আঘোণ মাহটি অসমীয়াৰ কাৰণে সোণালী মাহ। এই মাহটিতেই কৃষিজীৱি অসমীয়াই লখিমী পথাৰৰ পৰা বছৰটোৰ বাবে সোণ বুটলাৰ সপোন দেখে। উজনি – নামনি সকলো অঞ্চলতে আৰু সকলো সম্প্ৰদায়ৰ লোকে ধান দোৱা আৰু ধান চপোৱা কামৰ লগত কিছুমান লোকাচাৰ পালন কৰি আহিছে অতীজৰে পৰা। ধান পকিলে প্ৰথম কাচি লগাবৰ সময়ত পালন কৰা হয় লখিমীৰ আগ লোৱা বা ধানৰ আগ অনা পৰ্ব।
লোক-সংস্কৃতিবিদ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ মতে , ” খেতি আৰম্ভ কৰাৰে পৰা ৰুই-তুলি , দাই-চপাই , ধান বহাই -শুকুৱাই খুন্দা-ভজালৈকে বিভিন্ন আচাৰ -অনুষ্ঠান আৰু সংস্কাৰ অসমীয়া গৃহস্থী এখনে মানে।”
আঘোণ মাহত ‘শালি’ ধান কাটিবৰ সময়ত প্ৰথমতে ‘ধানৰ আগ অনা পৰ্ব ‘ পালন কৰিহে অসমীয়া মানুহে ধান কটা পৰ্ব আৰম্ভ কৰে।
নামনি অসমত ভাল দিন-বাৰ আৰু যাত্ৰাৰ সময় চাই দিন এটা ঠিক কৰি ল’য়। সেইদিনাখন ঘৰ , চোতাল , ভঁৰাল ঘৰ আদি গোবৰ মাটিৰে মোচি শুদ্ধি কৰি ল’য়। ঘৰৰ থাপনাত কলৰ আগলতি পাতেৰে আসন পাতি চাকি -বন্তি জ্বলায় আৰু কাচি এখন ধুই-পখালি থৈ দিয়ে। ঘৰৰ মুৰব্বী মানুহজনে গা- ধুই তিতা কাপোৰেৰে ভৰাল ঘৰত সেৱা জনাই আগলতি কলপাতেৰে কাচি খন মেৰিয়াই লৈ পথাৰত সেৱা জনাই তিনি গোছা ধান কাটিব লাগে। গোছা তিনিটাৰ তলৰ মাটি খিনিত তিনিটা আচ দি কাচি খনেৰে একেবাৰতে কাটি ধানৰ আগ খিনি কাচি খনেৰে সৈতে কলপাতত মেৰিয়াই মূৰত তুলি লৈ ঘৰলৈ লৈ আনে। এইদৰে ঘৰলৈ আহি থকা সময়ত কাৰো লগত কথা পাতিব নাপায় বুলি নিয়ম মনা দেখা যায়। এইদৰে নিয়ম-নীতিৰ মাজেৰে ধানৰ আগ খিনি পাতি থোৱা আসনৰ ওপৰত থৈ সেৱা কৰি উঠি মাহ-প্ৰসাদ খায়। সন্ধিয়া ওচৰ চুবুৰীয়াক মাহ-প্ৰসাদ বিলাই দি ধানৰ আগ খিনি ভঁৰালৰ দুৱাৰ মুখৰ খুঁটাত বা বেৰত আঁৰি থোৱাৰ নিয়ম।
