VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সাহিত্য একাডেমী বঁটা প্ৰাপ্ত , অসম প্ৰশাসনিক সেৱাৰ প্ৰথম মহিলা অসামৰিক বিষয়া গৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছো

নীতা চক্রবর্ত্তী by নীতা চক্রবর্ত্তী
September 2, 2022
in অভিমত
সাহিত্য একাডেমী বঁটা প্ৰাপ্ত , অসম প্ৰশাসনিক সেৱাৰ প্ৰথম মহিলা অসামৰিক বিষয়া গৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছো
0
SHARES
77
VIEWS
Share on FacebookShare on Twitter

আজি দীনবান্ধৱী শুচিব্ৰতা ৰায়চৌধুৰীৰ ওপজা দিন। বৰপেটাৰ বিখ্যাত ৰায়চৌধুৰী পৰিয়ালত ১৯৩১ চনত শুচিব্ৰতা ৰায়চৌধুৰীৰ জন্ম হৈছিল। তেওঁৰ দেউতাকৰ নাম আছিল অম্বিকাগিৰি ৰায়চৌধুৰী আৰু মাকৰ নাম কৌশলা দেৱী ৰায়চৌধুৰী ।

শুচিব্ৰতা ৰায়চৌধুৰীয়ে বাল্যকালৰ শিক্ষা গুৱাহাটীতে গ্ৰহণ কৰাৰ পিছত ১৯৪৫ চনত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত হোৱা মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিশ্ববিদ্যালয়ৰ পৰা জলপানী লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰি ১৯৫৪ চনত অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা পৰীক্ষাত উত্তীৰ্ণ হৈ দণ্ডাধীশ হিচাপে অসামৰিক সেৱাৰ কামত যোগদান কৰে।
শুচিব্ৰতা ৰায়চৌধুৰী , অসম কেশৰী তথা কবি , প্ৰৱন্ধকাৰ , নাট্যকাৰ , সংগীতজ্ঞ , সমাজ সংস্কাৰক , জাতীয়তাবাদী নেতা অম্বিকাগিৰি ৰায়চৌধুৰীৰ কন্যা হোৱাৰ উপৰিও তেওঁ অসমৰ অসামৰিক সেৱাৰ প্ৰথম মহিলা দণ্ডাধীশ। শুচিব্ৰতা ৰায়চৌধুৰী এগৰাকী কবি হিচাপেও অসমীয়া সাহিত্য জগতত পৰিচিত। তেখেতে কবিতা লিখাৰ কাৰণে প্ৰথমতে দেউতাকৰ পৰাই অনুপ্ৰেৰণা লাভ কৰিছিল আৰু তেওঁক কবি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ দেউতাকে বাল্যকালৰে পৰা কবিতা লিখাৰ শিক্ষা দিছিল। শুচিব্ৰতা ৰায়চৌধুৰীয়ে তেওঁৰ কবিতা বিলাকৰ যোগেদি সমাজত ন্যায় প্ৰতিষ্ঠাৰ ওপৰত প্ৰাধান্য দিছিল। সমাজৰ অন্যায় , শোষণ , নিৰ্যাতনৰ বলি হোৱা লোকৰ প্ৰতি তেওঁ সহানুভূতিশীল আছিল।

