VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মহাভাৰতত নাৰী প্ৰেম

voicedesk by voicedesk
September 26, 2021
in অভিমত
মহাভাৰতত নাৰী প্ৰেম
0
SHARES
3
VIEWS
Share on FacebookShare on Twitter

নীতা চক্ৰৱৰ্তী

প্ৰেম কি? প্ৰেম কিয় হয়? ইয়াৰ সঠিক সংজ্ঞা দিয়াটো কঠিন। প্ৰেমৰ বিষয়ে বিভিন্নজনে বিভিন্ন মত আগবঢ়াইছে যদিও সহজ ভাষাৰে প্ৰেম এক স্বৰ্গীয় অনুভূতি। প্ৰেম মানসিক অনুভৱ। 

মহাভাৰতত নাৰী প্ৰেম বুলিলে আমি বহুকেইটা চৰিত্ৰৰ বিষয়ে জানো যদিও মূল চৰিত্ৰৰ উপৰিও কিছুমান সাধাৰণ চৰিত্ৰতো সুন্দৰ প্ৰেমৰ নিদৰ্শন দেখিবলৈ পাওঁ।

জতুগৃহৰ পৰা পলায়ন কৰাৰ পাছত, অৰণ্যৰ মাজত যেতিয়া কুন্তীদেৱী আৰু চাৰিজন পাণ্ডৱ নিদ্ৰিত অৱস্থাত আছিল তেতিয়া ভীম আছিল জাগ্ৰত অৱস্থাত। কাষৰ শাল গছৰ ডালত বহি আছিল হিড়িম্ব নামৰ এক ৰাক্ষস। ভীষণ আকৃতিৰ হিড়িম্বই পাণ্ডৱসকলক দেখা পালে। মানুহৰ গোন্ধ পাই হিড়িম্বই ভনীয়েক হিড়িম্বাক ক’লে, “বহুদিনৰ পিছত আজি আমি মানুহৰ গোন্ধ পাইছোঁ। মানুহৰ মাংসৰ লোভত মোৰ জিভাৰ পানী ওলাইছে”। হিড়িম্বই ভনীয়েকক নিৰ্দেশ দিলে, ” সিহঁতক বধ কৰি মোৰ ওচৰলৈ লৈ আহ”।

“প্ৰথম দৃষ্টিত প্ৰেম” বুলি এক চিৰকলীয়া কথা আছে। ভীমক দেখা মাত্ৰকে হিড়িম্বাৰ মনত প্ৰেম অনুভৱ হ’ল। হিড়িম্বাৰ দৃষ্টিত ভীমৰ ৰূপ হ’ল, “প্ৰয়াগৰ বটবৃক্ষৰ দৰে দীৰ্ঘ আৰু স্থূল, সিংহৰ দৰে কান্ধ, উজ্বল কান্তি, শঙ্খৰ দৰে গ্ৰীৱা আৰু পদ্মৰ দৰে চকু। এই বলিষ্ঠ পুৰুষেই মোৰ উপযুক্ত স্বামী হ’ব। এই কথা ভাবি হিড়িম্বাই এক মোহিনী ৰূপ ধৰি ভীমৰ সন্মুখত উপস্থিত হ’ল।”

হিড়িম্বাই ভীমক প্ৰতিশ্ৰুতি দিলে যে তেওঁ ৰাক্ষসৰ হাতৰ পৰা কুন্তী আৰু পাণ্ডৱক ৰক্ষা কৰিব। ভীম আৰু ৰাক্ষসৰ মাজত ভয়ানক যুদ্ধত হিড়িম্বৰ মৃত্যু হ’ল। হিড়িম্বাই তেওঁলোকক আন এখন মহানগৰীলৈ লৈ গ’ল। কুন্তী আৰু যুধিষ্ঠিৰৰ আজ্ঞা মতেই ভীম আৰু হিড়িম্বাৰ বিবাহ সম্পন্ন হ’ল।

কুৰুক্ষেত্ৰৰ ধৰ্ম যুদ্ধত ভীমক সহায় কৰিবলৈ হিড়িম্বাই তেওঁলোকৰ পুত্ৰ ঘটোৎকচক হস্তিনাপুৰলৈ পঠিয়াই দিলে। যুদ্ধত ঘটোৎকচৰ মৃত্যু হয়। ৰাজপ্ৰসাদৰ ঐশ্বৰ্যময় জীৱন উপভোগ নকৰি বনতে থাকি ভীমৰ প্ৰতি প্ৰেমৰ যি ত্যাগ সেই মহানতাক আমি সন্মান কৰিবই লাগিব।

Previous Post

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশঃ সকলো ৰাজ্যিক কাৰাগাৰত নিশ্চিত কৰক ইণ্টাৰনেটৰ সুবিধা

Next Post

স্বাস্থ্য ক্ষেত্ৰত কাজু বাদামঃ উপকাৰিতা তথা অপকাৰিতা

Related Posts

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী
অভিমত

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী

August 15, 2024
কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত
অভিমত

কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত

January 26, 2024
সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ
মুখ্য সংবাদ

সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ

October 4, 2023
বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ
অভিমত

বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ

August 21, 2023
আহল বহল চিন্তাবোৰ
অভিমত

আহল বহল চিন্তাবোৰ

July 28, 2023
আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?
অভিমত

আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?

April 1, 2023
Next Post
স্বাস্থ্য ক্ষেত্ৰত কাজু বাদামঃ উপকাৰিতা তথা অপকাৰিতা

স্বাস্থ্য ক্ষেত্ৰত কাজু বাদামঃ উপকাৰিতা তথা অপকাৰিতা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7