জুৰি বৰুৱা
ঘনাই সলনি হোৱা সমাজ ব্যৱস্থা, মানুহৰ দিনে দিনে বাঢ়ি অহা অভাৱ আৰু অস্তিত্বৰ সংকটৰ মাজত ভূগোলৰ গুৰুত্ব কি তাক বুজিবলৈ চেষ্টা কৰাটোৱে এক প্ৰকাৰৰ ৰাজনৈতিক কাৰবাৰ।
পোনপটীয়াকৈ অথবা আওপকীয়াকৈ আমি প্ৰতিদিনেই ভূগোলৰ কথা পাতো। যদিওবা ভূগোলৰ আক্ষৰিক সংজ্ঞাৰ বাহিৰে তাৰ গভীৰৰ চৰিত্ৰৰ সৈতে আমাৰ চা-চিনাকি নাথাকে। শেহতীয়াকৈ ভূগোল আৰু ইতিহাসক বিদ্যালয় পৰ্যায়ত বাধ্যতামূলক বিষয় হিচাবে অন্তৰ্ভূক্ত কৰাক লৈ যথেষ্ট সহাঁৰি দেখিবলৈ পোৱা গৈছে।
ভূগোল সহজ অৰ্থত পৃথিৱীপৃষ্ঠৰ বৰ্ণনা হ’লেও বিষয়টোৰ ব্যাপ্তি কেৱল মাত্ৰ কোনো এখন ঠাইৰ বিৱৰণৰে সীমাৱদ্ধ নহয়। ভূগোলে প্ৰাকৃতিক পৰিসীমাৰ সৈতে সংলগ্ন মানবীয় সম্পৰ্কক প্ৰতিনিধিত্ব কৰে।
সেয়ে ভূগোল বিষয়টোও বহু পৰিমানে অন্যান্য বহুতো বিষয়ৰ সৈতে ওচৰ চপা। অথচ তাৰ পাছতো ভূগোল এক স্বতন্ত্ৰ আৰু নিদিষ্ট বিষয়। অৰ্থাৎ ভূগোলৰ সম্পৰ্ক সমাজ বিজ্ঞানৰ সৈতে থাকিলেও ইয়াক একক বিষয় হিচাবে অধ্যয়ন কৰাটো অতি জৰুৰী। এনে কাৰনতে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে লোৱা উপৰোক্ত সিদ্ধান্ত অতি আশা ব্যঞ্জক।
উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে উক্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ পৰৱৰ্তী কামখিনি অধিক গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হ’ব। প্ৰথম কামটোৱেই হৈছে সহজ ভাষাত বোধগম্য ভূগোল সংক্ৰান্তীয় পাঠ্যপুথি প্ৰস্তুত কৰা। উপযুক্ত পাঠ্যপুথি অবিহনে ভূগোলক ছাত্ৰ-ছাত্ৰীৰ মাজত জনপ্ৰিয় কৰাটো খুবেই জটিল। আনকি বহু সময়ত দেখা যায় পাঠ্যপুথিত সন্নিবিষ্ট বিষয়বস্তুসমূহ আমোদজনক নোহোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় পৰ্যায়ত ভূগোলক এক অতিৰিক্ত বোজা হিচাবেহে কঢ়িয়ায়।
তাৰ সমান্তৰাল ভাৱে ভূগোল সম্পৰ্কীয় প্ৰশিক্ষণ আৰু প্ৰায়োগিক শিক্ষাৰ অভিজ্ঞতা নথকা শিক্ষকে ভূগোলক সাধাৰণ জ্ঞান হিচাবেই ছাত্ৰ-ছাত্ৰীৰ সন্মুখত উপস্থাপন কৰা হেতুকে বিষয়টোৰ প্ৰকৃত অৰ্থ প্ৰতিফলিত নহয়।
তাৎপৰ্যপূৰ্ণভাৱে বিনামূলীয়া প্ৰাথমিক শিক্ষাৰ সুবিধা থকাৰ পাছতো আমাৰ দেশত প্ৰায় ৪০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতি বছৰে অষ্টম শ্ৰেণীৰ পাছতে বিদ্যালয় এৰে। ‘’Human Rights Watch’’ৰ ২০১৪ চনৰ তথ্য অনুসৰি এইসকল ছাত্ৰ-ছাত্ৰী পঢ়া আৰু লিখাৰ প্ৰাথমিক জ্ঞানখিনিৰ পৰাও বঞ্চিত। বেছিভাগ প্ৰাথমিক, মাধ্যমিক তথা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভূগোলৰ নিৰ্দিষ্ট শিক্ষকৰ নিযুক্তি নাথাকে। অৰ্থাৎ যিকোনো বিষয়ৰে স্নাতক তথা বি. এড ডিগ্ৰীধাৰী শিক্ষকেই সমাজ বিজ্ঞানৰ যিকোনো এটা বিষয়কে সামৰি লয়। শিক্ষক একোজনৰ বিশেষীকৰণ নথকাৰ বাবে অথবা বিশেষীকৰণ নথকা একোজন শিক্ষকে বিষয়টো নপঢ়োৱাৰ বাবে ছাত্ৰ-ছাত্ৰী প্ৰাথমিক পৰ্যায়তে বঞ্চিত হয় সুসংগঠিত শিকনৰ পৰা।
