গোৱালপাৰা জিলাৰ লোকসংস্কৃতিত কাতি পূজাই উল্লেখযোগ্য স্থান অধিকাৰ কৰি আহিছে। কাতি ঠাকুৰ বা কাৰ্তিক দেৱতাৰ পূজা এই অঞ্চলৰ মহিলা সকলৰ অতি জনপ্ৰিয় আৰু আটাইতকৈ ডাঙৰ উৎসৱ অনুষ্ঠান।
লোকাবিশ্বাস মতে , কাৰ্তিক – শিৱ আৰু চণ্ডীৰ পুত্ৰ । গোৱালপাৰীয়া নাৰী সমাজৰ এগৰাকী বিশেষ দেৱতা হ’ল কাৰ্তিক। সাধাৰণতে পুত্ৰ কামনা কৰি সন্তানহীনা তিৰোতা সকলে লৌকিক আচাৰ -অনুষ্ঠানেৰে এই পূজা পাতে। কাতি ঠাকুৰৰ কৃপা দৃষ্টি লাভ কৰিলে সন্তান আৰু শস্যবৃদ্ধি হয় বুলি লোক বিশ্বাস আছে। কাতি মাহৰ দোমাহী অৰ্থাৎ সংক্ৰান্তিৰ দিনা কাতি পূজা কৰাৰ পৰম্পৰা চলি আহিছে অতীজৰে পৰা। আজিকালি সকলোৰে সুবিধা অনুযায়ী সংক্ৰান্তিৰ দিনা আৰম্ভ হৈ গোটেই আঘোণ মাহত একোদিনে একোজনৰ ঘৰত কাতি পূজা পতা হয়।
সাধাৰণতে কাতি মাহৰ সংক্ৰান্তিৰ নিশা গাৱঁৰ মহিলা সকলে ঘৰৰ সকলোৱে শুবলৈ যোৱাৰ পিছত , নিজৰ ঘৰৰ কাম সামৰি সম্পূৰ্ণ আজৰি হৈ পূজাথলীলৈ যায়। পূজা উপলক্ষে নিৰ্দিষ্ট ঠাইত কাৰ্তিক দেৱতাৰ মূৰ্তি স্থাপন কৰি বিভিন্ন উপাচাৰেৰে নৈবেদ্য আগবঢ়াই পূজা কৰা হয়। ( অঞ্চল ভেদে কুঁহিলা বা মাটিৰে মূৰ্তি সাজি ল’য় )
পূজাত পুৰোহিতে পূজাৰ বিধিগত কাম কৰাৰ লগে লগে ঢাকুৱাই ঢাক বজাই পূজাৰ আৰম্ভনি কৰে । এই পূজাত পুৰোহিত আৰু ঢাকুৱাৰ বাহিৰে আন পুৰুষে প্ৰৱেশ কৰিব নোঁৱাৰে । পূজাৰ কামখিনি হোৱাৰ পিছত পুৰোহিত আৰু ঢাকুৱা জন সেই স্থান পৰিত্যাগ কৰে। ৰাতি গভীৰ হোৱাৰ লগে লগে মহা ধুমধামেৰে আৰম্ভ হয় নৃত্য-গীত। উলহ-মালহেৰে আনন্দত মতলীয়া হৈ নাচনী সকলে লাস্যময়ী ভংগিমাত গীতৰ তালে তালে আপোন পাহৰা হৈ গীত গাই গাই নাচি -বাগি পূজা স্থলী মুখৰ কৰি তোলে। কাৰ্তিক দেৱতাৰ জন্ম বৃত্তান্তৰ মাজেৰে প্ৰকাশ পায় গোৱালপাৰীয়া সাধাৰণ মহিলাৰ আদি ৰসাত্মক ভাবৰ ভাৱনা আৰু ধাৰনা। নাটকীয় অভিনয়ৰ মাজেদি গোৱালপাৰীয়া সাধাৰণ মহিলাৰ অভিনয় কলাৰ বাংময় ৰূপ প্ৰকাশ পায়। মুঠতে কাতি পূজাৰ নৃত্য-গীত -অভিনয়ত গোৱালপাৰাৰ চহা পৰিয়ালৰ মহিলা সকলৰ ভাষা-সাহিত্য, সংস্কৃতি আৰু কলাৰ অপূৰ্ব সমন্বয় ফুটি উঠে-
” কাতি ঠাকুৰেৰ বৰে
পুত্ৰ পাইচোং কোলে ।
কাতি ঠাকুৰেৰ বৰে
শষ্য আসিবে ঘৰে ।।”
