অসমৰ সমাজ -সাংস্কৃতিক জীৱনত বিষ্ণু প্ৰসাদ ৰাভা এক বিস্ময়কৰ প্ৰতিভাৰ অধিকাৰী। কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আছিল জনতাৰ শিল্পী , সাম্যবাদৰ প্ৰৱক্তা। সমাজ চিন্তা , দেশৰ প্ৰতি থকা ভালপোৱা তেওঁৰ জীৱনৰ একমাত্ৰ উদ্যেশ্য আছিল। সাধাৰণ জনতাৰ মাজতে থাকি দুখীয়া নিপীড়িত কৃষকৰ প্ৰতি সঁহাৰি জনাই গীত , কবিতা , নৃত্য , আবৃত্তিৰে জনতাৰ অন্তৰত সাহস যোগাবলৈ সক্ষম হৈছিল।
সংস্কৃতিৰ পূজাৰী বিষ্ণু ৰাভাৰ জন্ম হৈছিল ১৯০৯ চনৰ ৩১ জানুৱাৰীত অবিভক্ত ভাৰতবৰ্ষৰ ঢাকা মহানগৰীৰ সেনা ছাউনিত। মাকৰ নাম গিৰিবালা ৰাভা আৰু দেউতাকৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা।
ৰাভাদেৱৰ ব্যক্তিগত জীৱন বুলি কবলৈ গ’লে ১৯০৭ চনৰ ২৪ নভেম্বৰত যোৰহাটৰ সুগায়িকা প্ৰিয়বালা বৰুৱাৰ লগত বিবাহ পাশত আৱদ্ধ হয় আৰু বিয়াৰ কিছুদিন পিছতেই প্ৰিয়বালা বৰুৱাৰ মৃত্যু হয়। তাৰ পিছতে বিষ্ণুপ্ৰসাদ ৰাভাই নিৰুপমা দেৱীৰ সান্নিধ্যলৈ আহে যদিও নিৰুপমা দেৱীৰ লগত আনুষ্ঠানিক ভাৱে বিবাহ হোৱা নাছিল।
“পৰ জনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা
পুৰাবানে প্ৰিয়ে এই জনমৰ
মোৰ হিয়াৰ অপূৰ্ণ আশা”।
অকালতে মৰহি যোৱা অপৰূপা প্ৰিয়তমাৰ স্মৃতিৰ ছন্দই শিল্পীজনাৰ মনতো কবিতাৰ সৃষ্টি কৰিছিল। বিষুৰাভাৰ প্ৰেম কেৱল প্ৰিয়তমাৰ প্ৰতিয়েই নাছিল। সমস্ত জনগণৰ প্ৰতিও আছিল নিভাজ নিৰ্মল প্ৰেম। সেয়েহে লিখিছিল-
” মোৰ কবিতাৰ ছন্দ লাগি
স্পন্দন তোৰ জাগেনে ?
কথা মালিকাৰ গন্ধ লাগি
সোণৰ সপোন ভাগেনে ?”
জনতাৰ শিল্পী বিষ্ণু ৰাভাই প্ৰতিখোজে উপলদ্ধি কৰিছিল যে জনগণক জাগ্ৰত কৰিবলৈ হ’লে গণ সংস্কৃতিৰ জৰিয়তে জনতাৰ প্ৰাণৰ চেতনাক জাগ্ৰত কৰিব লাগিব-
“আগবাঢ়া বাঢ়া আগ আগবাঢ়া
দেশৰ বীৰৰে দল আগবাঢ়া
বীৰঙ্গনা যাব তোৰ স’তে
প্ৰেৰণাৰ অস্ত্ৰ লৈ
আগবাঢ়া বাঢ়া আগ”
মানৱ প্ৰেমৰ নিদৰ্শণ স্বৰূপে তেওঁ দলিত , নিঃকিন জনৰ সন্মান ঘুৰাই আনিবলৈ গীত-কবিতাৰ মাজেৰে গণতান্ত্ৰিক আদৰ্শ ব্যক্ত কৰিছিল। ৰাভাদেৱ এগৰাকী বহল হৃদয়ৰ ব্যক্তি হিচাপে পৰিচিত হৈছিল। তেওঁৰ প্ৰধান কৰ্তব্য শোষণ , নিষ্পেষণ আৰু আজীৱন দাসত্বত বন্দী হৈ থকা শ্ৰমিক ৰাইজে পাব লগীয়া স্বাধীনতা-
” ব’ল ব’ল ব’ল
কৃষক শক্তি দল
ধনী জমিদাৰ
শোহে কলিজাৰ ৰঙা তেজ
প্ৰজা দুখীয়াৰ
ধ্বংস কৰ ধ্বংস কৰ
ধনীৰ অহংকাৰ “।।
ৰাভাদেৱ আছিল সুন্দৰৰ পূজাৰী। ৰাভাদেৱে উত্তৰ-পূৱৰ পাহাৰ ভৈয়ামক এক মন্দিৰ আৰু জনতাক ভক্ত-বৃন্দৰ সৈতে তুলনা কৰিছে। তেওঁৰ অনুপম সৃষ্টি –
” আজি মন্দিৰ দুৱাৰ খোলা
বহে মিলনৰ উৎসৱ মেলা
শুনো মঙ্গল আৰতি গানে
নাচি উঠে ভকতৰ প্ৰাণে”
মহাসংহতিৰ বৰ সাঁকো সাজি কলাগুৰু জনাই অসমত একতা , প্ৰেম , শ্ৰদ্ধা ভকতিৰে একতাৰ বান্ধোন আনিবলৈ বহুত কৰি থৈ গ’ল। এইজনা শিল্পীয়ে অসমীয়া সুৰৰ দেউলৰ ৰাগৰ শিকলি ভাঙি সোণোৱালী দুৱাৰ খোলাৰ যি প্ৰতিজ্ঞা লৈ কাৰ্যত অগ্ৰসৰ হৈছিল অসমীয়াই কোনোকালে পাহৰিব নোৱাৰিব। মুকুতিৰ দুৰ্বাৰ আশা লৈ জনজীৱনৰ প্ৰতি চেনেহ ৰাখি কেঁচা মাটিৰ সুগন্ধি ঢালি কলা – কৃষ্টি সৃষ্টি কৰা বিষ্ণু প্ৰসাদ ৰাভা আমাৰ চিৰ’ নমস্য।
১৯৬৯ চনৰ ২০ জুনৰ মাজনিশা মহানাটৰ সামৰণি পৰিল। অসমৰ আকাশৰ এটি উজ্বল নক্ষত্ৰ খহি পৰিল।
“এয়ে মোৰ শেষ গান
মোৰ জীৱন নাটৰ শেষ ৰাগিনী
কল্যাণ খৰমান “।।