অতি প্ৰাচীন হিন্দু ধৰ্মৰ মঠ-মন্দিৰ , সত্ৰ- নামঘৰ , নদ-নদী ,পাহাৰ আদিৰে সুসজ্জিত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঐতিহাসিক সমলেৰে ৰত্নগৰ্ভা ধুবুৰী জিলা। অলেখ কিংবদন্তীৰে ভৰা গঙ্গাধৰ , চম্পাৱতী আৰু মহাবাহু ব্ৰহ্মপুত্ৰই সাবটি ৰখাৰ উপৰিও নেতাই ধুবুনীৰ ঘাটে ঐতিহ্যমণ্ডিত ইতিহাসেৰে ধুবুৰী বাসীক জিলিকাই ৰাখিছে।
চান্দৰডিঙা বুলি ক’লে যেনেকৈ চান্দ সদাগৰৰ কাহিনী মনত ভাহি আহে ঠিক সেইদৰে নেতাই ধুবুনীৰ ঘাট বুলি ক’লে মহাদেৱ আৰু অন্য দেৱতা সকলৰ কাপোৰ ধোৱা ঘাটৰ কথা মনলৈ আহে। তন্ত্ৰ-মন্ত্ৰৰে পাৰ্গত কাপোৰ ধুই জীবিকা নিৰ্বাহ কৰা পৰোপকাৰী মহিলা নেতাইৰ নামৰ পৰাই নেতাই ধুবুনীৰ ঘাট হোৱা বুলি ক’ব পাৰি।
প্ৰবাদ অনুসৰি শিৱভক্ত চান্দ সদাগৰে পদ্মাদেৱীক উপাসনা কৰিবলৈ সন্মত নোহোৱাত পদ্মাদেৱীয়ে নানা দুখ যন্ত্ৰনাৰে শাস্তি বিহিবলৈ ধৰিলে। সদাগৰৰ সাত পুত্ৰক সৰ্প দংশনৰ দ্বাৰা নিধন কৰাৰ পিছতো শিৱভক্ত সদাগৰে পদ্মা দেৱীক পূজা কৰিবলৈ মান্তি নোহোৱাত ধন-সোণ সহ চৈধ্য খন ডিঙা পানীত বুৰাই দিছিল। তথাপিও পদ্মাদেৱীক পূজা নকৰা চান্দ সদাগৰে চিদ্ৰহীন মেৰঘৰ সাজি তেওঁৰ পুত্ৰ লক্ষীন্দৰ আৰু বেউলাক বিয়াৰ দিনা ৰাতি ৰাখিছিল যদিও তাৰ ভিতৰতেই লক্ষীন্দৰক দংশন কৰিলে। তেতিয়া কলৰ ভূৰ সাজি লক্ষীন্দৰক নদীত উটুৱাই দিয়াত স্বামীক জীয়াই আনিবৰ কাৰণে বেউলাইয়ো সেই ভূঁৰতে যাত্ৰা কৰিলে। ভূঁৰখন পাগলাটেক হৈ আহি ধুবুৰীৰ ঘাটত লগাত এজনী ধুবুনীয়ে কাপোৰ ধুই থকা দেখি বেউলাই তাতে জিৰণি ল’লে। ধুবুনীৰ লৰাটোৱে আমনি কৰি থকা দেখি মন্ত্ৰ মাৰি গাতত শুৱাই থলে আৰু কাপোৰ ধোৱা হোৱাৰ পিছত লৰাটোক জীয়াই তুলি ঘৰলৈ যাবলৈ ওলাল। বেউলাই শোধাত তাইৰ নাম নেতাই আৰু মহাদেৱ আৰু আন দেৱতা সকলৰ কাপোৰ ধুবলৈ এই ঘাটত আহে বুলি কোৱাত বেউলাই তাইক মহাদেৱৰ ওচৰত লৈ যাবলৈ খাটনি ধৰিলে। নেতাইৰ লগতে বেউলাই মহাদেৱৰ ওচৰত গ’ল আৰু স্বামী লক্ষীন্দৰক মনসাই মৃত্যু ঘটাইছে বুলি কৈ বেউলাই স্বামীৰ জীৱন দান বিচাৰি স্তুতি কৰিবলৈ ধৰিলে। মহাদেৱ সন্তষ্ট হৈ পদ্মা দেৱীক মাতি আনি লক্ষীন্দৰক জীয়াই দিবলৈ ক’লে। সদাগৰে পূজা নকৰিলে পদ্মাদেৱীয়ে লক্ষীন্দৰৰ জীৱন দান নকৰে বুলি কোৱাত বেউলাই পূজা দিব বুলি প্ৰতিজ্ঞা কৰিলে। বেউলাৰ প্ৰতিজ্ঞাত পদ্মাদেৱীয়ে চান্দ সদাগৰৰ ডিঙা আৰু সাত পুত্ৰক জীয়াই তুলিলে। বেউলাই লক্ষীন্দৰক জীৱিত কৰি চম্পক ৰাজ্যলৈ ঘুৰি আহিল আৰু চান্দ সদাগৰৰ হতুৱাই পদ্মাদেৱীক পূজা দিয়ালে।
ধুবুৰীৰ নেতাই ধুবুনীৰ কাৰণে বেউলাই মহাদেৱৰ ওচৰত যাবলৈ সক্ষম হ’ল আৰু লক্ষীন্দৰক জীয়াই আনিবলৈ পাৰিলে। নেতাইৰ এই উপকাৰৰ কথা মানুহৰ মুখে মুখে প্ৰচাৰিত হ’বলৈ ধৰিলে আৰু যুগে যুগে প্ৰচলিত হৈ থাকিব । নেতাইয়ে কাপোৰ ধোৱা শিলটো আজিও সগৰ্বে ধুবুৰীৰ ঘাটত ঠিয় দি আছে আৰু ধুবুৰী বাসীৰ লগতে সমগ্ৰ অসম নেতাই ধুবুনীৰ ঘাটৰ বাবে আজিও গৌৰৱান্বিত।