে ? যি সৃষ্টিয়ে ভাৰতীয় চলচিত্ৰ জগতত নতুন চিন্তা আৰু নতুন প্ৰয়োগকলাৰ ভেটি স্থাপন কৰিলে । এই গৰাকী অভিমানী , মানৱদৰদী প্ৰতিভাবান ব্যক্তি সদায় স্মৰণীয় হৈ ৰব।