ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ সংস্থাৰ প্ৰতিবেদন অনুসৰি দেশৰ লিংগ অনুপাতৰ ছবিখন ক্ৰমাৎ সলনি হ’বলৈ ধৰিছে। শেহতীয়া প্ৰতিবেদন অনুসৰি বৰ্তমান দেশত ১০০০ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ১০২০। দেশত প্ৰথমবাৰৰ বাবে পুৰুষতকৈ মহিলাৰ সংখ্যা অধিক হোৱা দেখা গৈছে।
ছবিখন কিছুক্ষেত্ৰত ইতিবাচক বুলি ধৰি ল’ব পাৰি। পূৰ্বে শিশু কন্যাৰ জন্মৰ পিছত হত্যা বা কন্যা ভ্ৰুণ হত্যা এক সাধাৰণ কথা আছিল। ইয়াৰ উপৰিও ল’ৰা সন্তান ভাৰতীয় সমাজত পূৰ্বৰে পৰা আদৰণীয়।
শেহতীয়াকৈ ভাৰতৰ পৰিয়ালসমূহে সৰু পৰিয়াল গঠনত গুৰুত্ব আৰোপ কৰিছে। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ তথ্য অনুসৰি দেশত জনসংখ্যা বৃদ্ধিৰ হাৰ ২%লৈ হ্ৰাস পাইছে। ই সাম্প্ৰতিক সময়ৰ বাবে ইতিবাচক।
বৰ্তমান পৰিয়ালসমূহে কন্যা সন্তানকো আদৰি ল’বলৈ ধৰিছে। ল’ৰা সন্তান জন্ম নহ’লেও পুনৰ ল’ৰা বিচাৰি হাহাকাৰ কৰাৰ পৰিৱেশ লাহে লাহে সলনি হ’বলৈ ধৰিছে। চৰকাৰৰ বিভিন্ন আঁচনি, আধুনিক শিক্ষাৰ প্ৰভাৱ, বিশ্বায়নৰ প্ৰভাৱত মানুহৰ মনৰ ধাৰণা সলনি হৈছে।
লিংগ অনুপাত সলনি হোৱা দিশটো সমাজৰ বাবে এক ইতিবাচক কথা। কন্যা সন্তানৰ প্ৰতি মানুহৰ ধাৰণা সলনি হৈছে। কিন্তু কন্যা সন্তানক আদৰ কৰিবলৈ গৈ ল’ৰা সন্তানক আদৰ কৰা কথাও আদৰণীয় হ’ব নোৱাৰে। পুৰুষ মহিলাৰ জনসংখ্যাৰ সম অনুপাতেহে এখন সুস্থ সমাজৰ সৃষ্টি কৰিব পাৰিব। সমতাৰ পৃথিৱীত নাৰী পুৰুষ দুয়োৰে স্থান সমান। পুৰুষ মহিলা ইজন সিজনৰ পৰিপূৰক।
গতিকে জনসংখ্যাৰ অনুপাত সমান হ’লে সমতাৰ সৃষ্টিত উদগণি যোগাব। তথাপি প্ৰথমবাৰৰ বাবে পৰিবৰ্তনকামী লিংগ অনুপাতে সমাজক এটা নতুন ধাৰণা দিবলৈ সক্ষম হ’ব।