প্ৰাচীন ভাৰতীয় সাহিত্যত স্বামীক বুজাওঁতে ‘আৰ্যপুত্ৰ’ শব্দটিৰ প্ৰয়োগ হৈছিল। অসমত আহোম ৰাজত্বৰ কালছোৱাত ৰজাৰ পত্নী অৰ্থাৎ ৰাণীয়ে স্বামীক ‘বঙহৰদেউ’ বুলি সম্বোধন কৰিছিল। আজিৰ দিনত স্বামীয়ে স্ত্ৰীক নাম কাৰি বা হে’ৰা আৰু ঠিক তেনেদৰে পত্নীয়েও নাম কাৰি বা হে’ৰি ,হে’ৰা আদি সম্বোধনেৰে মতা দেখা যায়। স্বামী-স্ত্ৰীক বুজোৱা শব্দবোৰ আঞ্চলিক ৰূপ ভেদে পৃথক পৃথক হোৱা দেখা যায়।
আনহাতে নামনি অসমত স্বামীক বুজাওঁতে ‘গিৰাক’ , ভাতাৰ , মৰদ , লালাক ,’ পৈয়েক’ আদি শব্দৰ প্ৰয়োগ হোৱাৰ দৰে স্ত্ৰীক – ঘৈৰেক , ঘৈণেক , মৈনাক , তিৰি , তিৰোতা আদি শব্দৰ প্ৰয়োগ কৰা দেখা যায়।
ৰাভা জনগোষ্ঠীৰ লোক সকলে স্বামীক ‘ছাই’ আৰু পত্নীক ‘জিক’ বুলি সম্বোধন কৰে ঠিক তেনেদৰে গাৰো জনগোষ্ঠীৰ লোক সকলে স্বামীক ‘ছিগোপা’ আৰু পত্নীক ‘ জিগোপা’ বুলি সম্বোধন কৰে।
দৰঙত স্বামীক ‘পৈয়েক’ আৰু ‘পত্নীক ‘ তিৰি বুলি সম্বোধন কৰে।
গোৱালপাৰাত পত্নীক গ’ , স্বামীক এ’ ৰে আদি সম্বোধন কৰা হয়। গোৱালপাৰাত পত্নীক বুজাওঁতে ‘পৰিবাৰ’ , ‘সাইয়ো’ , বৌ শব্দ আদিও প্ৰয়োগ কৰা হয়।
অঞ্চলভেদে শব্দবোৰ বেলেগ বেলেগ হ’লেওঁ প্ৰতিটো শব্দৰ মাজত বা প্ৰতিটো সম্বোধনতে সোমাই আছে অগাধ মৰম আৰু ভালপোৱা। (আগলৈ )