” উৰি উৰি চিঠি খন ঘূৰি ঘূৰি ফুৰে,
মৰমী বান্ধৱীৰ হাততে পৰে——”
চিঠি – এখন নীলা খামৰ মৰমৰ চিঠি। যি কালৰ গৰ্ভত হেৰাই গ’ল কোনেও নজনাকৈ। বগা খামৰ ভিতৰত থকা চিঠি , ইনলেণ্ডলেটাৰত নীলা ৰঙৰ চিঠি , বিয়াৰিঙ (টিকট নলগাকৈ পোষ্ট কৰা ) চিঠি , পোষ্টকাৰ্ড আদি কিমান প্ৰকাৰৰ যে চিঠি আছিল । মুঠতে সকলোৰে মনৰ ভাৱ আদান প্ৰদান কৰাৰ মাধ্যম আছিল চিঠি। খাকী পোচাক পিন্ধি ডাকোৱাল ককাইটিৰ চাইকেলৰ বেল মৰা শব্দত বুকুখন চিৰিংকৈ উঠি হাতৰ কাম-বন পেলাই জপনাৰ মুখলৈ দৌৰি আহিছিল প্ৰতিজনী জীয়ৰী -বোৱাৰীয়ে। দূৰত থকা আপোন জনৰ বাতৰি লৈ আহিছিল নীলা খামৰ চিঠিখনে। সদ্য বিবাহিতা পত্নীক ঘৰত থৈ চাকৰিৰ বাবে দুৰলৈ যোৱা পতিৰ চিঠিখনৰ বাবে প্ৰতিটো নিশাই অধীৰ হৈ ৰৈ থাকে ৰাতিপুৱা ডাকোৱাল জন অহাৰ আশাৰে। শহুৰ -শাহুয়েকৰে ভৰা ঘৰ এখনত ডাকোৱাল কাইটিৰ হাতৰ পৰা চিঠিখন আনোতে লাজতে ভৰিত উজুটি নখোৱাকৈ খুওব কম বোৱাৰীয়ে হে হয়তো আনিব পাৰিছিল চিঠিখন।
কৰবালৈ ফুৰিবলৈ গ’লে বা আত্মীয়ৰ ঘৰত গ’লে সম বয়সীয়া ছোৱালী ল’গ পাই মন মিলিলেই বান্ধৱী হৈ যায় আৰু আহিবৰ সময়ত ঠিকনা লোৱাটো এটা নিয়মত পৰিণত হৈছিল। ঘৰলৈ ঘূৰি অহাৰ পিছত মনত পেলাই চিঠি আদান-প্ৰদান কৰা হৈছিল। কেতিয়াবা চিঠিৰ উত্তৰ নাপালে কিমান যে মান -অভিমান।
হোষ্টেলত থকা সময়ত চিঠিৰ টোপোলাটো আহিলে কিমান যে উথপথপ লাগে। টনাটনি কঁৰোতে কেতিয়াবা চিঠি ফালিও যায়। চিঠি অহাৰ দিনাখন সকলোৰে মনটো বৰ ভাল লাগে। ঘৰৰ পৰা অহা চিঠিবোৰ পঢ়ি মনবৰ আনন্দিত হোৱাৰ লগতে পঢ়া – শুনাত যেন বেছি মনোযোগ আহে। হোষ্টেলৰ কোনোবা বান্ধৱীৰ ইনলেণ্ড লেটাৰত অহা চিঠি মাজেৰে ফাক কৰি পঢ়ি আমেজ লোৱা বান্ধৱীও নোহোৱা নহয়।
তাতৰ শালত বহি থকা কতো গাভৰুৰ ডাকোৱালৰ চাইকেলৰ শব্দত মাকো চিটিকি পৰিছিল , কতো পাহোৱাল ডেকাৰ প্ৰেয়সীলৈ লিখা চিঠিখন পোষ্ট নকৰি পেণ্টৰ জেপতে লৈ ফুৰিছিল এবুকু মৰম লৈ —–“ভাবিছিলো লিখো বুলি চিঠি তোমালৈ” –ভাবি থকা কথা চিঠিৰে জনাবলৈ অপাৰগ হোৱা ক’ত প্ৰেমিকা আনৰ ঘৰৰ বোৱাৰী হৈছিলগৈ।
“চিঠিৰ বোজা মই পিঠিত বান্ধি লৈ
পৰৰ চেনেহ কঢ়িয়াও
মোৰ চেনেহীয়ে কিবা কৰিছে
তাৰ একো গমকে নাপাও।”