শেহতীয়াকৈ আমাৰ ৰাজ্যত শিক্ষা বিভাগে টেট উত্তীৰ্ণৰ শিক্ষাগত অৰ্হতাক দিয়া গুৰুত্ব মন কৰিবলগীয়া। কিন্তু তাৰ সমান্তৰাল ভাৱে প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত বিশেষীকৰণ থকা উপযুক্ত শিক্ষক নিযুক্তিত কৰা অৱহেলাই ছাত্ৰ-ছাত্ৰীৰ মানসিক পৰিপুষ্টি সাধনত যথেষ্ট খালী ঠাই ৰাখি থৈ গৈছে। এই খালী ঠাইসমূহ কেৱল মাত্ৰ অনলাইন শিক্ষাৰে পূৰণ কৰাটো অসম্ভৱ।
বিভিন্ন গৱেষণাই দেখুৱাইছে যে ভাৰতবৰ্ষৰ বেছিভাগ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত ইতিহাস, সমাজ শাস্ত্ৰ, ৰাজনীতি বিজ্ঞান অথবা অৰ্থনীতিৰ শিক্ষকে ভূগোলকো উপৰঞ্চি বিষয় হিচাবে পঢ়ায়।ভূগোলৰ প্ৰতি স্বাভাৱিক কৌতূহল জন্মাবৰ বাবে বিষয়টোক শিক্ষকজনেও প্ৰথমৰে পৰা জনাটো অতি জৰুৰী।
ৰাষ্ট্ৰীয় শৈক্ষিক আঁচনিৰ (NEP) শেহতীয়া উদ্দেশ্য অনুসৰি শিক্ষাক প্ৰাথমিক পৰ্যায়ৰে পৰা “Critical Thingking’’ অৰ্থাৎ বৌদ্ধিক চিন্তন হিচাবে পৰিচালিত কৰাটো বাঞ্চনীয়। ভূগোলে বৌদ্ধিক চিন্তনক এক ধৰণৰ আকৃতি দিবলৈ সক্ষম হয়। গৱেষণাই দেখুৱাইছে যে ছাত্ৰ-ছাত্ৰীয়ে ভূগোলক ভাল পাবলৈ আৰম্ভ কৰে তেতিয়াহে যেতিয়া শিক্ষক একোজনে বিষয়বস্তুক পাঠ্যপুথিৰ বাহিৰত গৈ উপস্থাপন কৰে। পাঠ্যপুথিৰ বহিৰ্ভূত উপস্থাপন শিকন আৰু মননৰ বাবে অতি লাভদায়ক যি শিক্ষাক ব্যৱহাৰিক কৰে।
পাঠ্যপুথি অথবা শ্ৰেণীকোঠাৰ বহিৰ্ভূত উপস্থাপন মানে দলগত কাম, ফিল্ড ৱৰ্ক, প্ৰেজেনটেচন, সৃষ্টিমূলক কৰ্মশালা, প্ৰদৰ্শনী ইত্যাদি হ’ব পাৰে। যিবোৰে বিষয়টোক পৰীক্ষামূলক ভাৱে বুজাত সহায় কৰে।
পৰীক্ষামূলক আৰু ব্যৱহাৰিক শিক্ষাৰ বাবে প্ৰতিখন বিদ্যালয়তে ভূগোল সম্পৰ্কীয় এটা লেব’ৰটৰি থকাটো অতি প্ৰয়োজনীয়। এই ক্ষেত্ৰত অতি পৰিতাপৰ কথা যে বহুতো বিদ্যালয়ত ভূগোলৰ সৈতে সংলগ্ন মেপ, গোলক, কম্পাছ আদিবোৰ বছৰৰ পাছত বছৰ আলমাৰীৰ ভিতৰত অথবা ষ্ট’ৰৰুমত ধূলিৰ ভিতৰতে পোত খাই থাকে। যিবোৰৰ সৈতে ছাত্ৰ-ছাত্ৰীৰ কোনোদিনেই চিনা-পৰিচয় নহয়। ই কোনোপধ্যেই ভুগোল শিক্ষাক জনপ্ৰিয় কৰিব নোৱাৰে।
শেষত, আটাইতকৈ প্ৰয়োজনীয় দিশটো হৈছে পাঠ্যপুথিত সন্নিবিষ্ট বিষয়বস্তু। ভূগোল এক বহল আৰু প্ৰতিদিনেই পৰিৱৰ্তিত বিষয়। সেয়ে ভূগোল মানে কেৱল আৰু কেৱল নিজৰ ঠাইখনক জনাটোৱেই নহয়।নিজৰ অঞ্চলটোক জনিবলৈ, বুজিবলৈ তাৰ সৈতে বিশ্বৰ আনবোৰ ঠাইৰ তুলনামূলক অধ্যয়ন খুবেই জৰুৰী। প্ৰাথমিক, মাধ্যমিক তথা উচ্চতৰ মাধ্যমিক পৰ্যায়ত ভূগোলৰ পাঠ্যপুথিত বিশ্বৰ দেশসমূহ, নিজৰ দেশ তথা ইয়াৰ চাৰিসীমাত অৱস্থিত দেশবোৰৰ সৈতে চা-চিনাকি থকাটো খুবেই জৰুৰী। পূব, পশ্চিম, উত্তৰ, দক্ষিণত যদি কি আছে আমি নাজানো, তেন্তে আমাৰ ঠাইখনৰ চৰিত্ৰও আমি নাজানো। আঞ্চলিক বিৱৰণৰ বাবে সেয়ে ভূগোলক শৈক্ষিক চেতনাৰে পৰিপুষ্ট কৰাটো অতি বাঞ্চনীয়। ইয়াত কোনো ৰাজনৈতিক দলৰ নিজা আদৰ্শতকৈ শিক্ষাৰ উদ্দেশ্য অন্তৰ্ভূক্ত হোৱাটোৱে প্ৰথম উদ্দেশ্য হোৱা উচিত।