অলপতে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে সমকামী ব্যক্তিক ন্যায়াধীশ হিচাপে নিযুক্তি প্ৰদানৰ ক্ষেত্ৰত মঞ্জুৰি প্ৰদান কৰিছে। সৌৰভ কিৰ্পাল নামৰ জেষ্ঠ অধিবক্তাজনে দিল্লী উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে শীঘ্ৰেই নিযুক্তি লাভ কৰিব। সমকামী হোৱাৰ বাবে সৌৰভ কিৰ্পালে বহু বছৰ ধৰি ন্যায়াধীশ হিচাপে নিযুক্তি লাভৰ বাবে যুঁজ দি আহিছিল। অৱশেষত তেওঁ জয়লাভ কৰি নিযুক্তি লাভৰ অনুমতি লাভ কৰে।
ভাৰতবৰ্ষৰ বাবে নিঃসন্দেহে এটা ভাল খবৰ। দীৰ্ঘ সময় ধৰি সমকামী লোকসকলে নিজৰ অধিকাৰৰ বাবে যুঁজ দি আহিছে। অলপতে মহামান্য উচ্চতম ন্যায়ালয়ে ধাৰা ৩৭৭ ক অসংবিধানিক বুলি ঘোষণা কৰি শুভ সংকেত দিছিল। আনহাতে তৃতীয়লিংগৰ বাবে আবেদন পূৰণৰ ক্ষেত্ৰত বিশেষ অংশ ৰখাৰ ব্যৱস্থা কৰিছে। তৃতীয় লিংগৰ ব্যক্তিৰ বাবে পৃথক ৰাজহুৱা শৌচাগাৰৰ ব্যৱস্থাও দেশৰ ঠায়ে ঠায়ে আৰম্ভ কৰিছে।
কিন্তু সমকামী ব্যক্তিসকলক যেন আজিও গুৰুত্ব প্ৰদান কৰা হোৱা নাই। সমকামী বিবাহৰ ক্ষেত্ৰত এতিয়াও প্ৰতিবন্ধকতা আছে। সমাজ আৰু আইনৰ বাধা এতিয়াও আছে। তেনে সময়তে উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্ত অতি আদৰণীয়।
আমাৰ সমাজত পুৰুষ আৰু মহিলাৰ মাজৰ সম্পৰ্কৰ বাহিৰে সমকামিতা, তৃতীয়লিংগৰ সম্পৰ্কক আজিও অস্পৃশ্যৰ দৃষ্টিৰে চোৱা হয়। সমাজৰ ব্যক্তি হিচাপে পূৰ্ণ অধিকাৰেৰে জীয়াই থাকিবলৈ ন্যায়িক অধিকাৰ তেওঁলোকৰ বাবে অতি প্ৰয়োজনীয়। সমাজৰ মানসিকতা সলনি কৰিব নোৱাৰিলেও ন্যায়িক সুৰক্ষা আৰু অধিকাৰৰ দ্বাৰা তেওঁলোকে সমাজত মুক্ত অভয়মনে জীয়াই থাকিবলৈ এক সাময়িক সকাহ লাভ কৰিব। এই পদক্ষেপে মানুহৰ মনৰ মলিনতা মচিবলৈও সক্ষম হ’ব।