ভাদমাহ অসমীয়া জনজীৱনৰ আনন্দ আৰু ভক্তিৰসেৰে পৰিপূৰ্ণ এটি মাহ। এই পৱিত্ৰ ভাদ মাহটোতেই অসমৰ আকাশ-বতাহ মুখৰিত কৰি সত্ৰ , নামঘৰ আদিত উদযাপিত হয় মহাপুৰুষ দুজনাৰ তিথিৰ লগতে শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উৎসৱ। অসমৰ প্ৰায়সমূহ নামঘৰ আৰু সত্ৰতেই শঙ্কৰদেৱৰ আদৰ্শৰ পৰম্পৰাতেই আয়তী আৰু ভকত সকলে হৰিনাম -কীৰ্তন কৰি ভক্তি ৰসৰ নিজৰা বোৱাই শান্তিৰ পৰিৱেশ সৃষ্টি কৰে। আজি কৰম পূজা। অসমৰ জাতীয় উৎসৱৰ দৰেই চাহ শ্ৰমিক সকলৰ কৰম পূজা অতিকৈ মৰমৰ , অতিকৈ চেনেহৰ।
“হামাদেৰ কৰম পূজা
বৈশাখ বিহুৰ সমানৰে
সৃষ্টিৰ কথা আছে গাঁথা
আৰ কৰমেৰ ধৰম ৰে।”
এই পৱিত্ৰ মাহটোতেই বৃহৎ অসমীয়া জাতিৰ অংশীদাৰ চাহ-শ্ৰমিক সকলে অসমত বসতি স্থাপন কৰাৰ সময়ৰে পৰা আনন্দৰে পালন কৰি আহিছে কৰম তথা কৰম পূজা।
ভাদ মাহৰ শুক্লা একাদশী তিথিত চাহশ্ৰমিক সকলে তেওঁলোকৰ জাতীয় জীৱনৰ প্ৰধান উৎসৱ কৰম উৎসৱ উদযাপন কৰে। উৎসৱৰ সাত দিন আগতে গাৱঁৰ অবিবাহিত কুমাৰী ছোৱালী (কৰমতী) সকলে পৃথিৱীৰ বুকুত অধিক শষ্যৰ কামনা কৰি আৰু বংশ-বৃদ্ধিৰ মানসেৰে নদীৰ পাৰলৈ গৈ গা ধুই ভক্তি ভাবেৰে এডোখৰ পৰিষ্কাৰ ঠাইত থাপনা পাতে। থাপনা পতাৰ পিছত এই কুমাৰী ছোৱালী বা কৰমতী সকলে লগত নিয়া টুপা বা ডালিত (সৰু সৰু পাচি)নদীৰ পৰা বালি মাটি আনি তাত বুট , মাহ , মগু , সৰিয়হ , যৱ আদি বিভিন্ন জাতৰ শষ্যৰ বীজ অংকুৰিত হ’বলৈ সিঁচি দিয়ে আৰু পাত্ৰবোৰ ভক্তি ভাৱেৰে নিৰ্দিষ্ট ঠাইত থৈ দিয়ে।
লোকবিশ্বাস অনুসৰি , এইকেইদিন কৰমতী সকলে অৰ্থাৎ থাপনা পতাৰ দিনৰ পৰা কৰম পূজাৰ আগদিনলৈকে মূৰৰ চুলি নাবান্ধে , কুচি-মুচি নোশোৱে , অপৱিত্ৰ ঠাইলৈ গমন নকৰে। তেওঁলোকে বিশ্বাস কৰে যে এনেবোৰ কাৰ্য কৰিলে গজালি ওলাবলৈ দিয়া শষ্যৰ বীজ সমূহ পোন নহৈ একা বেকা হ’ব , শষ্যবোৰ লহপহকৈ নাবাঢ়ি দুৰ্বল আৰু নিশকতীয়া হ’ব বুলি ধাৰণা কৰে। আনহাতে কৰমতী সকলে এইকেইদিন সন্ধিয়া ধূপ-ধূনা -বন্তি জ্বলাই অংকুৰণৰ বাবে থোৱা বীজ সমূহৰ টুপা বা ডালি সমূহ কৰমৰ বেদীলৈ লৈ যায় আৰু নিৰ্দিষ্ট জাগৰণ গীত পৰিৱেশন কৰে। নাৰী হৃদয়ৰ মনৰ চিৰন্তন আশা- আকাংক্ষা , চিন্তা-চৰ্চা , হৰ্ষ-বিষাদ , প্ৰেম-প্ৰীতি , কামনা-বাসনা আৰু ঘাত-প্ৰতিঘাত আদিৰ পূৰ্ণ ৰূপ ফুটি উঠে এই জাগৰণ গীত সমূহত।
