ৰাজ্যসভালৈ মনোনীত দক্ষিণ ভাৰতৰ ৪ জন বিশিষ্ট ব্যক্তি।চাৰিওজন ব্যক্তিৰেই নিজ নিজ ক্ষেত্ৰত অপৰিসীম অৱদানৰ বাবে তেওঁলোকে এই ৰাষ্ট্ৰীয স্বীকৃতি লাভ কৰিছে।
বুধবাৰে কেন্দ্ৰীয় চৰকাৰে কিংবদন্তী এথলীট পিটি উষা, প্ৰতিষ্ঠিত সুৰকাৰ ইলায়াৰাজা, চিত্ৰনাট্যকাৰ-পৰিচালক ভি বিজয়েন্দ্ৰ প্ৰসাদ আৰু সমাজসেৱক বীৰেন্দ্ৰ হেগাডেক ৰাজ্যসভালৈ মনোনীত কৰে।
কেৰালাৰ কোজিকোড জিলাৰ এখন সৰু গাঁৱত জন্মগ্ৰহণ কৰা পিটি ঊষা ভাৰতৰ আটাইতকৈ প্ৰতিষ্ঠিত খেলুৱৈসকলৰ ভিতৰত অন্যতম এগৰাকী খেলুৱৈ। পিটি ঊষা সমগ্ৰ দেশৰ লাখ লাখ যুৱতীৰ বাবে এক আদৰ্শ আৰু অনুপ্ৰেৰণা হৈ আহিছে যিয়ে ক্ৰীড়াৰ ক্ষেত্ৰ খনত এক সুকীয়া আসন দখল কৰিছে।
আনহাতে তামিলনাডুৰ মাদুৰাই জিলাৰ এখন গাঁৱত দলিত পৰিয়ালত জন্ম গ্ৰহণ কৰা ইলাইয়াৰাজাক ভাৰতৰ অন্যতম মহান সংগীত ৰচয়িতা হিচাপে গণ্য কৰা হয়। ২০১৮ চনত, তেওঁ পদ্ম বিভূষণ লাভ কৰে। তেওঁক পদ্মভূষণো প্ৰদান কৰা হৈছে।
আন এগৰাকী ব্যক্তিত্ব বীৰেন্দ্ৰ হেগাডে ২০ বছৰ বয়সৰ পৰা কৰ্ণাটকৰ ধৰ্মস্থল মন্দিৰৰ ধৰ্মাধিকাৰী হিচাপে কাম কৰি আহিছে। তেওঁ পাঁচ দশকৰো অধিক সময় ধৰি এজন নিষ্ঠাৱান সমাজসেৱক হৈ আছে। তেওঁ গ্ৰাম্য উন্নয়ন আৰু স্ব-নিযুক্তিৰ প্ৰচাৰৰ বাবে বিভিন্ন পৰিৱৰ্তনশীল পদক্ষেপৰ নেতৃত্ব দিছে।
অন্ধ্ৰ প্ৰদেশৰ কোভভুৰত জন্মগ্ৰহণ কৰা ভি বিজয়েন্দ্ৰ প্ৰসাদ দেশৰ এজন আগশাৰীