বহু সময়ৰ বিৰতিৰ পিছত এখন কথাছবিয়ে বলিষ্ঠ কাহিনীৰ বাবে জনসাধাৰণৰ মনত চৰ্চা লাভ কৰিছে। ছবিখনৰ সুন্দৰ কাহিনীয়ে দৰ্শকৰ হৃদয় চুই যাবলৈ সক্ষম হৈছে।
তামিল মূলৰ চিনেমাখনত থানাত মিছা অপৰাধত বন্দী হৈ পিছত লক আপৰ পৰা পলাই যোৱা স্বামীক বিচাৰি অতি দৰিদ্ৰ গৰ্ভৱতী আদিবাসী মহিলাই ন্যায়ৰ বাবে আদালতৰ কাষ চাপিছে। মহিলা গৰাকীক সহায় কৰিছে কেৱল সাধাৰণ ৰাইজৰ ন্যায়ৰ কাৰণে যুঁজ দিয়া এজন অধিবক্তাই।
জাত পাত, বৰ্ণ, সম্পদৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা সমাজৰ বৰ্বৰ ছবিখন ফুটি উঠিছে। ব্যক্তিৰ মূল্যবোধতকৈ জাতিৰ মূল্য অধিক এই কথাও ফুটি উঠিছে। ন্যায় ব্যৱস্থা, প্ৰশাসন ব্যৱস্থাৰ আঁৰত চলি থকা এচাম লোকৰ প্ৰকৃত ছবিবোৰ উদঙালৈ সক্ষম হৈছে। ন্যায় ব্যৱস্থাৰ সৈতে জড়িত ব্যক্তিৰ দ্বাৰা লাঞ্ছিত হোৱা সিংগীনীয়ে অৱশেষত ন্যায়ালয়ৰ দ্বাৰাই ন্যায় পাবলৈ সক্ষম হয়।
জয় ভীম কথাছবিখনে বহুতো কথাই সোঁৱৰাই যায়। কিছুমান কুসংস্কাৰ, সামাজিক ধাৰণাৰ বশবৰ্তী হৈ অসৎ চৰিত্ৰৰ এচাম লোকে কেনেকৈ সমাজ আৰু প্ৰশাসন ন্যায় ব্যৱস্থাৰ অসৎ ব্যৱহাৰ কৰিছে, ইয়াৰ বিৰুদ্ধে মাত মাতিবলৈ দৰ্শকক সজাগ কৰি তুলিছে।
ছবিখনৰ শেষত ভাৰতৰ ন্যায় ব্যৱস্থা যে সকলোৰে কাৰণে সমান, এইকথাও প্ৰমাণ কৰিছে।
ইয়াৰ উপৰিও ভাৰতৰ সভ্য সমাজৰ আঁৰত চলি থকা বৰ্ণবাদ, জাতিবাদে সমাজখন কেনেকৈ ঘূণীয়া কৰিছে লগতে নিৰীহসকলক কেনেকৈ হাৰাশাস্তি কৰিছে এই কথা প্ৰকাশ কৰিছে।
মানুহৰ মনত এনে ভেদাভেদৰ ধাৰণা আজিও আছে। আনহে নালাগে আমাৰ দেশতে নাৰীজনিত অপৰাধৰ কথা কলেই কোনো প্ৰমাণ নোহোৱাকৈ এটা বিশেষ ধৰ্মৰ লোকক হাঙুৰি লয়। কিন্তু অপৰাধীৰ কোনো জাতি বৰ্ণ ধৰ্ম নাথাকে।
ব্যক্তিৰ মনৰ পৰা এই ভেদাভেদৰ ধাৰণা সলনি কৰাৰ প্ৰাসংগিকতা আহি পৰিছে। মনৰ সলনি নহ’লে সমাজ সলনি সম্ভৱ নহয়। মানুহৰ মনত প্ৰভাৱ পেলাবৰ বাবে জয় ভীমৰ দৰে কথাছবি নিৰ্মাণৰ প্ৰয়োজন আছে। ছবিখনে সামাজিক দায়বদ্ধতাৰ প্ৰমাণ দিছে।