“মৃত্যুটো এটা শিল্প জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য”
হীৰু দাৰ এই স্তৱকটোৰ দৰেই জীৱনৰ ভালেমান দিশক
ভাস্কৰ্যৰ দৰে ৰূপ দি অৱশেষত ১৮ অক্টোবৰ, ২০২২ -ত নিৰ্বাপিত হৈ পৰিল উজ্জ্বল চাকিটি । হেৰাই গ’ল কালৰ নিষ্ঠুৰ আমন্ত্ৰণত বহু প্ৰতিভাৰে বিকশিত ডঃ দিপালী দাস । হয়, সেই দিপালী দাস যাৰ হাঁহিত, যাৰ কথাত নিগৰিছিল মানুহক ভালপোৱাৰ এক অনন্য প্ৰৱাহ । সম্পৰ্কত দিপালী দাস আছিল মোৰ নিজৰ ডাঙৰ বৌ যেন এগৰাকী বন্ধু ।
বিজ্ঞান বিভাগৰ মানুহ হৈও সাহিত্য জগতত প্ৰৱেশৰ প্ৰাকক্ষণত বহু কথাই মোৰ সৈতে হৈছিল । মই কলা (সাহিত্য) বিভাগৰ ছাত্ৰ আছিলোঁ বাবেই প্ৰায়েই কেতবোৰ শব্দ গাঁথনি সন্দৰ্ভত কথা হৈছিল মোৰ সতে’ । চৈয়দ আব্দুল মালিক, হোমেন বৰগোহাঞি, অনুৰাধা শৰ্মা পূজাৰী, ঠংচি, ৰং-বং-তেৰাং আদিৰ মহান লেখনিবোৰৰ পৰা মধুৰ ৰস পান কৰি স্বকীয় চিন্তাৰে মৌলিক সৃষ্টিত মনোনিবেশ কৰা ডাঙৰ বৌ জনীক এইদৰে ইমান কম সময়তে হেৰুৱাম বুলি সপোনতো ভবা নাছিলোঁ ।
মনত পৰে বিশেষকৈ সাহিত্য সন্দৰ্ভত আমাৰ বার্তালাপ বোৰৰ কথা । আনকি বিগত বছৰতো কৈছিল মই সহায় কৰিলে হেনো অসমীয়া বিভাগত উচ্চ শিক্ষা ল’ব । ভালেমান কিতাপৰ নাম আৰু কিছু কিতাপ মোৰ পৰা লৈ আৰম্ভ কৰিছিল অধ্যয়ন । কিবা এটা কৰাৰ এই যে আগ্ৰহ বা মনোবল সেয়া আছিল বৌৰ অন্যতম বৈশিষ্ট্য । অসমীয়া কৃষ্টি সংস্কৃতিৰ জগতকে আদি কৰি মডেলিং জগত,নাৰী সৱলীকৰণ আদি ভালেমান জগতত পাৰদৰ্শিতা দেখুৱাই অৱশেষত অৱশ হৈ পৰিল । ৰুচি সম্পন্ন বিভিন্ন ব্যঞ্জন প্ৰস্তুত কৰা আৰু মানুহক খুৱাই তৃপ্তি পোৱা বৌৰ আন এটা বিশেষ বৈশিষ্ট্য আছিল ।
সঁচাকৈয়ে, এনে এগৰাকী ব্যক্তি ইমান কম দিনতেই নিৰ্বাপিত হৈ পৰিব বুলি ভবা নাছিলো । বহু কাম ৰৈ গ’ল ।
স্থবিৰ হৈ পৰিল সকলো আত্মীয় তথা অসংখ্য গুণমুগ্ধৰ আশাভৰা আকাংখ্যাবোৰ । ৰণুৱা ঘোঁৰাৰ দৰে “তেজস্নিনী” যেন বৈ গৈছে মানুহৰ মাজলৈ…ধমনীয়ে ধমনীয়ে….!
আজি ইং ২৮/১০/২০২২, শুক্ৰবাৰে ডাঙৰ বৌৰ আদ্য-শ্ৰাদ্ধৰ দিনা অসংখ্য সোঁৱৰণীৰ মাজেৰে অশ্ৰুসিক্ত নয়নেৰে যাছিলোঁ এঁকাজলি মৰম-শ্ৰদ্ধাঞ্জলি য’তেই থাকা””তেজস্নিনী” হৈ শান্তিৰে থাকা । ওম শান্তি শান্তি শান্তি !!