VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ইউক্ৰেইনত যুদ্ধ আৰু অসমীয়া

শোণিত কুমাৰ গোস্বামী by শোণিত কুমাৰ গোস্বামী
March 2, 2022
in অভিমত
ইউক্ৰেইনত যুদ্ধ আৰু অসমীয়া
0
SHARES
253
VIEWS
Share on FacebookShare on Twitter

এইকেইদিন বাতৰিবোৰত কেৱল ইউক্ৰেইনৰ চৰ্চা আৰম্ভ হৈছে। চৰ্চা হোৱা কথাটোৰ উৎস হৈছে ৰাছিয়া। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে দীৰ্ঘসময় ধৰি মানে প্ৰায় দুটা দশক শাসনত থকাৰ লগতে আৰু এটা দশক শাসনত থকাৰ নিশ্চিতি প্ৰদান কৰাৰ ফলত তেওঁৰ শাসনত স্বৈৰাচাৰী চৰিত্ৰ লাহে লাহে পৰিস্ফুট হৈ পৰিছে। ইয়াৰে অংশস্বৰূপে এতিয়া ভ্লাডিমিৰ পুটিনে (ৰাছিয়া নহয়) নিজা উদ্যোগত আগ্ৰাসনৰ পৰিচয় দি ইউক্ৰেইন আক্ৰমণ কৰিছে। এই আক্ৰমণত স্বয়ং পুটিনৰ সমালোচক (যি জেলত আছে) আৰু সাধাৰণ নাগৰিকে ৰাজপথলৈ আহি প্ৰতিবাদ জনাইছে আৰু জেললৈ যাবলগীয়া হৈছে। ৰাছিয়াৰ অভ্যন্তৰত অসন্তুষ্টিৰ মাত্ৰা বৃদ্ধি পাইছে। কিন্তু প্ৰশাসনযন্ত্ৰক নিজৰ দখলত ৰাখি পুটিন জনপ্ৰিয়তাৰ শীৰ্ষত আছে।

পূৰ্বৰ ছোভিয়েট সংঘৰ পৰা ফালৰি কাটি ১৯৯১ চনত স্থাপন হোৱা ইউক্ৰেইনৰ চৰিত্ৰ ৰুছ। এই দেশখনৰ মূল ভাষা ইউক্ৰেনিয়ান যদিও এই দেশৰ অধিকাংশ নাগৰিকে ৰুছ ভাষা জানে। অৱশ্যে ভাষা এটা মূল উপাদান নহয়, কিন্তু ইউক্ৰেইন দেশখনে ইউৰোপৰ সৈতে সংযুক্ত হৈ পৰা তথা নাটো বাহিনীৰ সৈতে জড়িত হৈ ইউক্ৰেইনত নাটো ঘাটি স্থাপন কৰা কথাটোক পুটিনে গ্ৰহণ কৰিব পৰা নাছিল। সেয়েহে প্ৰথমে দেশখনত থকা বিচ্ছিন্নতাবাদী উগ্ৰপন্থী সংগঠনবোৰক সহায় কৰি পুটিনে অচলাৱস্থাৰ সৃষ্টি কৰাৰ পাছত এতিয়া ক্ৰমাণ্বয়ে দেশখনত এপিনৰ পৰা আনপিনলৈ অঞ্চলসমূহ অধিকাৰ কৰি গৈছে। এই যুদ্ধৰ বাবে তিনিগৰাকী ব্যক্তিক জগৰীয়া কৰিব পাৰি। তেওঁলোক হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনেস্কি।

