ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ সংস্থাই চাৰি লেনযুক্ত ঘাই পথ নিৰ্মাণৰ বাবে ৬০০০ জোপা শাল গছ কাটিবলৈ ওলোৱাৰ ঘটনাই সমগ্ৰ অসমতে তোলপাৰ লগাইছে।
সেউজকৰণ, বহনক্ষম উন্নয়ন, প্ৰকৃতি ৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা বি জে পি শাসনাধীন চৰকাৰৰ এনে আজৱ কাণ্ডত সকলোৰে চকু কঁপালত উঠিছে। কেৱল প্ৰকৃতি ৰক্ষাৰ শ্লোগান দি বিশ্ব পৰিৱেশ দিৱস দিনা বৃক্ষ ৰোপণ কৰিয়েই চৰকাৰৰ দায়িত্ব শেষ নেকি বুলিও সচেতন মহলত প্ৰশ্ন উত্থাপিত হৈছে।
বৰ্তমান সময়ত বৰ ভয়ানক ভাবে গোলকীয় উষ্ণতা বৃদ্ধি পাইছে। উত্তৰ মেৰুৰ লাষ্ট আইচত বৃহৎ গহ্বৰৰ সৃষ্টি হৈছে। অতি ক্ষিপ্ৰ গতিত বৰফ গলিবলৈ ধৰিছে। বিজ্ঞানীসকলে এই দ্ৰুত পৰিৱৰ্তন দেখি অনুমান কৰাতকৈও বহুত আগতেই পৃথিৱী ধ্বংস বুলি সন্দেহ প্ৰকাশ কৰিছে।
উষ্ণতাৰ তাৰতম্য ঘটিছে। পূজাৰ সময়ত জেঠ মাহৰ দৰে পৰিৱেশ বিৰাজ কৰিছে। জলবায়ুৰ পৰিৱৰ্তনৰ ফলত দেশৰ কৃষি ব্যৱস্থা ধ্বংস হৈছে। অসমত চাহ পাতৰ উৎপাদন নিম্নগামী হৈছে।
বতাহত কভিদৰ দৰে ভয়াবহ বীজাণু উপঙি ফুৰিছে। মুকলিকৈ উশাহ ল’বলৈ নোৱাৰা হ’ল। ৰোগৰ সংখ্যা বাঢ়িছে। মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পাইছে।
পৰিৱেশ ধ্বংসৰ বাবে সংঘটিত হোৱা এনে ক্ষিপ্ৰ পৰিবৰ্তনৰ পিছতো ৬০০০ জোপাতকৈ অধিক শাল গছ কাটি অৰণ্য ধ্বংস কৰিবলৈ যোৱা পদক্ষেপ নিসন্দেহে গৰিহণাযোগ্য। চৰকাৰে এই ক্ষেত্ৰত আগভাগ লৈ প্ৰকৃতি ৰক্ষা কৰা উচিত।