VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শিঙি মাছৰ জোলকণ আৰু সামাজিক নিয়ম

ববিতা শইকীয়া by ববিতা শইকীয়া
November 4, 2022
in অভিমত
শিঙি মাছৰ জোলকণ আৰু সামাজিক নিয়ম
0
SHARES
128
VIEWS
Share on FacebookShare on Twitter

বজাৰত শিঙি মাছৰ দাম কেজিত বাৰ শ টকা শুনিলে মনটো কেনেবা লাগে।

এটা সময় সকলোৱে পাৰ কৰিছে। গাৱঁৰ পুখুৰীবোৰ সিঁচিলে যিবিলাক শিঙি মাছ ওলাইছিল, কেইজনমান ‘হিৰ’ জাতীয়’ ল’ৰাই বাৰীৰ পিছফালে জ্বলা সৰহকৈ দি নাল নথকা কাৰোবাৰ কেৰাহী এখনত ৰান্ধিছিল। খাই পোৱা নাছিলো যদিও সেই শিঙি মাছৰ জোলকণ খোৱাৰ লোভ এটা থাকি গ’ল। সেই সময়ত কলিতা, কোঁচ, কেওট, বামুন, গোসাঁই , চুতীয়া বা বহু আহোম সম্প্ৰদায়ৰ লোকেও শিঙি মাছ পাকঘৰত নাৰান্ধিছিল বা নাখাইছিল। যুক্তি আছিল যে শিঙি মাছ খালে মানুহ বেছি খঙাল হয়। এতিয়া অৱশ্যে ডাক্তৰৰ পৰামৰ্শ বুলিয়ে হওক অন্য কাৰণতেই হওক শৰীৰৰ বাবে উপকাৰী বুলি সকলো সম্প্ৰদায়ৰ লোকেই শিঙি মাছ খায়।

সময়ৰ লগে লগে সমাজৰ কথাবোৰ সলনি হয়েই। কেতিয়াবা নিয়ম একেই থাকে, যুক্তি বাঢ়ি যায় নিয়মৰ বিপৰীতে। তেতিয়াই আৰম্ভ হয় তৰ্ক আৰু বেমেজালি। প্ৰকৃততে সমাজৰ কোনো নিয়মেই ছাগে ইমান কঠোৰ নহয় বা হ’ব নালাগে যি নিয়মে বেলেগৰ মনত, জীৱনত আৰু আত্মসন্মানত আঘাত কৰে। পৃথক সামাজিক নিয়মেৰে পৰিচালিত বা দুটা ভিন্ন সম্প্ৰদায়ৰ পৰিয়াল যেতিয়া ওচৰ চুবুৰীয়া হিচাপে বসবাস কৰে , তেওঁলোকৰ মাজত প্ৰথমতে মিলাপ্ৰীতিৰহে প্ৰয়োজন। বিপদে আপদে সদায় ওচৰ চুবুৰীয়াইহে দৌৰি আহিব পাৰে। সামাজিক ৰীীতি নীতি বিপদৰ বন্ধু নহয়, বৰঞ্চ ই সমাজত সুস্থৰূপে বসবাস কৰাৰ প্ৰক্ৰিয়াহে মাথো।

সৰুৰে পৰা অসমৰ বাহিৰত থাকি পঢ়া শুনা কৰা মোৰ বান্ধবী এগৰাকীয়ে এবাৰ কৈছিল “তাইৰ হেনো অসমীয়া বিয়া বিলাক দেখিলে হাহিঁহে উঠে। গুজৰাট বা ৰাজস্থান আদিত বিয়া মানে কোটি কোটি টকা খৰচ কৰে। অথচ অসমত ইমান সৰুকৈ বিয়া পাতে’ ইত্যাদি ইত্যাদি।

তাইক মই তাৰ প্ৰত্যুত্তৰত সুধিছিলো তেনেকৈ ধুমধামকৈ পতা বিয়াৰ পাছত প্ৰতিখন বিয়াৰে পতি পত্নীৰ সম্পৰ্ক সুচলকৈ চলি আছেনে? কাৰো ডিভোৰ্চ হোৱা নাই নেকি? অথচ অনুষ্ঠুপীয়াকৈ আয়োজন কৰা ক’ত বিয়াৰ পৰিণতি অতি মধুৰ আৰু সফল হোৱা দেখা যায়!

নিয়মৰ যুক্তি তেতিয়ালৈকেহে থাকে য’ত শান্তি, সম্প্ৰীতি আৰু বুজাপৰা থাকে। নিয়ম মানুহৰ বাবে, মানবীয়তাৰ বাবেহে। কাৰোবাক কাঠগৰাত থিয় কৰাবৰ বাবে হয়জানো!নিয়মবিহীন সমাজ জেওৰা নথকা বাৰীৰ দৰে। কিন্তু নিয়মৰ পকী বেৰখন ইমান সুউচ্চ হোৱাটোও অনুচিত, য’ত কাষৰ ঘৰৰ মৰণপণ আৰ্তনাদ শুনা নাপায়!

বাৰীৰ চুকত ৰন্ধা শিঙি মাছৰ জোলকণলৈ আজিও মনত পৰে। লগতে গৌৰৱবোধ হয় কম বয়সতে লোভ সম্বৰণ কৰিব পৰাৰ বাবে। সেই সোৱাদ হয়তো আজিৰ ১২০০/- টকীয়া শিঙি মাছত নাই।আৰু নাই সেই বাৰীৰ চুকৰ শিঙি মাছ ৰান্ধি খাই স্ফূতি কৰা পৰম্পৰা!!

Previous Post

ক’ত আছে পৃথিৱীৰ একমাত্ৰ ওপঙিথকা ডাকঘৰটো?

Next Post

বিজেপিতকৈ এখোজ আগত কেজৰিৱাল,ঘোষণা হ’ল গুজৰাটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰার্থীৰ নাম

Related Posts

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী
অভিমত

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী

August 15, 2024
কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত
অভিমত

কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত

January 26, 2024
সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ
মুখ্য সংবাদ

সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ

October 4, 2023
বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ
অভিমত

বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ

August 21, 2023
আহল বহল চিন্তাবোৰ
অভিমত

আহল বহল চিন্তাবোৰ

July 28, 2023
আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?
অভিমত

আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?

April 1, 2023
Next Post
বিজেপিতকৈ এখোজ আগত কেজৰিৱাল,ঘোষণা হ’ল গুজৰাটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰার্থীৰ নাম

বিজেপিতকৈ এখোজ আগত কেজৰিৱাল,ঘোষণা হ’ল গুজৰাটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰার্থীৰ নাম

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7