জোতাৰ গিৰিপ গিৰিপ শব্দই শেষ নিশাৰ টোপনি ভাঙিছিল। ৰাতিপুৱা পদূলিয়ে পদূলিয়ে মানুহবোৰে আকাৰে ইংগিতে বুবু- বাবা কৰি সুধিছিল “ইবিধ নেকি!” কোনোবাই কৈছিল “নহয় অ’, সিবিধহে”।
এইবোৰ ৯০ দশকৰ কথা। আমিবোৰ সৰু সৰু তেতিয়া । ইবিধ (আৰ্মী) আৰু সিবিধ (আলফা)ৰ ৰাজত্ব সকলোফালে। কোন আচল কোন নকল চিনিব নোৱাৰা পৰিৱেশ। মাত্ৰ উফৰি উফৰি খবৰবোৰ আহে যে ৰাতি অমুকক উঠাই নিলে। তমুকক এৰি দিলে।
কোনে কাক এৰিছে, ধৰিছে এইবোৰ বুজি নোপোৱাৰ বয়স। বুজি নাপালেও কিছুমান অভিজ্ঞতাৰ পৰা নিজকে আতৰাই ৰাখিবলৈ বাধ্য কৰোৱা পৰিস্থিতি বোৰক সেইসময়ৰ শিশুসুলভ মনবোৰে মানি লব পৰা নাছিল। স্বাধীনতা দিৱস বা গণতন্ত্ৰ দিৱসৰ সোৱাদ কোনোদিন লৈ নাপালো। এনে এজন শিক্ষক লগ নাপালো যাৰ দু:সাহস বা সৎসাহসত সেই দিনবোৰত বিদ্যালয়ৰ প্ৰাঙ্গণত জাতীয় পতাকা উৰিছিল।
বাতৰি কাকতৰ বৰ বৰ প্ৰৱন্ধ সমূহে তোলপাৰ লগোৱাৰ সময় সেইবোৰ। কাকতত লিখা কথাবোৰকে সত্য বুলি মানি লোৱাৰ বাহিৰে অন্য উপায় নথকাৰ সময় সেইবোৰ। আলফা বুলিলে ভয়ঙ্কৰ অবয়বৰ কিছুমান ৰাক্ষকৰ দৰে চেহেৰা মনলৈ আহিছিল তেতিয়া।স্বাধীনতাৰ বাণীৰ পৰিৱৰ্তে আলফাৰ কুকীৰ্তিৰে ভৰি পৰিছিল সেইসময়ৰ বিয়নী মেলবোৰ। সাধাৰণ মানুহবোৰে স্বাধীন অসম বিছৰা নাছিল। উদণ্ড ডেকাৰ জাক আহি গড়ালৰ পৰা টানি আজুৰি উলিয়াই আমৰলি হাঁহটোৰ মাংসৰে দকচি খাই থৈ যোৱা ভাতখাজে বহু মানুহৰ পাকঘৰৰ চৌকা দুদিনলৈ নজ্বলোৱাকৈ ৰাখিছিল। বহু গাভৰু আলফা প্ৰেমিকৰ অবৈধ সন্তানৰ মাতৃ হৈছিল। স্বাধীনতা সংগ্ৰামৰ দোহাই দি বিয়া কৰোৱাৰ পৰা বিৰত আছিল বহু বেনামী আলফা।
তথাপিতো কথাবোৰ মানুহে গ্ৰহণ কৰিছিল। একে মাকৰ পেটৰ সন্তান সকলোবোৰ । দেশৰ নামত ওলাই গৈ কাৰোবাক মাৰিছে অথবা নিজৰে বলিদান দিছে। ক’ব লগা একো নাই।
কিন্তু তাৰ মাজতে পুনৰ উফৰি উফৰি খবৰবোৰ আহিল। আলফাবোৰ ছালফালৈ ঘূৰি আহিছে। এওঁলোকে স্বাধীন অসমৰ চৰ্ত বাদ দিছে। তাৰপৰিৱৰ্তে তেওঁলোকক সংস্থাপন লাগে! অৰ্ধশিক্ষিত কিছুমান স্পইলড্ যুৱকক ছালফা নামাকৰণৰে চৰকাৰে বিশেষ সুবিধা দিলে। লগে লগে উদ্ভৱ হ’ল অন্য এটা অসমীয়াৰ নতুন প্ৰজাতি। আৰম্ভ হ’ল সমাজৰ শান্তি বিঘ্নিত আন কিছুমান কাৰ্যকলাপ। সাধাৰণ অসমীয়া সকলে আকৌ গ্ৰহণ কৰিব লগা হ’ল আন এক নতুন প্ৰত্যাহ্বান। কাৰ কি লাভ বা লোকচান হৈছে সাধাৰণ মানুহৰ বুজাৰ উপায় নাথাকে। তথাপি মানি লয় পৰিৱৰ্তনৰ নামত এটা এটা ভেঁকোভাওনা।
আমি তেতিয়া ক’ৰ্টতে আছিলো। নতুনকৈ ওকালতি আৰম্ভ কৰিছো। গোটেই আদালতখন লোকাৰণ্য। ডিঙিৰ শিৰ উলিয়াই চিঞৰি চিঞৰি আলোচনাৰ মজিয়ালৈ ঘূৰি অহা আলফাৰ বিয়াগোম নেতা সকলৰ আস্ফালন “হাত কেৰেয়া লগাই আলোচনা সম্ভৱ নহয়”।
আমি ইমান ‘ডাঙৰ’ আলফা কাষতে দেখা পাই ডিঙি মেলি মেলি চাইছিলো। জংঘলত থাকি থাকি তেওঁলোকৰ আভৰণ অতি সাধাৰণ হ’ব বুলি মনতে এনেই ধাৰণা এটা কৰি থৈছিলো। কিন্তু তেওঁলোকৰ কোট পেণ্টত তেনে কোনো চিন চাব নাছিল।
অসমৰ সাধাৰণ জনতাই পুনৰ সপোন দেখিবলৈ ধৰিলে। আশা, এইকেইজনে নিশ্চয় কিবা ভাল কৰিব। অসমৰ ল’ৰাবোৰৰ জংঘল যাত্ৰা হয়তো ইতি পৰিব।লাহে লাহে কথাবোৰ তল পৰিল। আলোচনাবোৰৰ বিষয়ে খবৰ কাগজবোৰ নিমাত হ’বলৈ ধৰিলে। সাধাৰণ মানুহবোৰ আকৌ আগৰ দৰেই চলি থাকিল। অসমখনৰ বাতৰিবোৰহে দিনে দিনে নতুন হ’বলৈ ধৰিলে।
সেই নতুন খবৰৰ মাজতে আৰু কিছুমান খবৰ যোগ হ’ল। অসমৰ ল’ৰাবোৰ আকৌ আলফালৈ গৈছে। কিয় গৈছে? এতিয়াও স্বাধীন অসমৰ সপোন দেখিবলৈ সময় আছেনে? সেই সপোন আলফা নামৰ সংগঠনটোৱে নিজেই চূড় -মাৰ কৰা নাই জানো? তাৰপাছতো কোনোবাই যদি আকৌ সেই ভগা জাহাজত উঠিবলৈ যায়, তাতকৈ সেইকেইজন অদৰকাৰী অসমীয়া নথকাই ভাল। যিকি নহওক, ভুতৰ ওপৰত দানহ পৰাদি এইবাৰ আকৌ আলফাৰূপী চোৰাংচোৱাৰ উদ্ভৱ হ’ল। অসম পুলিচলৈ অশেষ ধন্যবাদ যে এনেকুৱা ভয়াতুৰ, কলিজাবিহীন ডেকাকেইজনক চোৰাংচোৱাৰ দৰে গধুৰ দায়িত্ব অৰ্পন কৰাৰ বাবে।
যিকি নহওক মৃত্যুদণ্ড কোনো মানবীয় সংগঠনৰ সঠিক সিদ্ধান্ত হ’ব নোৱাৰে। কোনো অসমীয়াই নিবিচাৰে অসমত পুনৰ শিৰ কটা মৃতদেহৰ দ’ম বান্ধক। অসমীয়াৰ দায়িত্ব অসমীয়াই নিজেই ল’ব জানে!