এই লোকাচাৰ সমূহ পাঁচ দিন কৰাৰ পিচত ষষ্ঠদিনা কৰমতী সকলে আকৌ নদী বা জান-জুৰিৰ ওচৰলৈ গৈ গা ধুই পৱিত্ৰ মনেৰে একোঘটকৈ পানী আনে আৰু শষ্য গজিবলৈ থোৱা ডালি সমূহ চোতালত থৈ তাৰ চাৰিওফালে লগত অনা ঘট সমূহ মূৰত লৈ নৃত্য কৰে -এই নৃত্যক ‘জলঘট’ নৃত্য বোলে।
শুক্লা একাদশীৰ সন্ধিয়া গাৱঁৰ পুৰুষ-তিৰোতা ,কৰমতী আদি সকলোৱে একেলগে ঢোল-মাদলৰ তালে তালে নৃত্য কৰে আৰু কৰম গছৰ ডাল এটা আনি উৎসৱ বেদীত স্থাপন কৰাৰ লগতে পৰম্পৰাগত নীতি-নিয়ম অনুসৰি পৱিত্ৰ মনেৰে চাকি -বন্তি জ্বলাই কৰম বন্দনা গাই পূজা-অৰ্চনা কৰে। এই উৎসৱত মনোৰঞ্জন আৰু উপদেশ মূলক লোক-কাহিনী ‘কহনী বুঢ়াই’ কৰমতী সকলৰ আগত ব্যাখ্যা কৰে।
লোক-কাহিনী কোৱা শেষ হোৱাৰ লগে লগে আৰম্ভ হয় কৰম নৃত্য বা ঝুমাইৰ নৃত্য। লোক-বাদ্য , ঢোল -মাদল , কৰতাল ,বাঁহী আদিৰ সুমধুৰ ধ্বনি আৰু কৰম গীতৰ তালে তালে ডেকা-গাভৰু , মুনিহ-তিৰোতাই আপোন পাহৰা হৈ গোটেই ৰাতি গীতগোৱাৰ লগতে নৃত্যও কৰে। ব’হাগ বিহুৰ দৰে জাতীয় -জীৱনৰ চিন্তা চৰ্চা , আশা-আকাংক্ষা , আনন্দ-অনুভূতি আদি প্ৰতিভাত হয় চাহ শ্ৰমিক সকলৰ হিয়াৰ আপোন অতিকৈ মৰমৰ এই ঝুমৰাইত।
এনেদৰে ওৰেটো নিশা নাচ-গান কৰি আনন্দত মতলীয়া হৈ উৎসৱৰ পিছদিনা নৃত্য গীতেৰেই কৰম পূজাৰ বেদীৰ পৰা কৰম ডাল সম্বলিত কৰম গোঁসাইক নিয়ম-নীতিৰে নদী- পুখুৰী আদিত বিসৰ্জন দিয়ে। ইয়াৰ উপৰিও কৰমতী সকলৰ টুপা বা ডালিৰ শষ্য সমূহ ওচৰৰ পথাৰত ৰোপণ কৰি শষ্য আৰু সকলোৰে মংগলৰ বাবে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনায়।
চাহ শ্ৰমিক সকলৰ অতি প্ৰাচীন কালৰে পৰা পালন কৰি অহা কৰম পূজা অতিকৈ চেনেহৰ আৰু ইয়াৰ সৌন্দৰ্য চিৰ’নতুন। লোক-বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত এই কৰম পূজা বা কৰম উৎসৱে আমাক আনন্দ দিয়াৰ উপৰিও লোক-সংস্কৃতিৰ পথাৰ খন চহকী কৰি ৰাখিছে।