VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত

নীতা চক্রবর্ত্তী by নীতা চক্রবর্ত্তী
January 26, 2024
in অভিমত
কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত
0
SHARES
1.1k
VIEWS
Share on FacebookShare on Twitter

শৈশৱৰে পৰা অৰণ্য আৰু হাতীৰ লগত মিতিৰালি। অৰণ্য আৰু হাতীৰ লগত তেওঁৰ সম্পৰ্কৰ কাহিনী যেনে ৰোমাঞ্চকৰ , তেনে চিত্তাকৰ্ষক আৰু হৃদয়স্পৰ্শী। সমাজৰ মান-সন্মান , প্ৰতিপত্তি , নগৰীয়া ঐশ্বৰ্য আৰু বিলাসবহুল জীৱনৰ পৰা আতৰি আহি বিশাল অৰণ্যৰ প্ৰেমত তেওঁ মতলীয়া হৈছিল। বনৰ হাতীক পোহ মনাই কৰি লৈছিল মনৰ গৰাকী। হাতীয়েই হৈ পৰে তেওঁৰ বন্ধু , সখী আৰু সন্তানৰ দৰে। নিজৰ জীৱনতকৈ হাতীৰ চিন্তাতেই তেওঁ ব্যস্ত আছিল অধিক সময়।

অসমৰ অবিভক্ত গোৱালপাৰা জিলা আৰু বৰ্তমানৰ ধুবুৰী জিলাৰ গৌৰিপুৰৰ ৰাজ পৰিয়ালৰ জীয়ৰী পাৰ্বতী বৰুৱা। বিখ্যাত হস্তী বিশেষজ্ঞ প্ৰকৃতিশ চন্দ্ৰ বৰুৱা (লালজী ) পাৰ্বতী বৰুৱাৰ পিতৃ আছিল। লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে আছিল তেওঁৰ জেষ্ঠা ভগ্নী।

অৰণ্যত বনৰীয়া হাতী ধৰি আনি পোহ মনোৱাৰ কাৰ্য অতি কষ্টসাধ্য আৰু বিপদজনক। এনে দুঃসাহসিক কাম বলী ,সাহসী আৰু কৌশলী পুৰুষৰ বাবেহে সম্ভৱ। পাৰ্বতী বৰুৱা নাৰী হৈ পিচপৰি নাথাকিল। এক বিৰল ব্যক্তিত্বৰ ব্যতিক্ৰমী ৰূপত হাতী ধৰা ফান্দী ৰূপে পাৰ্বতী বৰুৱাই নিজকে প্ৰতিষ্ঠিত কৰিলে। মাত্ৰ ১৪ বছৰ বয়সতে “মেলা চিকাৰ ” পদ্ধতিৰে প্ৰথম হাতী ধৰে এসময়ৰ এছিয়াৰ সৰ্ববৃহৎ শালনি কচুগাঁও অৰণ্যত।

তিনি বছৰৰ ভিতৰত অসমৰ কচুগাওঁ , দৰং আৰু উত্তৰ বংগৰ জলপাইগুৰি আৰু দাৰ্জিলিঙত নিজৰ প্ৰচেষ্টাৰে ১২ টা হাতী ধৰি প্ৰশিক্ষণ দিয়ে। অসমত তেওঁৰ এই ব্যতিক্ৰমী প্ৰতিভাৰ বিষয়ে কোনো ধৰণৰ চিন্তা-চৰ্চা হোৱাই নাছিল যদিও পশ্চিম বংগৰ বন বিভাগে ১৯৮০ চনৰে পৰা হাতীৰ সমস্যা সংক্ৰান্ত নানা বিষয়ত পাৰ্বতীৰ সহায় সহযোগীতা আৰু পৰামৰ্শ ল’বলৈ আৰম্ভ কৰে ।

