আমি সৰুৰে পৰাই দেখি অহা নিয়ম-কানুন সমূহে আমাৰ মানসিকতাৰ ওপৰতো যথেষ্ট প্ৰভাৱ পেলাই ৷ সেয়েহে নাৰী আৰু পুৰুষৰ তুলাচনীত হয়তো পুৰুষৰ পাল্লা অলপ হ’লেও গধূৰ ৷ অৱশ্যে সোঁতৰ বিপৰীতে গৈ যদি কোনোবাই এই নিয়মবোৰ উলংঘা কৰে বা নিজৰ ধৰণে কিবা এটা কৰিবলৈ যায় তেন্তে তেওঁ হেয় প্ৰতিপন্ন হয় সমাজৰ চকুত ৷
পিতৃপ্ৰধান সমাজত পত্নীয়ে স্বামীক সেৱা কৰা বা শ্ৰদ্ধা কৰাটো নিয়ম ৷ কিন্তু তাৰ বিপৰীতে স্বামীয়ে যদি পত্নীৰ ভৰি চুই সেৱা কৰে বা আশীৰ্বাদ লয় তেন্তে সেয়া সকলোৰে চকুত হৈ পৰে এক লাজৰ বিষয় ৷ সোঁতৰ বিপৰীতে গৈ তেনে এক কাণ্ড সংঘটিত কৰাৰ বাবে বৰ্তমান সময়ত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’ ৷ বিবাহৰ পূৰ্বে এহাল যুৱক-যুৱতীৰ আঙঠি পিন্ধোৱা অনুষ্ঠানত ভাৱী স্বামীক অঙঠি পিন্ধাই সেৱা কৰাৰ পিছতেই হ’বলগীয়া পত্নীকো যুৱকজনে আঙঠি পিন্ধাই তললৈ হাওলি ভৰি স্পৰ্শ কৰাৰ লগে লগেই তাত উপস্থিত সকলোৱে হাঁহিবলৈ আৰম্ভ কৰে। আনহাতে যুৱকৰ পিতৃয়ে লগে লগেই পুত্ৰক চৰ সোধোৱা দৃশ্যই হয়তো বহুতকে ভাবিবলৈ বাধ্য কৰাইছে যে এইখন সমাজত এগৰাকী পত্নীৰ বাবে স্বামীৰ স্থান সদায় ওপৰত ৷ কিন্তু তাৰ বিপৰীতে স্বামীৰ বাবে পত্নীৰ স্থান ক’ত সেয়া হৈছে এক ডাঙৰ প্ৰশ্ন ৷
ভাইৰেল ভিডিঅ’টো mohan_kushwaha_8555 নামৰ এটা ইনষ্টাগ্ৰাম একাউণ্টে শ্বেয়াৰ কৰিছে। যি ভিডিঅ’ই এতিয়ালৈকে লাখ লাখ লোকৰ প্ৰতিক্ৰিয়া ও মন্তব্য লাভ কৰিছে। একে সময়তে, মানুহে যুৱকজনক তীব্ৰ ভাৱে উপহাস কৰাও দেখা গৈছে । বহুতেই যুৱকজনক এনে কাম কৰাৰ বাবে তেওঁ পুৰুষ নহয় বুলিও তিৰষ্কাৰ কৰা পৰিলক্ষিত হৈছে ৷
অৱশ্যে নাৰীক সন্মান কৰাৰ বাবে বহুলোকে ইতিবাচক মন্তব্যৰেও উৎসাহিত কৰিছে যুৱকজনক ৷ বহুতৰ মতে ঘৰৰ লক্ষ্মীক সন্মান কৰি সঁচা পুৰুষত্বৰ ,সঁচা মানৱতাৰ পৰিচয় দিছে যুৱকজনে ৷
অৱশ্যে ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে এতিয়া বহু লোকৰ মনত এই প্ৰশ্ন উত্থাপিত হৈছে যে আমাৰ সমাজত এজন স্বামীৰ বাবে পত্নীৰ স্থান ক’ত ? এতিয়াও স্বামীৰ চৰণত নেকি ?
View this post on Instagram