মা দুৰ্গাৰ চতুৰ্থ ৰূপটোৰ নাম কুষ্মাণ্ড। নিজৰ মৃদু মন্দ হাঁহিৰে অণ্ড অৰ্থাৎ ব্ৰহ্মাণ্ড সৃষ্টি কৰা বাবে দেৱীক কুষ্মাণ্ড নামেৰে অভিহিত কৰা হৈছে। যি সময়ত জগত খন চতুৰ্দিশে অন্ধকাৰছন্ন আছিল আৰু জগতৰ কোনো অস্তিত্ব নাছিল সেই সময়তে দেৱীয়ে ঈসৎ হাস্য বদনেৰে ব্ৰহ্মাণ্ড সৃষ্টি কৰিছিল। এইগৰাকী দেৱীয়েই হ’ল জগতৰ আদি স্বৰূপা আদ্যাশক্তি। দেৱীৰ আঠখন হাত থকা বাবে অষ্টভূজা নামেৰেও বিখ্যাত। দেৱীৰ সাতোখন হাতত হাতত আছে ক্ৰমে কমণ্ডলু , ধেনু , কাড় , কমলপুষ্প , অমৃতপূৰ্ণ কলহ , চক্ৰ আৰু গদা। আনখন হাতত থাকে সমস্ত সিদ্ধিকাৰী জপমালা।
দেৱীক আৰাধনা কৰা নৈবেদ্য , বলি আদি উপাচাৰ সমূহৰ ভিতৰত এইগৰাকী দেৱীৰ কোমোৰা অতিকৈ প্ৰিয় ; সেয়েহে এই গৰাকী দেৱীক কুষ্মাণ্ড বুলি কোৱা হয়। নৱৰাত্ৰিৰ চতুৰ্থ দিনা বেদ , শাস্ত্ৰ , পুৰাণ আদিত বৰ্ণিত বিধি-নিয়মেৰে দেৱীৰ পূজা- অৰ্চনা কৰা হয়। দেৱী কুষ্মাণ্ডক পূজা-উপাসনা কৰিলে সমস্ত ৰোগ-শোক দূৰ হয় আৰু আয়ু , যশ , বল বৃদ্ধি হয়। ভক্তগণৰ সামান্য সেৱা আৰাধনাতে এই গৰাকী দেৱী সন্তুষ্ট হয়। কোনো ভক্তই যদি পৱিত্ৰ হৃদয়েৰে দেৱীৰ শৰণাগত হয় তেতিয়া হ’লে নিশ্চয়কৈ দেৱীৰ কৃপা লাভ কৰি সংসাৰৰ পৰা দুখ শোক আদি নাইকিয়া হৈ সুখ-সমৃদ্ধি আৰু উন্নতিৰ পিনে আগবাঢ়ি যায়।