গোৱালপাৰা অঞ্চলত কাতি আঘোণ মাহৰ সংক্ৰান্তিৰ দিনা ঘৰ ,চোতাল , ভঁৰাল ঘৰ আদি গোৱৰ মাটিৰে মোচি শুদ্ধি কৰি লৈ গোসাই ঘৰৰ থাপনাত আগলতি কলপাতত কাচি খন থৈ দিয়ে। পিছত ঘৰৰ মুৰব্বী বা খেতি কৰা মানুহজনে গা ধুঁই গোসাই ঘৰত সেৱা জনাই কাচি খনলৈ পথাৰলৈ যায় আৰু নিয়ম অনুসৰি তিনি গোছা ধান কাটি কলপাতত মেৰিয়াই লৈ ঘৰলৈ আহে। ধানলৈ আহিবৰ সময়ত কাৰো লগত কথা নাপাতে আৰু পিছপিনে ঘূৰি চাবলৈ নাপায় বুলি বিশ্বাস কৰে।
উজনি অসমত আঘোণ মাহৰ কোনো এটা ভাল দিনত ঘৰৰ গৃহিণী , জীয়ৰী , বোৱাৰী নাইবা গৃহস্থ বা তেওঁৰ সৰু লৰাই পথাৰলৈ গৈ ভক্তিভাৱে ধান কেইগছী মান দাই আগলতি কলপাতত নুৰিয়াই মূৰত কঢ়িয়াই আনি ভঁৰালত প্ৰতিষ্ঠা কৰে। আহোঁতে কাৰো লগত মাত-বোল নকৰা বা পিছফালে ঘূৰি নোচোৱা এটা পালন কৰিবলগীয়া লোকাচাৰ। আগদিনাখন ঘৰৰ চোতাল , ভঁৰালঘৰ আদি গোবৰেৰে মচি শুদ্ধি কৰি ল’য়। সেইদিনা খন বিচনী আৰু পিৰা এখন ধুই ভঁৰাল ঘৰৰ সন্মুখত থৈ দিয়া হয়। ঘৰখনৰ উপবাসত থকা বিশেষ এজনে গা ধুই তিতা কাপোৰেৰে দোণ বা খৰাহীৰ সৈতে কাচি লৈ পথাৰলৈ যায়। পথাৰত সেৱা জনাই একে উশাহতে তিনি বা পাঁচ গছী ধানৰ শীহ কাটি আগলতি কলপাতত মেৰিয়াই খৰাহীত থৈ মূৰত তুলি ঘৰলৈ আহে। আগ অনা মানুহজন পদুলিমুখ পালে ঘৰৰ জেষ্ঠ জনে পাণ এখিলাৰে বৰণ কৰি ভঁৰাললৈ আগবঢ়াই আনে। আগৰেপৰা সজাই থোৱা পীৰা খনত ধানৰ শীহ কেইটা পাতি বিচনীৰে বিচি চাকি -বন্তি জ্বলাই মাহ-প্ৰসাদ আগবঢ়ায়। তিনিদিনৰ দিনা শীহ কেইটা ভঁৰালৰ খুটাত বা গোঁসাই ঘৰৰ থাপনাত থৈ দিয়ে আৰু সেইদিনৰ পৰা ধান কটা আৰম্ভ কৰিব পাঁৰে।
বড়ো-কছাৰী সকলে ধানৰ আগ অনা পৰ্বটোক ‘ মায়নাও লায়নাও ‘ বোলে। মায়নাও আনিবৰ বাবে বেছিভাগ বড়োলোকে সোমবাৰ বা বৃহস্পতিবাৰক প্ৰধান্য দিয়ে। সেইদিনাখন ঘৰ-দুৱাৰ মচি ঘৰৰ মূল গৃহিণীয়ে গা ধুই শুদ্ধভাৱে কলপাত এখিলা , পৱিত্ৰপানী এলোটা আৰু কাচি এখন লৈ বাথৌৰ বেদীত প্ৰণাম জনাই লোটাটো মূৰৰ ওপৰতলৈ তাৰ ওপৰত কাচি খনলৈ পথাৰলৈ যায় আৰু উত্তৰ-পূৱ কোণৰ এগছী ধান লোটাৰ পৱিত্ৰ পানী ছটিয়াই সেৱা জনাই ধানগছী কাটি কলপাতেৰে মেৰিয়াই লৈ লোটাৰ মুখত থৈ কঢ়িয়াই লৈ আনে। ৰান্ধনী ঘৰৰ মায়নাওৰ বেদীত নাইবা ভঁৰালত ধান গছী থৈ দিয়ে।
