শেৱালিৰ বোকোচাত উঠি আকৌ আহিছে শৰৎ। শৰতে আদৰি আনিছে মংগলময়ী মাতৃক। হিন্দু ধৰ্মত মা দুৰ্গাক শুভ শক্তিৰ প্ৰতীক ৰূপে পূজা কৰি অহা হৈছে অতীজৰে পৰা। বিভিন্ন ৰূপত এইজনা দেৱীক কল্পনা কৰা হৈছে। আজি মহা পঞ্চমী তিথি। নৱদুৰ্গাৰ পঞ্চম ৰূপ ‘স্কন্দমাতা’। শিৱপুত্ৰ কাৰ্তিকৰ আন এটা নাম ‘স্কন্দ’। কাৰ্তিকৰ মাক হোৱা বাবে দেৱীৰ আন এটা নাম ‘স্কন্দ মাতা’। কাৰ্তিকৰ বাহন হ’ল ময়ুৰ বা মৰা চৰাই। দেৱীৰ দৈহিক বৰণ সম্পূৰ্ণৰূপে শুভ্ৰ বা শ্বেত। দেৱী কমল আসনত বিৰাজমান। সেই কাৰণে দেৱীক “পদ্মাসনা দেৱী ” আখ্যাৰেও বিভূষিত কৰা হয়।
দেৱীৰ সোঁফালৰ ওপৰত স্কন্দ ধাৰণ কৰে আৰু তলৰ হাতত পদুম ফুল ধাৰণ কৰে। বাওঁফালৰ ওপৰৰ হাতত বৰাভয় মুদ্ৰা ৰূপ আৰু তলৰ হাতত পদুম ফুল ধাৰণ কৰে। স্কন্দমাতাৰ বাহন সিংহ। নৱৰাত্ৰিৰ আৰাধনাৰ পঞ্চম দিনা স্কন্দমাতা দেৱীৰ পূজা কৰা হয়। স্কন্দমাতা দেৱীক ভক্তি সহকাৰে আৰাধনা কৰিলে ভক্তৰ সমস্ত ইচ্ছা দেৱীয়ে পূৰণ কৰে বুলি জন সমাজত বিশ্বাস আছে।