বুধবাৰে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কিছু সাল-সলনি কৰে । মন্ত্ৰীসভাৰ সাল-সলনিৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজনৈতিক ক্ষেত্ৰখনত পুনৰবাৰ কব্জা কৰিবলৈ চেষ্টা চলায় বুলি “ইণ্ডিয়ান এক্সপ্ৰেছ”ত উল্লেখ কৰা হৈছে ।
ক’ভিড-১৯ ৰ দ্বিতীয়টো ঢৌয়ে দেশত বিশেষভাৱে প্ৰভাৱ পেলোৱাৰ সময়তে দেশত অক্সিজেন আৰু প্ৰয়োজনীয় সুবিধাসমূহৰ অভাৱ হোৱাৰ বাবে বহু লোক মৃত্যু মুখত পৰিছিল । যোৱা এপ্ৰিল মাহৰ পৰা প্ৰধানমন্ত্ৰী গৰাকীয়ে বহু ক্ষেত্ৰত কিছু নীৰৱতা অৱলম্বন কৰি থকা পৰিলক্ষিত হৈছিল । কিন্তু এই কথাও অৱশ্যম্ভাৱী আছিল যে পৰিস্থিতি ঠিক হৈ নথকাৰ বাবে নৰেন্দ্ৰ মোডী য়ে যিকোনো মুহূৰ্ততে মন্ত্ৰীসভাৰ পৰিৱৰ্তন কৰিব পাৰে । অৱশেষত বুধবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰি এই কথা কাৰ্য পৰিণত কৰে ।
উল্লেখ্যযোগ্য যে মন্ত্ৰীসভাৰপৰা নৰেন্দ্ৰ মোডীয়ে ১২ জন মন্ত্ৰীক বৰ্খাস্ত কৰে । বিশেষকৈ সেই সকল মন্ত্ৰীক যিসকলৰ কাম-কাজৰ কাৰণে পাৰ হৈ যোৱা সময়ত চৰকাৰখন সমালোচনাৰ সম্মূখীন হৈছিল । প্ৰধানমন্ত্ৰীগৰাকীয়ে জনাই যে তেঁও এক নিৰ্দিষ্ট লক্ষ আগত ৰাখি কাম কৰা চৰকাৰ বিচাৰে । মোডী ব্ৰেণ্ডক সুৰক্ষিত কৰাৰ বাবেও প্ৰধানমন্ত্ৰী গৰাকীৰ এইয়া এক কৌশলপূৰ্ণ পদক্ষেপ বুলি ক’ব পৰা যায় । কেৱল মন্ত্ৰীসকলক এইক্ষেত্ৰত দোষী সাব্যস্ত কৰি মোডীয়ে সেই সকল ব্যক্তি আৰু তেঁওৰ চৰকাৰৰ মাজত একপ্ৰকাৰৰ বিভাজন আনি দিয়ে ।
”ইণ্ডিয়ান এক্সপ্ৰে”ত উল্লেখ কৰা মতে ২০২২ তথা ২০২৩ চনত হ’বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচন আৰু ২০২৪ আৰু তাৰ পাচত হ’ব লগীয়া নিৰ্বাচন সমূহৰ ওপৰত এতিয়াৰেপৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ তীক্ষ্ণ চকু । উল্লেখ্য যে প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্ত্ৰীসভাত ভাৰতৰ প্ৰতিখন ৰাজ্যকে প্ৰতিনিধিত্ব কৰোৱাবলৈ চেষ্টা কৰিছে । কিছু কিছু ক্ষেত্ৰত ৰাজ্য সমূহৰ কিছুমান বিশেষ ঠাইৰ লগতে বিভিন্ন অনুসূচিত জাতি – জনজাতি , আদিবাসী , দলিত শ্ৰেণী, অ’ বি চি আদিবোৰো সাঙুৰি লোৱা হৈছে । প্ৰথমবাৰৰ বাবে এই চৰকাৰ খনত স্থান পাইছে ১১ গৰাকী মহিলা মন্ত্ৰীয়ে ।
কাকতখনৰ মতে যদিও প্ৰতিখন ৰাজ্যই গুৰুত্বপূৰ্ণ সেই সময়ত কেৱল উত্তৰ প্ৰদেশে বেছি গুৰুত্ব পোৱাতো এক লক্ষণীয় বিষয় । ৭ জন নতুন সদস্যকে ধৰি উত্তৰ প্ৰদেশৰ মন্ত্ৰীৰ সংখ্যা ১৫ জন।
সহজ ভাষাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এটা নিজস্ব দল গঠন কৰি উলিয়াইছে বুলি ক’ব পাৰি । দেশৰ এনে বিভীষিকাৰ সময়ত এনেদৰে মন্ত্ৰীসভাৰ সালসলনি কৰাৰ পাচত আগন্তুক সময়ত কাৰ্যক্ষেত্ৰত ই কিমান ফলপ্ৰসু হ’য় সেয়া লক্ষণীয় হ‘ব ।