পাতি ৰাভা সকলে ‘আগলোৱা’ পৰ্বৰ আগতে ঘৰত ঘৰগোহানী পূজা কৰে । তাৰ পাছত পথাৰত গৈ থাপনা পাতি ঘৰ গোহানীৰ পাঁচপুত্ৰৰ নামত একেখন আগলতি কলপাতত পাঁচভাগ প্ৰসাদ দি পূজা কৰি পাঁচগছী ধান কাটি এখন কলপাতত লৈ ঘৰলৈ আনি ঘৰ গোহানীৰ স্থায়ী বেদীত বান্ধি থৈ দিয়ে। ধানৰ গছীলৈ ঘৰত আহি থকা সময়ত কাৰো লগত মাত-বোল নকৰে । তেনে কৰিলে লক্ষীদেৱীয়ে পথাৰলৈ গুচি যায় বুলি বিশ্বাস কৰে।
কোচ-ৰাজবংশী সকলে আঘোণ মাহৰ পহিলা তাৰিখে ‘আগঅনা’ পৰ্বটি পালন কৰে। নিয়ম আছে যে যি গৰাকী ব্যক্তিয়ে ধানৰ ‘গোছা’ দিছিল সেই ব্যক্তিজনে ‘আাগঅনা’ কাৰ্যটো কৰিব লাগে। আন আন জনগোষ্ঠী সমূহৰ দৰে কোচ-ৰাজবংশী সকলেও ঘৰ- চোতাল মচি লোৱাৰ পিছত শুদ্ধভাৱে পথাৰলৈ যায় আৰু প্ৰথমে গোছা দিয়া ঠাইখিনি চিহ্নিত কৰি লোটাত লৈ যোৱা সোণ-ৰূপৰ পানী ছটিয়াই সেৱা জনাই বাওঁহাতেৰে চাৰিগছী আৰু সোঁ হাতেৰে তিনিগছী মুঠতে সাতগছী ধান কাটি আগলি কলপাতৰ মাজত নতুন গামোচাৰে মেৰিয়াই লৈ মূৰৰ ওপৰত তুলি ঘৰলৈ আহে। বাটত কাৰো লগত মাত-বোল নকৰা এওঁলোকৰ মাজতো পৰম্পৰা আছে। লোটাত থকা সোণ-ৰূপৰ পানীখিনি ৰান্ধনী ঘৰৰ চালত ঢালি দিয়ে আৰু এই পানী খিনি চালৰ পৰা মাটিত পৰি থকা সময়তে আগতে সজাই থোৱা থানশ্ৰীৰ দোণৰ ওপৰত আগখিনি থৈ বিভিন্ন নীতি -নিয়মেৰে গৃহিনীয়ে পূজা কৰে। সন্ধিয়া থানশ্ৰীৰ প্ৰতীক কাঠদালত ধান সাতগছী বান্ধি থৈ দিয়ে। তিনিদিনৰ ভিতৰত ‘বুঢ়া-বুঢ়ীৰ ভাৰ ফেলা’ অনুষ্ঠানটি পালন কৰাৰ পাছত এই পৰ্বৰ সামৰণি পৰে।
কোনো কোনো অঞ্চলত লখিমীৰ আগ অনা দিনাখনে লখিমী সবাহ পাতে আৰু লখিমীৰ নাম গায়।
অসম কৃষি প্ৰধান দেশ। প্ৰতিজন খেতিয়কে প্ৰধান শস্য ধানক লখিমি জ্ঞান কৰাৰ লগতে পথাৰত সপোন ৰোচে। বছৰটোৰ আৰম্ভণিৰ পৰাই কৰা কষ্টৰ সাৰ্থকতা পায় আঘোণ মাহত।
আঘোণ মাহ সপোনৰ মাহ , সাফল্যৰ মাহ। খেতিৰ লগত জৰিত হৈ থকা পৰম্পৰা সমূহ অসমীয়াৰ ঐতিহ্য। এই পৰম্পৰা সমূহ অতীজৰে পৰা চলি আহিছে আৰু চলি থাকিব চিৰ’দিন -চিৰ’কাল।