যদিহে কূটনৈতকতাৰ দিশত এই তিনিওগৰাকী ৰাষ্ট্ৰনেতাই সফল হ’লহেঁতেন তেতিয়াহ’লে আজি শতাধিক নিৰীহ লোকৰ প্ৰাণ নগ’লহেঁতেন। বিশ্বত এতিয়া অনেক বিবাহ কূটনৈতিকভাৱে সমাধা হৈ আহিছে। কিন্তু ইউক্ৰেইনৰ ক্ষেত্ৰত ইতিহাস এই কথাটোক লৈ সাক্ষী হৈ থাকিব যে এই দেশখন বিপদত পৰাৰ সময়ত তেওঁলোকক সহায় কৰিবলৈ বা ৰাছিয়াপ বিপক্ষে থিয় দিবলৈ কোনো অন্য দেশ সাজু হোৱা নাই। এফালে মানৱতাৰ বৈধ্যভূমিক পৰিণত হোৱা ইউক্ৰেইনক লৈ এতিয়া ৰাষ্ট্ৰসংঘৰ মজিয়া, ইউৰোপ ইউনিউন আদিবোৰ আন্তঃৰাষ্ট্ৰীয় সংঘ কেৱল কথা-বতৰাতহে ব্যস্ত হৈ থকা দেখা গৈছে। আনহাতে অভিনয় জগতৰ (কৌতুক অভিনেতা) পৰা ৰাজনীতিলৈ অহা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনেস্কিয়ে কূটনৈতিকভাৱে বিবাদ সমাধানত বিফল হোৱাৰ পাছত এতিয়া যুদ্ধবিৰতিৰ ঘোষণা কৰাৰ সলনি নায়কোচিত ব্যৱহাৰ কৰি সেনাৰ সৈতে বা নাগৰিকৰ সৈতে থিয় হৈ দেশ ৰক্ষাৰ বাবে মিডিয়াত বক্তব্য ৰাখিছে (ফটো উঠিছে)। কিন্তু যুদ্ধত নাগৰিকৰ মৃত্যুৰ হিচাপ ল’বলৈ কাৰো আহৰি নাই।

এই যুদ্ধৰ সমান্তৰালকৈ ভাৰত তথা অসমৰ কথাও প্ৰসংগলৈ আহিছে। বিশেষত মেডিকেল শিক্ষাৰ বাবে পঢ়িবলৈ যোৱা প্ৰায় ১৯ হাজাৰ ভাৰতীয় শিক্ষাৰ্থীৰ বিষয়টো এই যুদ্ধৰ আৰম্ভণিৰ পৰা সংবাদ শিৰোনাম দখল কৰি আহিছে। ভাৰতত পৰ্যান্ত আসন নথকাৰ বাবে বা ইয়াত আসন সংৰক্ষণ কৰিব নোৱাৰি আৰু লগতে তুলনামূলকভাৱে অন্য দেশতকৈ সস্তীয়া মেডিকেল শিক্ষা উপলব্দ ইউক্ৰেইনত পূৰ্বৰে পৰা ভাৰতীয় শিক্ষাৰ্থী পঢ়িবলৈ গৈ আছিল। ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে ইতিমধ্যে এই শিক্ষাৰ্থীসকলক সহায় কৰাৰ বাবে ‘অপাৰেশ্বন গংগা’ আৰম্ভ কৰিছে। ইউক্ৰেইনৰ পৰা ইতিমধ্যে একাধিক শিক্ষাৰ্থীক উদ্ধাৰ কৰি অনা হৈছে। ইয়াৰ ভিতৰত অসমীয়া শিক্ষাৰ্থীও আছে।

শেহতীয়াকৈ ইউক্ৰেইনত যুদ্ধৰ দাবানলৰ মাজত এগৰাকী ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু হোৱাৰ পাছত যুদ্ধৰ শৰণাৰ্থীৰ বিষয়টোৱে দেশত গুৰুত্ব লাভ কৰিছে।

Previous Post

সৰোজিনী নাইডুৰ স্মৃতি দিৱসত শ্ৰদ্ধাঞ্জলি

Next Post

প্ৰাতঃস্মৰণীয় – আজি বিশিষ্ট গল্পকাৰ, সমালোচক তথা শিক্ষাবিদ ত্ৰৈলোক্যনাথ গোস্বামীৰ ওপজা দিন

Related Posts

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী
অভিমত

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী

August 15, 2024
কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত
অভিমত

কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত

January 26, 2024
সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ
মুখ্য সংবাদ

সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ

October 4, 2023
বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ
অভিমত

বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ

August 21, 2023
আহল বহল চিন্তাবোৰ
অভিমত

আহল বহল চিন্তাবোৰ

July 28, 2023
আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?
অভিমত

আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?

April 1, 2023
Next Post
প্ৰাতঃস্মৰণীয় – আজি বিশিষ্ট গল্পকাৰ, সমালোচক তথা শিক্ষাবিদ ত্ৰৈলোক্যনাথ গোস্বামীৰ ওপজা দিন

প্ৰাতঃস্মৰণীয় - আজি বিশিষ্ট গল্পকাৰ, সমালোচক তথা শিক্ষাবিদ ত্ৰৈলোক্যনাথ গোস্বামীৰ ওপজা দিন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7