আত্মহত্যা এটা নুবুজা সাঁথৰ। আত্মহত্যা সম্পৰ্কত চৰ্চা যিমানেই হৈছে সিমানেই এই সম্পৰ্কত বিশ্লেষণো হৈছে। সংসদৰ মজিয়াত অলপতে এক ভয়ংকৰ তথ্য উন্মোচিত হৈছে। গৃহ মন্ত্ৰণালয়ৰ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে ২৯ মাৰ্চত সংসদৰ মজিয়াত এটা প্ৰশ্নৰ লিখিত উত্তৰত জনাইছে যে বিগত ১০ টা বছৰত সেনাবাহিনীত মানে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (Cantral Armed Police Force-CAPF চমুকৈ চিএপিএফ) ১,২০৫ লোকে আত্মহত্যা কৰিছে। এই চিএপিএফত কেন্দ্ৰীয় সুৰক্ষা বাহিনী যেনে চিআৰপিএফ, বিএছএফ, চিআইএছএফ, আইটিবিপি, এনএছজি আৰু আছাম ৰাইফলছ অন্তৰ্ভুক্ত হৈ আছে। উল্লেখ্য যে, এই সন্মিলিত বাহিনীত ৯ লাখ সেনা আছে।
কোভিড কালৰ ভয়াৱহতা কিমান আছিল সেয়া প্ৰতিজন দেশবাসীয়ে ইয়াৰ প্ৰতিটো ঢৌত প্ৰত্যক্ষ কৰিছিল। দীৰ্ঘ সময়ৰ বাবে হোৱা লকডাউন (তলাবন্ধ) কাৰ্যসূচীৰ ফলত দেশৰ উদ্যোগ খণ্ডৰ লগতে নিতৌ আয় কৰি জীৱন নিৰ্বাহ কৰা লোক শতিকাৰ অন্যতম ভয়াৱহ মহামাৰীৰ দ্বাৰা আক্ৰান্ত হৈ পৰিছিল। ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী তথা ক্ষুদ্ৰ, মজলীয়া আৰু লঘু উদ্যোগ খণ্ড (এমএছএমই), তথা অন্যান্য ব্যৱসায়ৰ সৈতে জড়িত হৈ থকা প্ৰতিজন লোকক কোভিডে জৰুলা কৰি তুলিছিল। ৰাষ্ট্ৰীয় ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৰ (এনচিআৰবি) তথ্য মতে ২০১৯ চনৰ ১.৩৯ লাখ আত্মহত্যাৰ বিপৰীতে ২০২০ চনত ১.৫৩ লাখ মৃত্যুৰ (আত্মহত্যা হিচাপে পঞ্জীয়ন) ঘটনা সংঘটিত হৈছে। সমগ্ৰ দেশতেই পঞ্জীয়ন হোৱা এই আত্মহত্যাৰ ঘটনাবোৰ যথেষ্ট ভয়াৱহ।
কেন্দ্ৰীয় চৰকাৰে লোকসভাত দিয়া তথ্য অনুসৰি কোভিড কালৰ সময়ত ২০২০ চনত ১৪৩ টা আৰু ২০২১ চনত ১৫৬জন কেন্দ্ৰীয় আৰক্ষী বাহিনী চমুকৈ চিএপিএফৰ লোক আত্মহত্যাৰ জৰিয়তে নিহত হোৱাৰ বিপৰীতে ২০১৯ চনত ১২৯ টা আত্মহত্যাৰ ঘটনা সম্মুখলৈ আহিছিল। এই ঘটনাবোৰে এখন উদ্বেগজনক ছবি পোহৰলৈ আনিছে। কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগটোৱে সংসদৰ মজিয়াত দিয়া এই তথ্যই সেনা বাহিনীৰ কেতবোৰ দিশ পোহৰলৈ আনিছে। কেন্দ্ৰীয় আৰক্ষী বাহিনীত কৰ্মৰত সেনা জোৱানৰ দীঘলীয়া কৰ্মদিন, ছুটীৰ অভাৱ, ঘৰুৱা সমস্যা তথা বিত্তীয় সমস্যাবোৰৰ বাবে এইধৰণে আত্মহত্যাৰ ঘটনা বৃদ্ধি পোৱা বুলি এক সূত্ৰই অনুমান কৰিছে।
সংসদৰ মজিয়াত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আৰক্ষী বাহিনীৰ এই তথ্য দাখিল কৰাৰ সমাম্তৰালভাৱে এয়াই উল্লেখ কৰিছে নিৰাপত্তা বাহিনীৰ লোকৰ সুস্থ্য মনস্তত্বৰ বিকাশৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা বুলি সদনত জনাইছে। লগতে তেওঁ এই কথাও উল্লেখ কৰিছে যে আত্মহত্যাৰ প্ৰৱণতা প্ৰতিৰোধ কৰাৰ বাবে এটা টাস্ক ফোৰ্চ গঠন কৰা হৈছে।