অৰণ্যত বাট হেৰুৱাই দিকভ্ৰান্ত হোৱা হাতীৰ জাক এটাই হাবি সংলগ্ন গাওঁবোৰত আক্ৰমণ চলাইছে। ঘৰ-দুৱাৰ ভাঙিছে , মানুহো মাৰিছে। বন বিভাগ নিৰুপায় হৈছে । এগৰাকী ক্ষীণকায়া নাৰী সকলোকে আচৰিত কৰি আগবাঢ়ি আহিল আৰু দিকভ্ৰান্ত বনৰীয়া হাতীৰ জাকটোক সিঁহতৰ বাসস্থানলৈ উভতি যোৱাৰ নিৰাপদ বাট দেখুৱাই দিলে । হাতীও ৰক্ষা পৰিল আৰু মানুহৰো মংগল হ’ল। অসাধাৰণ নাৰী গৰাকীৰ খ্যাতি বিশ্বত বিয়পি পৰিল। বিশ্ববিখ্যাত চলচিত্ৰ সংস্থাই “কুইন অব দি এলিফেণ্টছ” অৰ্থাৎ “হাতীৰ ৰাণী” আখ্যা দি তেওঁৰ বিষয়ে নিৰ্মাণ কৰিলে এক দীঘলীয়া তথ্যচিত্ৰ। “হাতীৰ ৰাণী” অসমৰ পাৰ্বতী বৰুৱাই স্বীকৃতি লাভ কৰিলে বিশ্বৰ একমাত্ৰ মহিলা হস্তী প্ৰশিক্ষক , ফান্দী আৰু মাউতৰূপে।

পাৰ্বতীয়ে অসাধ্য সাধন কৰিছিল। হাবীৰ মাজে মাজে থকা গাওঁবোৰত “হাতীৰ দেৱী” ৰূপে জনাজাত হৈ পৰিল পাৰ্বতী। ১৯৮৯ চনত ৰাষ্ট্ৰসংঘই পাৰ্বতীলৈ আগবঢ়ালে “গ্লোবেল-৫০০ বঁটা। ১৯৯২ চনত বিশ্ববিখ্যাত গৱেষণামূলক চলচিত্ৰ সংস্থা ‘ডিছকভাৰী চেনেলে’ এ পাৰ্বতী বৰুৱাৰ বিষয়ে দীঘলীয়া তথ্যচিত্ৰ নিৰ্মাণ কৰি তেওঁক আখ্যা দিয়ে “কুইন অব দা এলিফেণ্টছ “।

মাৰ্ক শ্বেণ্ডে “কুইন অব দা এলিফেণ্টছ” নামেৰে কিতাপ এখন প্ৰকাশ কৰে বৃটেইনৰ নামজ্বলা প্ৰকাশন সংস্থা ‘জনাথন কেপ’-এ। সম্ভৱত পাৰ্বতী বৰুৱাই একমাত্ৰ অসমীয়া যাক লৈ বিদেশত পূৰ্ণাংগ পৰ্যায়ত চলচিত্ৰ নিৰ্মিত হৈছে বা গ্ৰন্থ প্ৰকাশ পাইছে।পাৰ্বতী বৰুৱাৰ এই সন্মান অসমৰ সন্মান , সমগ্ৰ ভাৰতৰ সন্মান।
( সহায় লৈ

Previous Post

🙏 দৈনিক ৰাশিফল 🙏

Next Post

ধেমাজিৰ ৰাষ্ট্ৰীয় নাট সমাৰোহলৈ পংকজ গোস্বামী পৰিচালিত নটসূৰ্য ফণী শৰ্মাৰ কালজয়ী নাট ভোগজৰা

Related Posts

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী
অভিমত

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী

August 15, 2024
সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ
মুখ্য সংবাদ

সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ

October 4, 2023
বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ
অভিমত

বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ

August 21, 2023
আহল বহল চিন্তাবোৰ
অভিমত

আহল বহল চিন্তাবোৰ

July 28, 2023
আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?
অভিমত

আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?

April 1, 2023
আমি সন্তানক দিয়া সময়খিনি কোৱালিটি টাইম হয়নে!
অভিমত

আমি সন্তানক দিয়া সময়খিনি কোৱালিটি টাইম হয়নে!

March 30, 2023
Next Post
ধেমাজিৰ ৰাষ্ট্ৰীয় নাট সমাৰোহলৈ পংকজ গোস্বামী পৰিচালিত নটসূৰ্য ফণী শৰ্মাৰ কালজয়ী নাট ভোগজৰা

ধেমাজিৰ ৰাষ্ট্ৰীয় নাট সমাৰোহলৈ পংকজ গোস্বামী পৰিচালিত নটসূৰ্য ফণী শৰ্মাৰ কালজয়ী নাট ভোগজৰা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7