অৰ্থাৎ কাতি পূজাৰ মূল উপাস্য দেৱতা কাৰ্তিক বা কাতি দেৱতাই সন্তান আৰু শষ্যদাতা। অৰ্থাৎ তেওঁক পূজা কৰা মানেই পুত্ৰ আৰু শষ্য দুয়োটাই মানৱৰ বাবে অতি জৰুৰী বস্তু লাভ কৰা। বংশ ৰক্ষাৰ বাবে যিদৰে সন্তানৰ প্ৰয়োজন ঠিক তেনেদৰে জীয়াই থাকিবলৈ খাদ্যও অতি প্ৰয়োজন। গতিকে এই দুয়োটাকে পাবলৈ গোৱালপাৰীয়া মহিলাই যুগে যুগে পালন কৰি আহিছে কাতি মাহৰ সংক্ৰান্তিৰ নিশা কাতি দেৱতাৰ পূজা।
জনশ্ৰুতি মতে, কাতি অকুমটা অৰ্থাৎ অবিবাহিত। কথিত আছে কাৰ্তিকে বিয়া কৰিবৰ অভিপ্ৰায়েৰে কইনা ঘৰলৈ যাত্ৰা কৰি থাকোঁতে বিশেষ কাৰণত ঘূৰি আহি মাকক গো গ্ৰাসেৰে খাই থকা অৱস্থাত দেখা পালে। তাকে দেখি কাৰ্তিকে ভাবিলে বিয়াৰ পাছত পত্নীয়ে যদি মাকৰ খোৱা লৈ বেয়া ব্যৱহাৰ কৰে এনে আশংকা মনত লৈ কাৰ্তিকে বিয়াত বহাৰ পৰা বিৰত থাকি চিৰ’কুমাৰ হৈ থকাৰ সিদ্ধান্ত ল’য়। কাৰ্তিকৰ অবিবাহিত জীৱনকলৈ লোক কাহিনী সম্বলিত গীত এটাত ব্যঙ্গাত্মক ৰূপত প্ৰকাশ পাইছে এনেদৰে—
” কাইত কান্দে কাতিকা কান্দে
হাতে নিয়া ধনু
শহৈৰা কাতিয়ো কান্দে
না হৈলো তোৰ বিয়া।”
কাতি পূজা বিশেষকৈ দুই ধৰণেৰে পালন কৰা দেখা যায়। ৰাজহুৱা ভাৱে আৰু মাৰেয়া অৰ্থাৎ ব্যক্তিগত ভাৱে। সাধাৰণতে বাঞ্চিত আশা পুৰণ হোৱা কোনো মহিলাই ব্যক্তিগত ভাৱে এই পূজা অনুষ্ঠিত কৰে আৰু তাতে গাওঁৰ আন আন মহিলা সকলে অংশ গ্ৰহণ কৰে। যি ঘৰত পূজা হ’ব সেই ঘৰৰ গৃহস্থ জনক ‘মাৰোৱা’ বোলে। পূজাত সন্তানহীন মহিলাই সন্তান কামনা কৰি আৰু অন্যান্য সকলে নিজৰ ঘৰৰ শস্য , পথাৰৰ শস্যৰ মংগল আৰু শ্ৰী বৃদ্ধিৰ কামনা কৰি কাতি দেৱতাক সেৱা কৰি আশীৰ্বাদ ল’য়। সাধাৰণতে মনোকামনা পুৰণৰ অৰ্থে যি সকল মহিলাই গোটেই দিনটো উপবাসে থাকি কাতি দেৱতাৰ ওচৰত শৰাই আগবঢ়াই আঠু ল’য় তেতিয়াই আন মহিলা সকলে কাৰ্তিক দেৱতাই আঠুলোৱা মহিলা গৰাকীৰ মনোবাঞ্চা পুৰণ কৰিলে অহা বছৰত কাৰ্তিক দেৱতাৰ নামত পূজা এভাগ আগবঢ়াব বুলি কৈ আশীৰ্বাদ দি উৰুলি দিয়ে।
মুঠতে গোৱালপাৰাৰ স্ত্ৰী কেন্দ্ৰিক কাতি পূজা। এই পূজাত কোনো ধৰ্মীয় বা শাস্ত্ৰীয় নিয়ম নাই। কাতি পূজা হৈছে গোৱালপাৰীয়া কৃষিজীবি সমাজৰ সাধাৰণ মহিলাৰ মনোবাঞ্চা পুৰণৰ অৰ্থে উদযাপিত হোৱা নৃত্য-গীত আৰু অভিনয়ৰে এটি প্ৰজননকৃত উৎসৱ।