ঘৰ এখনৰ অতি প্ৰয়োজনীয় অংশ পাকঘৰ বা ৰান্ধনিশাল। পাকঘৰটো ৰ’দ পৰা ঠাইত হোৱাৰ লগতে চাফ-চিকুণ কৈ ৰাখিব লাগে।
বাস্তু শাস্ত্ৰ এক বিজ্ঞান সন্মত প্ৰযুক্তিবিদ্যা। বাস্তুশাস্ত্ৰত পাঁচ টা উপাদানৰ ওপৰত ভিত্তি কৰি সমস্যাসমূহ সমাধান কৰা হয়। পানী , বায়ু , অগ্নি , পৃথিৱী আৰু মহাকাশ–এই উপাদান কেইটা সঠিক দিশত থাকিলে মানুহৰ জীৱনত সুখ-শান্তি আৰু ধন-সম্পত্তিৰে ভৰি পৰে ।
বাস্তুশাস্ত্ৰ মতে কোন দিশত পাকঘৰ নিৰ্মাণ কৰিলে ধনাত্মক আৰু ঋণাত্মক ফল পোৱা যায় সেয়া আমি জানিব পাৰোঁ।ঘৰখনৰ ক্ষয়-ক্ষতি নোহোৱাকৈ কিছুমান উপাদানৰ দ্বাৰা আমি সমাধান কৰিব পাৰোঁ।
উত্তৰ :- উত্তৰ দিশত পাকঘৰ থাকিলে , জীৱনত সুযোগ কমকৈ আহিব বা নাহিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত উৎপাদিত সামগ্ৰী বজাৰত বিক্ৰী নহব পাৰে ।
সমাধান:- পাকঘৰৰ চুলাৰ তলত সেউজীয়া মাৰ্বল লগালে ঋণাত্মক ফল নাইকীয়া হ’ব।
উত্তৰ – উত্তৰ-পূৱ:- এই দিশত পাকঘৰ থাকিলে বেমাৰ আজাৰে দেখা দিব। মানুহৰ দেহত বেমাৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা কমি যাব।
সমাধান:- চুলাৰ তলত সেউজীয়া ৰঙৰ মাৰ্বল লগাব লাগে।
উত্তৰ-পূৱ:- এই দিশত পাকঘৰ থাকিলে মানুহৰ মনত দূৰদৰ্শিতাৰ অভাৱ ঘটিব । সকলো কামতে বিফলতা আৰু লোকচানৰ সন্মুখীন হ’ব।
সমাধান:- চুলাৰ তলত সেউজীয়া মাৰ্বল লগাব লাগে।
ওপৰত উল্লেখ কৰা দিশ কেইটাত যদি পাকঘৰ থাকে , তেনেহলে প্ৰাপ্য ধন পোৱাত অসুবিধা হয়। মনৰ আত্মবিশ্বাস কমি যায় , টোপনি নাহে আৰু টকা-পইচা অহা সুযোগ- সুবিধা কমি যায়।
পূৱ-উত্তৰ-পূৱ:- এই দিশত পাকঘৰ থাকিলে জীৱনত আনন্দ কমি যায়।
সমাধান:– পাকঘৰৰ চুলাৰ তলত সেউজীয়া ৰঙৰ মাৰ্বল লগাব লাগে।
পূৱ:- এই দিশত পাকঘৰ থাকিলে সামাজিক সংযোগ কমিব , তাৰ ফলত বিয়া-বাৰুৰ সমস্যাই দেখা দিয়ে। চাকৰি পোৱাৰ ক্ষেত্ৰত বাধা আহিব।
সমাধান:- চুলাৰ তলত সেউজীয়া ৰঙৰ মাৰ্বল লগাব লাগে।
