আকৌ শৰৎ আহিছে। শেৱালি ফুলিছে , নিয়ৰ সৰিছে , আকাশলৈ বগা মেঘ আহিছে। শক্তিক এগৰাকী গোসাঁনীৰ ৰূপত আৰাধনা কৰাৰ সময় আহিছে। পৃথিৱীয়ে বাৰিষাক বিদায় দি শৰতক হেঁপাহেৰে আঁকোৱালি লোৱাৰ সময় সমাগত। শৰতৰ শুকান বাট-পথ , নিৰ্মল আকাশ-বতাহ আৰু মিঠা শৰতৰ পৰশে মানুহৰ মন মিঠা কৰে , নিৰ্মল কৰে। শৰতৰ আগমনত শেৱালি ফুলে , ভেঁট পদুমে পাহ মেলে , সজীৱ হৈ উঠে দুবৰিবনৰ দলিচা।
অতীতলৈ উভতি চালে আন এখন দুৰ্গাপূজাৰ ছবিয়ে মনত দোলা দি যায়। পূজাৰ এমাহ মানৰ আগৰে পৰা পূজাৰ প্ৰস্তুতি । দোকানৰ থান কাপোৰ কাটি চোলা চিলাবলৈ অনা কাপোৰ টুকুৰা সদায় মা হঁতে চিলাই কৰি দিয়াৰ পৰা অলপ সুকীয়া। পূজাৰ চোলা গতিকে দৰ্জিৰ পৰা ডিজাইন দি চিলাবলৈ মনটো উচপিচাই থাকে। পিছত ঘৰৰ পৰা অনুমতি পালে সেয়া সম্ভৱ হৈ উঠিলে মনবোৰ যেন আনন্দৰে ভৰি পৰে । পূজা আহিবৰ ৪/৫ মাহ মানৰ আগৰে পৰা পূজাৰ মেলাত পচন্দৰ বস্তু কেইপদ কিনিবলৈ পইচা জমোৱাৰ কি হেঁপাহ। ১০ – ২০ পইচা কৰোবাত পালে বা কেতিয়াবা স্কুলত যাওঁতে চিংৰা খাবলৈ দিয়া ২৫ পইচাটো নাৰিকল তেল শেষ হোৱা তেলৰ টেমাত জমাই পূজালৈ সাঁচি ৰাখি যি সন্তুষ্টি পোৱা গৈছিল এতিয়া এটিএম কাৰ্ড খন হাতত কোনোবাই গুজি দিলেও সেই আনন্দ বিচাৰি পোৱা নাযায়। দুৰ্গা পূজা আহিলেই , বে’লবৰণৰ দিনা মনত অযুত উৎকণ্ঠা লৈ অতি হেঁপাহেৰে পইচা জমা কৰা টেমাটো কাটি পইচাবোৰ হিচাপ কৰি কৰি ভাগৰি যোৱা , দাদা হঁতে মাজতে আহি পইচা এটা-দুটা চুৰ কৰি গণনাত আউল লগাই খেলিমেলি লগাই দি সিহঁতেও যেন একপ্ৰকাৰ আনন্দ উপলদ্ধি কৰিছিল।
পূজাৰ দিনাখন ওচৰতে থকা দেৱালয়ত ৰাতিপুৱাৰে পৰা ব্যস্ততা। স্কুলৰ কোনোবা বান্ধৱী বা গাৱঁৰ চিনাকি ছোৱালী বোৰক লগ পোৱাৰ যি হেঁপাহ সেই ইচ্ছাই দেৱালয়ৰ চৌহদত দেহ-মন নাচি ফুৰিছিল। মা হঁতৰ লগত অঞ্জলিলৈ লৈ ঘৰত ঘুৰি অহাৰ সময়ত ৰঙা-নীলা পানী বেলুন কিনি গোটেই ৰাষ্টাত নচুৱাই নচুৱাই ঘৰ পোৱাৰ আগতে ফাটি পেলোৱাৰ আনন্দ ৰাৱনক বধ কৰাৰ দৰেই আছিল। ঘৰত আহি ভাত -পানী খাই বৰদেউতা -খুৰা হঁতে পূজা চাবলৈ দিয়া ৫০ পইচা বা ১.০০ টকাটো পোৱাৰ যি ফুৰ্তি সেয়া আজিৰ দিনৰ এনড্ৰইড মোবাইল এটা গিফট পালেও তাৰ লগত তুলনা নহয়।