এৰা , সকলোৰে মৰম চেনেহ কঢ়িয়াই লৈ ফুৰা , ৰদ-বতাহকো আওকান কৰি পদুলিয়ে পদুলিয়ে সুখ -দুখৰ বতৰা লৈ ফুৰা ডাকোৱাল ককাইটিৰ মনৰ খবৰ আমি কেইজনে ৰাখিব পাৰিছিঁলো। তেওঁৰো প্ৰেয়সী থাকিব পাৰে , মাক-দেউতাক ,ভাই-ভনীৰে ভৰা এখন সুন্দৰ সংসাৰৰ পৰা আতৰত থাকি আনৰ সুখৰ টোপোলা কঢ়িয়াই ফুৰায় যেন তেওঁৰ উদ্দেশ্য। আনৰ সুখত আত্মহাৰা হোৱা ডাকোৱাল ককাই জনক আমি জানো কেতিয়াবা পাহৰিব পাৰিম।
এতিয়া ইণ্টাৰনেটৰ যুগত ম’বাইলে চিঠি লেখা অভ্যাস নোহোৱা কৰিলে আৰু চিঠিৰ সম্বোধন -পৰম শ্ৰদ্ধাৰ , মাননীয় , পূজনীয় , কলানীয়া আদি সোণসেৰীয়া শব্দবোৰ যেন হেৰাই যাবলৈ ধৰিছে। চিঠিৰ বোজা পিঠিত বান্ধি পৰৰ চেনেহ বিলাই ফুৰা ডাকোৱাল জনলৈ আজি কোনেও ৰৈ নাথাকে। হাতে হাতে ম’বাইল , হোৱাটচআপ , ফেচবুকত বন্ধু -বান্ধৱীৰ সংখ্যা হাজাৰৰ সংখ্যা পায়গৈ। পষেকত বা মাহেকত পোৱা চিঠিখনৰ লগত ঘণ্টাই ঘণ্টাই কথা পতা বন্ধুত্বৰ তুলনা হয়নে বাৰু ? এখন চিঠিত হাতেৰে লেখা আখৰ কেইটাত যিমান আন্তৰিকতা থাকে , হোৱাটচআপৰ মেছেজ বা ফেচবুকৰ মেচেঞ্জাৰৰ কথোপকথনে সিমান আনন্দ দিব পাৰেনে? এয়া এক ডাঙৰ প্ৰশ্ন?
” ফুল হ’লে ফুলিব , লতা হ’লে বগাব
মোলৈ যদি মৰম আছে চিঠিৰ উত্তৰ আহিব।”
চিঠি এখন গৈ পাওঁতে যথেষ্ট সময় ল’য় আৰু তাৰ প্ৰতি উত্তৰ আঁহোতে একেই সময় ল’য়। কেতিয়াবা কিবা কাৰণত খং উঠি থাকিলেও চিঠি খন আহোঁতে আহোঁতে খং নোহোৱা হৈ যায়। এই যে চিঠি খন আহিব বুলি প্ৰতীক্ষা এয়া যেন আমাৰ ধৈৰ্যৰ বান্ধ আৰু কটকটীয়া কৰি পেলাইছিল। কিন্তু আজি ইণ্টাৰ নেটৰ যুগত মিনিটে মিনিটে খবৰ পাই থকাত বা অনবৰতে যোগাযোগ হৈ থকাত আমাক যেন কোনোবা খিনিত পিছুৱাই দিলে । আমি যেন ধৈৰ্য ধৰিবলৈ পাহৰিয়ে গ’লো। কিবা খবৰ নাপালে আত্মীয়ই হওঁক , সন্তানে হওঁক বা বন্ধু-বান্ধৱীয়ে হওঁক আমি যেন ফোনটোৰ বাবে বা মেছেজৰ বাবে উদগ্ৰীৱ হৈ থাকো আৰু কোনো মেসেজ বা ক’ল নাপালে ধৈৰ্যৰ বান্ধ নোহোৱা হয় আৰু খঙতে বহুতো ভাল সম্পৰ্ক নষ্ট কৰি পেলাও।
চিঠি এখনে আনন্দ দিয়াৰ দৰে কেতিয়াবা আকৌ দুখো দিয়ে। তাহানিৰ দিনত বিয়া -বাৰুও ঠিক হৈছিল চিঠিৰ জৰিয়তে। ছোৱালী চাই যোৱাৰ পিছত ছোৱালীৰ মাক-দেউতাকে অধীৰ অপেক্ষাৰে ৰৈ থাকে দৰা পক্ষৰ চিঠি খনলৈ। বিয়া খন নহ’ব বুলি বাতৰি কঢ়িয়াই অনা চিঠিখনে বহুতো দুখ দিয়াৰ দৰে বহুতো দুখৰ বাতৰিও এই চিঠি খনে কঢ়িয়াই আনিছিল।