পূৱ -দক্ষিণ -পূৱ:– এই দিশত পাকঘৰ থাকিলে মানুহৰ সৰু-সুৰা কথাত খং উঠে আৰু মানুহৰ মাজত মনোমালিন্য ঘটে।
সমাধান:– চুলাৰ তলত সেউজীয়া ৰঙৰ মাৰ্বল লগাব লাগে।
দক্ষিণ-পূৱ:—বাস্তুশাস্ত্ৰ মতে এই দিশটো পাকঘৰৰ কাৰণে উপযুক্ত আৰু প্ৰকৃত স্থান হিচাপে বিবেচনা কৰা হয়।
দক্ষিণ – দক্ষিণ-পূৱ :- এই দিশত পাকঘৰ থাকিলে কোনো ধৰণৰ ঋণাত্মক ফল নাহে।
দক্ষিণ:- এই দিশত পাকঘৰ থাকিলে ঋণাত্মক ফল নাহে।
দক্ষিণ – দক্ষিণ- পশ্চিম:— এই দিশত পাকঘৰ থাকিলে অযথা কাৰণত খৰচ বাঢ়িব। তাৰ ফলত টকা- পইচাৰ সমস্যাই দেখা দিয়ে।
সমাধান:— পাকঘৰৰ চুলাৰ তলত হালধীয়া ৰঙৰ মাৰ্বল লগাব আৰু বেৰত বগা ৰং কৰিব লাগে।
দক্ষিণ- পশ্চিম :– এই দিশত পাকঘৰ থাকিলে স্বামী- স্ত্ৰীৰ মাজত মনোমালিন্য হ’ব আৰু ফলত বিবাহ- বিচ্ছেদৰ সমস্যাই দেখা দিব। বাস্তু শাস্ত্ৰত এই দিশ টোক পিতৃ স্হান হিচাপে গণ্য কৰা হয়।
সমাধান :–পাকঘৰৰ চুলাৰ তলত হালধীয়া ৰঙৰ মাৰ্বল লগাব লাগে।
পশ্চিম-দক্ষিণ- পশ্চিম:– এই দিশত পাকঘৰ থাকিলে বিদ্যাৰ্থীৰ পঢ়া- শুনাৰ ক্ষেত্ৰত মন নবহিব আৰু ধন সঞ্চয়ত বাধা আহিব।
সমাধান :– পাকঘৰৰ চুলাৰ তলত হালধীয়া ৰঙৰ মাৰ্বল লগাব লাগে ।
পশ্চিম :– এই দিশত পাকঘৰ থাকিলে ব্যৱসায়ৰ ক্ষেত্ৰত সমস্যাই দেখা দিব আৰু লাভবান হ’ব নোৱাৰিব।
সমাধান :– হালধীয়া ৰঙৰ মাৰ্বল চুলাৰ তলত লগাব লাগে।
পশ্চিম – উত্তৰ-পশ্চিম :– এই দিশত পাকঘৰ থাকিলে মনত হতাশাই দেখা দিয়ে।
সমাধান :– চুলাৰ তলত হালধীয়া ৰঙৰ মাৰ্বল লগাব লাগে।
উত্তৰ – পশ্চিম :- এই দিশত পাকঘৰ থাকিলে ঘৰখনৰ ব্যক্তি সকলৰ সহযোগ কমিব। চাকৰি পোৱাৰ ক্ষেত্ৰত বাধা আহিব।
সমাধান :- চুলাৰ তলত হালধীয়া ৰঙৰ মাৰ্বল লগাব লাগে।
উত্তৰ – উত্তৰ -পশ্চিম :- এই দিশত পাকঘৰ থাকিলে স্বামী – স্ত্ৰীৰ মাজত ব্যৱধান বাঢ়িব।
সমাধান :- চুলাৰ তলত সেউজীয়া ৰঙৰ মাৰ্বল লগাব লাগে।
বাস্তুবিদ্যা এক বিজ্ঞান সন্মত শুদ্ধ বিদ্যা। বিজ্ঞানৰ নিচিনাকৈ বাস্তুশাস্ত্ৰতো সিদ্ধান্ত নিখুত হ’ব লাগে।