VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

আমাক বৃদ্ধাশ্ৰম লাগে

শিৱানী বৰা by শিৱানী বৰা
October 28, 2021
in অভিমত, মুখ্য সংবাদ, সমাজ
জেষ্ঠ নাগৰিক আৰু আমাৰ কৰ্তব্য
0
SHARES
0
VIEWS
Share on FacebookShare on Twitter

অলপতে চাৰ্ভেত সংঘটিত হোৱা বৃদ্ধ দম্পতিৰ লোমহৰ্ষক হত্যাকাণ্ডই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিশ্বাসী কেয়াৰ টেকাৰৰ হাতত বৃদ্ধ দম্পতীহালৰ মৃত্যু হোৱাত বহুতো লোকে সন্তানক জগৰীয়া কৰিছে।

কিন্তু বৰ্তমান সময় সলনি হৈছে। কেৱল ঘৰতে আবদ্ধ হৈ থাকিলে আজিৰ যুগত এজন মানুহৰ বাবে ভাত মুঠি যোগাৰ কৰাই অসম্ভৱ হৈ পৰিব। তেনেস্থলত ঘৰৰ বাহিৰলৈ সংস্থাপন বিচাৰি যাবলৈ সন্তান বাধ্য। পিতৃ মাতৃৰ সময়ত চিকিৎসাৰ বাবে অৰ্থৰ যোগান ধৰিবলৈও এটা সংস্থাপন লাগে। 

সন্তান ঘৰত নাথাকিলেও সন্তানৰ ওচৰত গৈ থকাও সকলো মাক দেউতাকৰ বাবে সম্ভৱ নহয়। কষ্টৰে সাজি উলিওৱা ঘৰ বাৰী এৰি সন্তানৰ সৈতে কংক্ৰিটৰ জীৱন এটা উদযাপন কৰাতকৈ অকলশৰে থাকিয়েই ভাল পায়। এই ক্ষেত্ৰত সন্তানো নিৰূপায়। তেনে ক্ষেত্ৰত বৃদ্ধাশ্ৰমৰ দৰে এক সুন্দৰ ব্যৱস্থাৰ প্ৰয়োজন। 

বৃদ্ধসকল অতীজৰে পৰা উপেক্ষিত হৈ আহিছে। ভৰপূৰ পৰিয়াল এটাত থাকিও বহুতো বৃদ্ধ লোক যেন অসম্পূৰ্ণ! প্ৰতিযোগিতাৰ দৌৰত ব্যস্ত সন্তানৰ হাতত সময় কম থকা বৰ্তমান সময়ৰ এটা স্বাভাৱিক কথা। কেৱল পুষ্টিকৰ খাদ্য, ভাল কাপোৰ, সময়ে সময়ে স্বাস্থ্য পৰীক্ষাই বৃদ্ধসকলৰ বাবে যথেষ্ট নহয়। তেওঁলোককো মন খুলি কথা পাতিবলৈ, সময় অতিবাহিত কৰিবলৈ মনৰ পচন্দৰ এক পৰিৱেশৰ প্ৰয়োজন। বহুতো বৃদ্ধ লোক নাতি নাতিনীৰ দায়িত্ব পালন কৰি কোঙা হৈ পৰাও দেখা যায়। 

বৃদ্ধাশ্ৰমে বৃদ্ধসকলৰ এক নতুন জীৱন দিয়াত সহায় কৰিব। কিন্তু বৃদ্ধাশ্ৰমৰ প্ৰতি মানুহৰ ধাৰণা আমাৰ সমাজত আজিও বৰ সংকীৰ্ণ। সন্তানে অত্যাচাৰ কৰি খেদি দিয়া মাক দেউতাকহে বৃদ্ধাশ্ৰমত থাকে বুলি ধাৰণা কৰে। এনে চিন্তাই বৃদ্ধাশ্ৰমৰ বিকাশত সহায় কৰাত ব্যৰ্থ হয়।

বৃদ্ধাশ্ৰম বৃদ্ধ সকলৰ বাবে এক কথাত আশীৰ্বাদ। কেৱল ভৰপূৰ পৰিয়াল এটাত বৃদ্ধ এজনক সুখ দিব পাৰিব বুলি কৰা ধাৰণা সদায় সঁচা প্ৰমাণিত নহ’বও পাৰে। এখন মুকলি আকাশ বৃদ্ধসকলকো লাগে। চৰকাৰে বৃদ্ধাশ্ৰম নিৰ্মাণত গুৰুত্ব আৰোপ কৰি বৃদ্ধসকলক এখন মুকলি আকাশ প্ৰদান কৰিলে তেওঁলোকৰ সুবিধা হ’ব।

 

Previous Post

সৌৰজগতত নতুন গ্ৰহৰ সন্ধান

Next Post

ৰাজস্থানৰ বিলাসী ৰাজমহলত হ’ব কেটৰীনা-বিকিৰ বিয়া, বলিউদত চলিছে ব্যাপক চৰ্চা

Related Posts

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?
মুখ্য সংবাদ

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড
মুখ্য সংবাদ

দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড

May 28, 2022
লাডাখ নদীত বাহন পৰি সাতজন সৈনিক নিহত, ১৯ জন আহত
মুখ্য সংবাদ

লাডাখ নদীত বাহন পৰি সাতজন সৈনিক নিহত, ১৯ জন আহত

May 28, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 28, 2022
গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ
মুখ্য সংবাদ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
মহানগৰীৰ  আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী
মুখ্য সংবাদ

মহানগৰীৰ আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

May 27, 2022
Next Post
ৰাজস্থানৰ বিলাসী ৰাজমহলত হ’ব কেটৰীনা-বিকিৰ বিয়া, বলিউদত চলিছে ব্যাপক চৰ্চা

ৰাজস্থানৰ বিলাসী ৰাজমহলত হ'ব কেটৰীনা-বিকিৰ বিয়া, বলিউদত চলিছে ব্যাপক চৰ্চা

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7