প্ৰতিবছৰে ভাৰতে ১৫ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় অভিযন্তা দিৱস উদযাপন কৰা হয় ৷ আমাৰ সমাজ জীৱনলৈ অভিযন্তাসকলে আগবঢ়োৱা বিশিষ্ট অৱদানৰ স্বীকৃতিস্বৰূপে এই দিৱস উদযাপন কৰা হয় ৷ এই দিৱসৰ আছে কেইবাটাও তাৎপর্য ৷ প্ৰকৃতার্থত মহান অভিযন্তা মোক্ষগুন্দম বিশ্বেশ্বৰায়ৰ কৃতিত্বক স্বীকৃতি আৰু সন্মান জনাবলৈ প্ৰতি বছৰে ১৫ ছেপ্তেম্বৰৰ দিনটো অভিযন্তা দিৱস হিচাপে পালন কৰা হয় । ভাৰতৰ লগতে বিশ্বেশ্বৰয়াৰ মহান কৰ্মৰাজিক স্বীকৃতি প্ৰদান কৰি শ্ৰীলংকা আৰু তাঞ্জানিয়াতো ১৫ ছেপ্টেম্বৰত অভিযন্তা দিৱস উদযাপন কৰা হয়।
১৮৬১ চনৰ ১৫ ছেপ্টেম্বৰত কৰ্ণাটকৰ মুদ্দেনাহল্লী গাঁৱত জন্মগ্ৰহণ কৰা বিশ্বেশ্বৰায়ে নিজৰ গৃহ চহৰত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰে আৰু পিছলৈ মাদ্ৰাজ বিশ্ববিদ্যালয়ত কলা শাখাত স্নাতক (বি এ) অধ্যয়ন কৰে ৷ তাৰ পিছত তেওঁ কেৰিয়াৰ সলনি কৰে আৰু পুনেৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপ্লমা লাভ কৰে।
ছাৰ এম ভি নামেৰে জনপ্ৰিয় হৈ পৰা তেওঁ কেইবাটাও জটিল প্ৰকল্প হাতত লৈছিল আৰু অভিযান্ত্ৰিক জীৱনৰ সময়ছোৱাত তেওঁ কেইবাটাও উল্লেখযোগ্য আন্তঃগাঁথনি নির্মাণ কৰি উলিয়াইছিল ৷
তেওঁ পুনেৰ ওচৰৰ খাদকবাসলা ১৯০৩ চনত ‘ব্লক ব্যৱস্থা’ প্ৰৱর্তন কৰিছিল ৷ পিছলৈ গোৱালিয়ৰৰ টিগ্ৰা বান্ধ আৰু মহীশূৰৰ কৃষ্ণৰাজা সাগৰ (কে আৰ এছ) বান্ধত এই জলসিঞ্চন ব্যৱস্থা স্থাপন কৰা হয় ৷
অভিযান্ত্ৰিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ উপৰিও তেওঁক “ভাৰতত অৰ্থনৈতিক পৰিকল্পনাৰ পূৰ্বসূৰী” বুলিও কোৱা হৈছিল ৷ । তেওঁৰ গ্ৰন্থ ‘ ৰিকনষ্ট্ৰাকচন ইণ্ডিয়া” আৰু “ প্লেনড্ ইক’নমিক অফ ইণ্ডিয়া” ক্ৰমে ১৯২০ আৰু ১৯৩৪ চনত প্ৰকাশ পাইছিল। মহীশূৰৰ দীৱান হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে ১৯১৫ চনত “নাইট” সন্মান প্ৰদান কৰা হয় ৷ এই গৰাকী মহান অভিযন্তাই ১৯৫৫ চনত ভাৰত ৰত্ন লাভ কৰে। ১৯৬২ চনত মোক্ষগুন্দম বিশ্বেশ্বৰায়ৰ দেহাৱসান ঘটে।