আবেলি হোৱাৰ লগে লগে জমা কৰা পইচা আৰু ডাঙৰবোৰৰ পৰা পোৱা খুচুৰা পইচাবোৰ (১৫/২০ টকা) ৰুমাল এখনেৰে বান্ধি টোপোলাটো বেগ এখনত ভৰাই পূজা চাবলৈ যোৱা
কিছুদিন আগৰে পৰা গোটেই বছৰটোৰ বাবে প্ৰয়োজনীয় খাৰু -মণি , ফিটা , চেফটিপিন , ফোট আদি সামগ্ৰীবোৰৰ তালিকা এখন বনাই লোৱা আৰু যদি এটা বস্তুও বাদ নপৰে তাৰ বাবে তালিকাখন বেগটোত সোমাই লৈ দেৱীৰ মূৰ্তি দৰ্শণ কৰাৰ পিছত মেলালৈ যাব পাৰিলেহে যেন পূজাতো সাৰ্থক হৈ পৰিছিল। নাছিল কোনো দোকানত চাহ -মিঠাই খোৱা বা কাৰোবাক লগ পোৱাৰ ইচ্ছা নাইবা নিজৰ কাপোৰ আনৰ কাপোৰতকৈ ভাল নে বেয়া চিন্তা কৰাৰ প্ৰয়োজনীয়তা। পূজা চোৱা আনন্দৰ মাজতো যেন দায়িত্বই এৰি দিয়া নাছিল। কাৰণ সেই দিনবোৰত অভিভাৱকৰ দায়িত্ব নাছিল ছোৱালী জনীৰ এই সৰু-সুৰা বস্তুবোৰৰ প্ৰতি চকু দিবলৈ।
সময়ৰ পৰিবৰ্তন হ’ল । জীৱন -ধাৰণৰ পদ্ধতি সলনি হৈ পৰাৰ লগে লগে আমাৰ মনৰ আনন্দৰ সংজ্ঞাও সলনি হৈ পৰিল। পূজাৰ আগতে ড্ৰেচ কিনাৰ লগতে তাৰ সমান্তৰাল ভাৱে আ-অলংকাৰ , জোতা -চেণ্ডেল , চাইড বেগ আদি সকলো ৰেডি কৰি পূজাৰ দিনটোলৈ ৰৈ থকাৰ এটা আনন্দ ।পূজা চাবলৈ গৈ কোন ৰেষ্টুৰেণ্টত খাব সেয়াহে আলোচনাৰ বিষয় আজিৰ দিনত। আমাৰ মনবোৰ কোনোবা খিনিত ৰৈ গ’ল নেকি? দুৰ্গা পূজা বুলি ক’লে বা পূজা আহিলে বুলি মনত ভাৱ আহিলেই দেখন মনবোৰ উৰি যায় খুচুৰা পইচা জমোৱা দিনবোৰলৈ।
যুগে যুগে শৰৎ আহিছে ,গৈছে। যুগে যুগে শৰৎ আহিব আৰু যাব। প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপৰ মাজতে আহিব মা দূৰ্গা শাৰদীয় দুৰ্গা পূজা। প্ৰতিটো যুগৰ সময়ক আদৰণি জনাই প্ৰতিটো যুগৰ প্ৰজন্মই উপভোগ কৰিব শাৰদীয় পূজাৰ মহত্ব আৰু আনন্দ।