এগৰাকী বা য়ে এদিন হোষ্টেলৰ আড্ডাত চেলেঞ্জ কৰিছিল “সমাজত এনে কেইগৰাকী মহিলা ওলাব যিয়ে নেকি ৰাতি পাক্ঘৰটো লেতেৰা পেতেৰাকৈ এৰি শান্তিত নৈশ যাপন কৰিব পাৰে? মই কিন্তু পাৰোঁ।” তেখেতে কৈছিল।
কথাতো মিছা নহয়। বেছি সংখ্যক মহিলাই তেনেকুৱা। পাকঘৰত কিবা ৰান্ধি উঠাৰ পিছত গেছ আৰু আন আন বস্তুবোৰ চিজিল কৰিহে পাকঘৰৰ পৰা ওলাব পাৰে বা শুবলৈ যাব পাৰে। কৰ্মৰত মহিলা সকলেও কাৰ্যক্ষেত্ৰলৈ যাওঁতে যিমানে ল’ৰালৰি নহওক কিয় পাকঘৰটো চাফা কৰিহে ওলাই যায়। যিসকলৰ ঘৰুৱা কাম কৰা মানুহে পাকঘৰৰ কাম-কাজ কৰে, তেওঁকো আকৌ গৃহস্থনীয়ে বাৰে বাৰে সোৱঁৰাই থাকে “পাক ঘৰ চাফা কৰিহে যাবি কিন্তু”!
যিকি নহওক, মোৰ হোষ্টেলৰ বা জনীয়ে চেলেঞ্জ (?) কৰাৰ দৰে যিসকল মহিলাই পাকঘৰ টো লেতেৰা হৈ থকাৰ পাছতো অলপো অশান্তি নোপোৱাকৈ নিজৰ অন্য কাম কাজ চলাই থাকিব পাৰে, তেওঁলোক কিন্তু সচঁা অৰ্থত পুৰুষৰ সমান !
মহিলাই ৰান্ধিব আৰু পুৰুষে দকচি খাব, সেই ৰাম আৰু অযোধ্যা দুয়োটাই আজি নাই। আজিকালি প্ৰতিখন ঘৰতে পুৰুষসকলে কিবা এটা ৰান্ধিবলৈ ছাগে পাকঘৰত সোমায়েই। আনহাতে সৰু হোটেল খনৰ আৰম্ভ কৰি পঞ্চতাৰকালৈকে সকলো বৃত্তিগত পাকঘৰত পুৰুষৰ দপ্দপনি। আনকি চৰকাৰী বিষয়া বা আন আন বিশিষ্ট ব্যক্তিৰ পাকঘৰত চৰকাৰী ৰান্ধনি সকল কিন্তু পুৰুষেই হয় ।
বৃত্তিগত পাকঘৰত মহিলা সোমালে কথাতো যেন গম্ভীৰ হৈ পৰে আৰু মাজে মাজে খবৰ কাগজতো বাতৰি হিচাপে ফটো সহকাৰে প্ৰকাশিত হয় -“অমুক হোটেলৰ ৰান্ধনীকে ধৰি সকলো কৰ্মী মহিলা। মহিলা সৱলীকৰণ!! অথচ ঘৰুৱা পাকঘৰ সমূহ মহিলাইয়ে অতীজৰে পৰা সুচাৰুৰূপে পৰিচালনা কৰি আহিছে।
যি কি নহওক আজিৰ জেণ্ডাৰ নিউট্ৰেল চছাইটিত যদিও ঘৰুৱা জীৱনত মহিলাক আতৰাই পুৰুষ সকলে পাকঘৰত সোমাবলৈ লৈছে তথাপিতো তেওঁলোক যেন সফল হ’ব পৰা নাই। তেওঁলোক “পাক্ঘৰ ফ্ৰেণ্ডলি” বা পাক্ঘৰ সমূহ “পুৰুষ ফ্ৰেণ্ডলি” হ’বলৈ এতিয়াও বাকী।
পাকঘৰত পুৰুষসকলে কেনেকৈ চিকেন ৰান্ধে?
পোনচাটেই চিকেন খিনি ধুবলৈ আৰম্ভ কৰে। তাৰপাছত সানিবলৈ হালধি-নিমখ বিচাৰি ফুৰে। চিকেন লাগি থকা হাতখনেৰেই আকৌ নিমখৰ বৈয়ামটো খোলে, নহৰু-পিয়াঁজৰ বাকলিবোৰ উফৰি উফৰি তলত পৰেগৈ, হালধি লগা হাতখনেৰেই ফ্ৰীজ টো খুলি দিয়ে ফলত হালধীয়া দাগবোৰ ফ্ৰীজত লাগি থাকে, চিকেনৰ সোৱাদ চেক্ কৰোঁতে কৰোঁতে বাতি, প্লেট, চামুচ আদিৰে বেচিন ভৰি পৰে। সদৌ শেষত তেলৰ টোপালেৰে ভৰি থকা গেছটো, পিয়াঁজৰ বাকলিৰে লেতেৰা হৈ থকা ফ্ল’ৰখন, বাচন ভৰ্তি বেচিন টো এৰি থৈ বৰ আৰামেৰে টি ভি টোৰ সন্মুখত বহি লৈ ফোনত কাৰোবাক ক’ব পাৰে “এইমাত্ৰ পাকঘৰৰ পৰা ওলাইছোহে ৰ’বা…” ইফালে লেতেৰা পাকঘৰ দেখি শান্তি নোপোৱা গৃহস্থনীয়ে পাকঘৰ চাফা কৰিবলৈ আকৌ এঘণ্টা ব্যয় কৰিব লগা হয়।
মুঠৰ ওপৰত পুৰুষ -মহিলা সমান নহয়! পুৰুষবোৰ পাক্ঘৰ ফ্ৰেণ্ডলি হ’বলৈ এতিয়া বহু দূৰ।
পুৰুষসকল পাক্ঘৰ ফ্ৰেণ্ডলি বা পাক্ঘৰ বোৰো পুৰুষ ফ্ৰেণ্ডলি নহয়!