ড° বাণীকান্ত কাকতিদেৱে কৈ গৈছে ” নামঘৰ গাৱঁৰ বিদ্যাপীঠ “। নামঘৰেই যেন আছিল নিৰক্ষৰ জনসাধাৰণক শিক্ষিত কৰাৰ প্ৰচেষ্ঠা।
নামঘৰ ঐক্যতাৰ প্ৰতীক। পুৰণি অসমত নামঘৰ বুলিলে সৰু-সৰু নামঘৰ বোৰ আমাৰ চকুৰ আগত ভাঁহি আহে। নামঘৰটো সজোৱাৰ আগতে গাৱঁৰ সকলোৰে মাজত যেন মিলা-প্ৰীতি গঢ় লৈ উঠে। কোনোবাই চালৰ বাবে খেৰ , কোনোবাই বাঁহ আদি দি সকলোৱে মিলিজুলি নামঘৰ সজাই তোলে। নামঘৰ সৃষ্টি হোৱাৰ আগতেই সকলোৱে একোতাৰ ডোলেৰে সাঙোৰ খাই পৰে। নামঘৰত ভক্তি – শ্ৰদ্ধা আৰু সমীহ থকাৰ উপৰিও এজনে আনজনৰ ওচৰত মনৰ ভাৱ আদান -প্ৰদান কৰিবলৈ সুযোগ পায়। ‘নামঘৰ ‘ যেন গোটেই গাওঁখনৰ ঐক্যতাৰ প্ৰতীক হৈ ঠিয় দি থাকে।
মানুহ শিক্ষিত হোৱাৰ পিছত যেন সমাজ খনলৈ বহুত পৰিবৰ্তন আহিল। অৰ্থনৈতিক -সামাজিক -ৰাজনৈতিক সকলো ক্ষেত্ৰতে বহুদূৰ আগবাঢ়ি গ’ল। গাৱঁৰ এটা নামঘৰৰ ঠাইত চুবুৰীয়ে চুবুৰীয়ে নামঘৰ হ’বলৈ ধৰিলে । আগৰ খেৰৰ নামঘৰৰ ঠাইত টিনপাত লাগিল। বাঁহৰ ঠাইত নামঘৰত খুটা পৰিল। মণিকূট সলনি হ’বলৈ ধৰিলে। মাৰ্বল -টাইলচেৰে নামঘৰবোৰ জিলিকি উঠিব ধৰিলে কিয়নো জনসাধাৰণ অৰ্থনৈতিক ভাৱে আগুৱাই গ’ল। ধন আৰু ক্ষমতাৰ বলেৰে নামঘৰত বহুত ধন ঢালি নিজৰ ইচ্ছাত নামঘৰ সজাই ‘ উঠি ৰজা বহি ৰজা ‘ হ’বলৈ ধৰিলে । যি সকলে বেছি ধন খৰচ কৰে তেওঁলোকৰ খুচিমতে নামঘৰ চলিবলৈ ধৰিলে। ফলত শ্ৰী মন্ত শংকৰদেৱৰ নামঘৰ সৃষ্টিৰ উদ্যেশ্য যেন কৰবাত হেৰাই গ’ল। যাৰ ফলশ্ৰুতিত গোলাঘাটৰ ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰৰ প্ৰতিচ্ছবিয়ে সকলোকে আতংকিত কৰি তুলিছে।
অতি পৱিত্ৰ গুৰুজনাৰ স্থান আঠখেলীয়া নামঘৰত যি পৰিৱেশৰ সৃষ্টি হ’ল সেয়া অসমবাসীৰ বাবে অতি লজ্জাজনক আৰু দুৰ্ভাগ্যৰ কথা।
নামঘৰ সমূহ প্ৰধানত উপাসনা গৃহ হ’লেও সমাজ -জীৱনৰ শিক্ষা-সংস্কৃতিৰ প্ৰতিটো দিশৰ লগত জড়িত হৈ থাকে বাবে নামঘৰক অসমীয়া সমাজ ব্যৱস্থাত এক বিশিষ্ট আসন দিয়া হয়। ভকত বুলি ক’লে বা ভকত বুলিলে আমাৰ শ্ৰদ্ধাত শিৰ নত হোৱাৰ লগতে যি ভক্তি -শ্ৰদ্ধাৰ উদ্বেগ হয় সেয়া আঠখেলীয়া নামঘৰৰ প্ৰতিচ্ছবিয়ে ভকতৰ স্থান ক’ত ৰাখিব বাৰু।
মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ ‘নামঘৰ’ অসমীয়া সমাজলৈ অনবদ্য অৱদান। বৰদোৱাত গুৰুজনাই প্ৰথমতে নামঘৰ প্ৰতিষ্ঠা কৰে যদিও পৰৱৰ্তী সময়ত এই নামঘৰ অসমৰ বিভিন্ন প্ৰান্তলৈ সম্প্ৰসাৰিত হয়। মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱে ধৰ্ম প্ৰচাৰৰ উপৰিও একোতাৰ ডোলেৰে সকলোকে বান্ধি ৰাখিবলৈ চিন্তা-চৰ্চা কৰাৰ ফলশ্ৰুতিত সৃষ্টি হৈছিল নামঘৰ।
গতিকে আমি পৰম শ্ৰদ্ধাৰ মহাপুৰুষ জনাক সন্মান জনাই ধন -পদবী -ক্ষমতা সকলো পৰিহাৰ কৰি নামঘৰ বোৰত আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰি একোতাৰ ডোলেৰে বান্ধ খাই থকাৰ পৰিৱেশ নিশ্চয় সৃষ্টি কৰিব পাৰোঁ। নহ’লে এদিন হয়তো আমি নিজকে প্ৰশ্ন কৰিম আমি অনাক্ষৰী হৈ থকাই ভাল আছিল নেকি ?