শুচিব্ৰতা ৰায়চৌধুৰী এগৰাকী সমাজ সচেতন মহিলা হিচাপেও সকলোৰে পৰিচিত। তেওঁৱেই প্ৰথমতে বৃদ্ধলোকৰ অকলশৰীয়া জীৱনৰ প্ৰতি লক্ষ্য ৰাখি বৃদ্ধলোকৰ আৱাসগৃহ স্থাপনৰ পৰিকল্পনা কৰে। তেওঁৰ মাকৰ মৃত্যুৰ পিছত দেউতাকৰ নিঃসংগতাৰ প্ৰতি লক্ষ্য ৰাখি শুচিব্ৰতাৰ মনত নতুন চিন্তা আহে আৰু তাৰ ফলশ্ৰুতিত গুৱাহাটীত প্ৰথমতে দুজন নিসংগ বৃদ্ধ লোকক লৈ বৃদ্ধ আৱাস গৃহ প্ৰতিষ্ঠা কৰে। ২০০৩ চনতে গুৱাহাটীত স্থাপন হোৱা এই আৱাস গৃহটোত এতিয়া বহু বৃদ্ধ লোকৰ বাসস্থান হৈ পৰিছে। অসম চৰকাৰৰ বিভিন্ন বিভাগত সুখ্যাতিৰে কাম কৰাৰ সমান্তৰাল ভাৱে দীন , হীন সকলৰ সহায় আৰু উন্নয়নৰ হকে তেওঁ বহু কাম কৰিছিল বাবে তেওঁক দীন বান্ধৱী আখ্যা দিয়া হয়।

শুচিব্ৰতা ৰায়চৌধুৰী অসমীয়া ভাষা -সাহিত্যৰ প্ৰচাৰৰ কাৰণেও সচেতন আছিল। চৰকাৰী কামৰ লগতে তেওঁ অসমীয়া ভাষা প্ৰচাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল। ধুবুৰীত দণ্ডাধীশ হিচাপে কাৰ্য নিৰ্বাহ কৰি থকাৰ সময়ত সেই অঞ্চলত অসমীয়া ভাষাৰ স্কুল নথকাত তেওঁ নিজৰ চৰকাৰী আৱাস গৃহতে কিছুমান লৰা-ছোৱালীক লৈ এখন প্ৰাথমিক স্কুল আৰম্ভ কৰে ।১৯৬২ চনতে আৰম্ভ কৰা এই স্কুলখনে পিছত এখন পূৰ্ণাংগ অসমীয়া মাধ্যমৰ স্কুলত পৰিণত হয়।

শুচিব্ৰতা ৰায়চৌধুৰীয়ে ‘ অৰিজিন এণ্ড ডেভেলমেণ্ট অৱ বৈষ্ণবিজিম ‘ নামৰ গ্ৰন্থখন অসমীয়ালৈ অনুবাদ কৰি ২০০১ চনত সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হয়।
‘ তুমি আৰু মই ‘ , ‘ মাথো কথা ‘ তেখেতৰ কবিতা পুথি। ‘গুঞ্জন ‘ আৰু ‘সুহুৰি’ নামেৰে দুখন গীতৰ পুথিও সূচীব্ৰতা ৰায়চৌধুৰীয়ে লিখিছিল। ‘বা-মাৰলি’ আৰু ‘সুন্দৰৰ দেশ’ তেওঁৰ সৃষ্ট উপন্যাস। ইয়াৰ উপৰিও তেওঁৰ গল্প পুথি , অনুবাদ গল্প আৰু এখন নাটকো তেওঁ অনুবাদ কৰিছিল।

অসমৰ এইগৰাকী সংগ্ৰামী মহিলাই ২০১০ চনত ৭৯ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে।

অসম প্ৰশাসনিক সেৱাৰ প্ৰথম গৰাকী মহিলা অসামৰিক বিষয়া , সাহিত্য একাডেমী বঁটা প্ৰাপ্ত সাহিত্যিক তথা সমাজসেৱিকা গৰাকীৰ ওপজা দিনত সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ।

Previous Post

আন্তঃজিলা যুৱ আৰু জ্যেষ্ঠ বক্সিং প্ৰতিযোগিতাত নগাঁৱৰ সাফল্য,পাঁচটা পদক লাভ

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী
অভিমত

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী

August 15, 2024
কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত
অভিমত

কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত

January 26, 2024
সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ
মুখ্য সংবাদ

সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ

October 4, 2023
বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ
অভিমত

বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ

August 21, 2023
আহল বহল চিন্তাবোৰ
অভিমত

আহল বহল চিন্তাবোৰ

July 28, 2023
আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?
অভিমত

আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?

April 1, 2023
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7