“বন্দো দেৱ গণপতি ভৱানী নন্দন।
সৰ্বসিদ্ধি কলেৱৰ গজেন্দ্ৰ বদন ।।
বিধিৰ লিখন কদাপিও নহয় খণ্ডন।
শনিৰ দৃষ্টিত ভৈলা মুণ্ডৰ পতন ।।”
শ্ৰী শ্ৰী গণেশ বাবা জ্ঞান-বুদ্ধি আৰু বিঘ্ননাশৰ অধিষ্ঠিত দেৱতা বুলি সৰ্বজন বিদিত। যাত্ৰা সিদ্ধি, মংগলসিদ্ধিৰ দেৱতা গণেশৰ জন্মৰ বিষয়ে পুৰাণসমুহত বহুত আখ্যান পৰিলক্ষিত হয় যদিও সকলোবোৰ আখ্যানৰ মাজত সাদৃশ্য আছে। গণেশ হৰ-গৌৰীৰ পুত্ৰ ৰূপে জগত বিখ্যাত যদিও পাৰ্বতীৰ মানস পুত্ৰহে গণেশ। স্কন্দ পুৰাণ মতে পাৰ্বতীয়ে নিজৰ গাৰ মলৰ পৰা এটি শিশুৰ পুত্তলিকা নিৰ্মান কৰি তাত প্ৰাণ সঞ্চাৰ কৰিলে। পিছত সেই শিশুটিক পুত্ৰৰূপে গ্ৰহণ কৰি গণেশ নাম দি নিজৰ স্নানাগাৰৰ দুৱৰী হিচাপে নিযুক্তি কৰাৰ পিছত শিৱৰ হাতত গণেশৰ মুণ্ডচ্ছেদন হয়। দেৱী পাৰ্বতীৰ ভয়ত শিৱই গজৰ মুণ্ড ছেদন কৰি গণেশৰ দেহত সংযোগ কৰে আৰু গণেশক পুনৰ্জীৱন দান দি সৰ্বদেৱৰ আগত পূজিত হ’বলৈ বৰ প্ৰদান কৰে।
আজি গণেশ চতুৰ্দশী। গুণৰ অধিকাৰী হ’ল গণেশ। গণেশ চতুৰ্থী অৰ্থাৎ ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থ দিনত গণেশ চতুৰ্থী হিচাপে পালন কৰা হয় বা গণেশক পূজা কৰা হয়। কিছুমানৰ মতে , সেইদিনাখন গণেশৰ জন্ম হৈছিল। পৌৰানিক আখ্যান মতে , ব্যাসদেৱে মহাভাৰত লিখাৰ সময়ত গণেশৰ সহায় লৈছিল । গণেশ চতুৰ্থী অথাৎ চতুৰ্থ দিনৰ পৰা আৰম্ভ কৰি চতুৰ্থ দশ অৰ্থাৎ ১০ দিন ধৰি মহাভাৰত লিখা হৈছিল আৰু সেইবাবে চতুৰ্থীৰ পৰা ১০ দিনলৈ এই দিন কেইটা গণেশ পূজাৰ নামত বিশেষভাৱে উছৰ্গিত। ইয়াৰ উপৰিও যি কোনো পূজা কৰাৰ আগতে গণেশক নিমন্ত্ৰন কৰি পূজা আৰম্ভ কৰা হয়। সেয়েহে হিন্দু কেলেণ্ডাৰ অনুসৰি বছৰৰ প্ৰথম পূজাটোৱে হ’ল গণেশ পূজা।
গণেশ চতুৰ্থীৰ পিছত হে আান দেৱ-দেৱীৰ পূজা সমূহ এটাৰ পিছত এটাকৈ ক্ৰমান্বয়ে আহে।
সিদ্ধিদাতা গণেশ হৈছে জ্ঞান , সমৃদ্ধি আৰু সৌভাগ্যৰ সৰ্বোচ্চ দেৱতা। গণেশ চতুৰ্থীৰ দিনাখন যে গণেশ পূজা কৰা হয় এনে নহয় প্ৰতি বুধবাৰে গণেশ পূজা কৰিব পাৰি। সংসাৰৰ উন্নতিৰ কাৰণে , বাধা-বিঘিনিৰ পৰা মুক্তি পাবলৈ গণেশ দেৱতাক পূজা কৰা হয়। ফুল পূজা বা যিকোনো শুভ কামতে ব্যৱহৃত কৰা হয়। গণেশ পূজাত ৰঙা ফুল অতি প্ৰয়োজন। ৰঙা ৰঙ গণেশৰ অতি প্ৰিয় । সেয়েহে গণেশ পূজাত ৰঙা জবা ফুল , ৰঙা গোলাপ ফুল বা ভালিমৰ ফুল দি পূজা কৰা হয়। ৰঙা জবা গণেশ দেৱতাৰ অতি প্ৰিয় ফুল। গতিকে গণেশ পূজা বা গণেশ চতুৰ্থীত জবা ফুল দি পূজা কৰাৰ নিয়ম প্ৰচলিত হৈ আহিছে।