চিঠি লিখাটো স্কুলৰ পাঠ্যপুথিৰ অন্তৰ্গত আছিল। বৰ্ণমালা শিকাৰ পিছতে আমি চিঠি লিখিবলৈ শিকিছিলো। আৰম্ভনিতে ‘ শ্ৰী হৰি’ লেখিহে চিঠি লেখা আৰম্ভনি কৰা হয়। ডাঙৰ হ’লে পৰম পুজনীয় বা পূজনীয়া আৰু সৰু বা সম বয়সৰ হ’লে মৰমৰ বুলি লেখি আৰম্ভনি কৰি ঘৰৰ সকলোৰে কুশল বাৰ্তা লোৱা হৈছিল। সদৌ শেষত সকলোৱে যেন কুশলে থাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই সামৰণি মাৰা হৈছিল। কেতিয়াবা বন্ধু-বান্ধৱীক ৰগৰ কৰি সামৰণি মাৰি লেখা হৈছিল—-
” পান খাবা চূণ খাবা আৰু খাবা লঙ
কাউৰীঠেঙীয়া আখৰ দেখি নকৰিবা খঙ।”
আজিকালি মোবাইলত অহা মেসেজবোৰ আমি পঢ়িয়ে ডিলিট কৰি পেলাও। পঢ়াৰ পিছত আৰু তাৰ যেন কোনো মূল্যই নাই। কিন্তু মৰম সনা আৱেগেৰে ভৰা চিঠিবোৰত বহুত আন্তৰিকতা সোমাই থাকে। যেতিয়াই মনত পৰে তেতিয়াই চিঠিবোৰ উলিয়াই পঢ়িলে মনতো জুৰ পৰি যায়। এতিয়াও হয়তো বহুতৰে কিতাপৰ ভাজত নীলা খামৰ চিঠিবোৰ কোচমোচ খাই পৰি আছে কোনেও নজনাকৈ।
চিঠিবোৰ আচলতে একোখন দলিল হে। জৱাহৰলাল নেহেৰুৱে ইন্দিৰা গান্ধীলৈ দিয়া চিঠিবোৰ কিতাপ আকাৰে প্ৰকাশ পাইছে। বিজ্ঞান , সাহিত্য , ৰাজনীতিৰ তথ্য থকা কিতাপ খন সেই সময়ৰ এখন দলিল ৰূপে স্বীকৃতি পাইছে। মহাভাৰততো চিঠিৰ উল্লেখ আছে । ৰুক্মিনীয়ে বেদনিধিৰ হাতত শ্ৰী কৃষ্ণলৈ পত্ৰ পঠিওৱাত শ্ৰী কৃষ্ণই ৰুক্মিণীক পলুৱাই লৈ অহাৰ কথা উল্লেখ আছে মহাভাৰতত।
চিঠি লেখা দিনবোৰত কিছুমান অসুবিধা নোহোৱাকৈ থকা নাছিল। কেতিয়াবা একোখন চিঠি আহোঁতে ইমান পলম হৈছিল যে বহুতো দৰকাৰী কথা সময়মতে জনা নগৈছিল। বহুতে চাকৰিৰ এপইণ্টমেণ্ট লেটাৰ খনো বহুত দেৰিকৈ পোৱাত চাকৰিত জইন কৰাৰ পৰা বঞ্চিত হ’ব লগা হৈছিল । আজিকালি ইণ্টাৰনেটৰ যুগত ম’বাইল আদিৰ জৰিয়তে অতি কম সময়তে সকলো খবৰ পোৱাৰ উপৰিও ঘৰত বহিয়েই বজাৰ আদিও কৰিব পৰাটো কম সুবিধাজনক হৈছেনে। সময় গতিশীল। গতিশীল সময়ৰ পৰিৱৰ্তনক অভিনন্দন জনাই আমি আগবাঢ়িবই লাগিব তথাপি চেতন বা অৱচেতন মনত কেতিয়াবা নীলা খামৰ চিঠিখনে বৰকৈ আমনি কৰে । নীলা খামৰ চিঠিখন হেৰাই গ’লেও যেন কোনোবা চুক এটাত খোপনি পুতি থাকিলে নীৰৱে নিশব্দে।