বিশ্ব পৰিবেশ মানে শুভ মুহূৰ্তৰ আগজাননী। পৰিবেশৰ মাজতে লুকায় থাকে ন-উদ্যমেৰে ভবিষ্যতক গঢ়াৰ আশা। হেপাহৰ ভবিষ্যতক আশাৰে জীপাল কৰাৰ কামনা। অতীতৰ বুকুতে লহ-পহকৈ বাঢ়ি আহে আমাৰ ভবিষ্যত। আশা লৈয়ে আমি জীয়াই থাকো। ভবিষ্যতৰ পৃথিৱীত আশাৰ হাতত ধৰিয়ে আগলৈ খোজ দিওঁ বিশ্বায়নে ঢৌৱাই নিয়া ভোগবাদী ধাৰাই সমাজৰ বেছিভাগ মানুহকে উটুৱাই নিছে। ভোগৰ উপকৰণ সমূহ গোটাবলৈ যিয়ে যেনেদৰে পাৰে তেনেদৰে চেষ্টা কৰিছে। বজাৰত নিত্য-নতুন ভোগৰ সামগ্ৰী উভৈনদী হৈ পৰিছে আৰু এইবোৰ গোটাবলৈ হাবিয়াস কৰি মানুহে নৈতিকতাক জলাঞ্জলী দিছে। শিক্ষিত-অশিক্ষিত কোন ও ইয়াৰ পৰা আতৰি যোৱা নাই। পিছে ইয়াৰ বিপৰীতে উদ্যম কৰ্মস্পৃহা সৃষ্টিশীলতা বা প্ৰযুক্তি নিৰ্ভৰ বিজ্ঞান মনস্কতা গঢ়ি উঠা নাই।
গছ-লতাই প্ৰকৃতি নহয়। বহল অৰ্থত গোটেই পৃথিৱী খনেই প্ৰকৃতি।
প্ৰকৃতিক সুস্থ ৰাখিব পাৰিলে পৰিবেশ সুন্দৰ হব। প্ৰাণী জগত, জীৱজগতৰ বহল ক্ষেত্ৰখনেই প্ৰকৃতি। প্ৰকৃতিয়ে আমাৰ অন্ন, বস্ত্ৰ, বাসস্থানৰ অভাব পূৰণ কৰি আহিছে। সেয়ে প্ৰকৃতিক সুস্থ ৰখা আমাৰ সকলোৰে কৰ্তব্য। দুখৰ বিষয় বৰ্তমান সময়ত আমাৰ দূৰদৰ্শিতাৰ অভাবে হাবি জংঘল কাটি পাহাৰ পৰ্বত ভাঙি সকলোতে ইটা বালিৰে অট্টালিকা সাজিচো আৰু তাৰেই নাম দিছো সভ্যতা। পিছে এইবোৰে আমাৰ পৰিবেশ লৈ অশনি সংকেত মাতি আনিছে।
প্ৰতি বছৰে পাঁচ জুন তাৰিখটো বৰ ধুম ধামেৰে বিশ্ব পৰিবেশ দিবস পালন কৰিছো, বৰ ভাল কথা। মানুহৰ মাজত সজাগতা আনিবলৈ যত্ন কৰা হৈছে। পিচে ভাষণ দিয়াতে সীমাবদ্ধ হলে নহব, প্ৰতিটো দিনে পাঁচ জুন বুলি ধৰি লৈ বৃক্ষৰোপন কৰিব লাগিব।
প্ৰকৃতিয়ে আমাক যথেষ্ট দিছে কিন্তু মানুহৰ মানসিকতাৰ উত্তৰণ আৰু নৈতিকতা সম্বন্ধীয় ধ্যান-ধাৰণাৰ যদি পৰিবৰ্তন নহয় তেনেহলে হাজাৰ নীতি-নিয়ম প্ৰবৰ্তন কৰিও প্ৰকৃতিক ৰক্ষা কৰিব পৰা নাযাব।
আমি সৰু হৈ থাকোতে আমাৰ গাওঁত এজন ককা আছিল তেওঁ গছপুলি এটা কটা দেখিলে সহ্য কৰিব নোৱাৰিছিল। বিনা কামত কোনোৱাই গছৰ অনিষ্ট সাধন কৰিলে ভোৰভোৰাইছিল-কৈছিল “গছক কিয় কষ্ট দিয়? গাছেই খাবলৈ দিয়ে গছৰ পৰাই ঘৰ সাজ গছৰ পৰাই জাৰে-জহে কাপোৰ পান আৰু গছৰ অনিষ্ট কৰ।।নাপায়অ’ বোপাইহত নাপায়।”
প্ৰকৃতি সুৰক্ষাৰ বাবে জনজাগৰণ সৃষ্টি কৰাৰ উদ্দেশ্যে ১৯৮১-৮৩ চনত গান্ধীবাদী নেতা সুন্দৰ লাল বহুগুণে হিমালয় অঞ্চলত ৫০০০ কিলোমিটাৰ সামৰি পদ যাত্ৰা কৰিছিল।
বিশ্বৰ প্ৰকৃতি সুৰক্ষা আন্দোলনৰ ইতিহাসত নতুন অধ্যায়ৰ সংযোজন কৰা দুগৰাকী অগ্ৰণী সমাজকৰ্মী চণ্ডী প্ৰসাদ ভাট আৰু সুন্দৰ লাল বহুগুণৰ অৱদানে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। চণ্ডী প্ৰসাদ ভাটে ১৯৮২ চনতে লাভ কৰিছে সন্মানীয় ৰামন মেগাছেছ বটা। ২০০৯ চনত সুন্দৰ লাল বহুগুণাক ভাৰত চৰকাৰে পদ্মবিভূষণ বঁটাৰে সন্মানিত কৰিছে। সাধাৰণ মানুহৰ সৈতে প্ৰকৃতিৰ নিবিড় সম্পৰ্ক, নিজৰ জন্মভূমিৰ গছ-বিৰিখ, নৈ-নিজৰা, পাহাৰ-পৰ্বতৰ সৈতে মানুহৰ আত্মিক সম্পর্ক ৰ বিষয়ে ৰামচন্দ্ৰ গুহই “হাউ মাচ শ্বুড এ পাৰ্ছন কনজিউম” নামৰ গ্ৰন্থখনত দীঘলীয়া পাণ্ডিত্য পূৰ্ণ ব্যাখ্যা আগবঢ়াইছে।
পৰিবেশক সুস্থ ৰাখিবলৈ কাৰ্যকৰী পৰিকল্পনা কৰি আগুৱাব লাগিব। সেই পৰিকল্পনা অনুযায়ী কাম কৰিব লাগিব। আমি আশাবাদী আমাৰ পৰিবেশক আমি সুস্থ ৰাখিম।সাহসে প্ৰতিবন্ধকতাৰ মুখামুখিকৈ থিয় হৈ কাম কৰি যোৱাৰ অন্য নামেই সাৰ্থকতা।়আমি পৰিবেশক সুস্থ ৰাখিম বুলি সংকল্প লব নোৱাৰোনে?সকলোৱে দিওচোন প্ৰতিশ্ৰুতি আদিয়েই সুস্থ ৰাখিম বুলি পৰিবেশ—-বৰ ভাল নালাগিবনে?মোৰ চোন ভাবিয়ে ভাল লাগিছে, আহক আমি আমাৰ পৰিবেশক ভাল পাবলৈ শিকো।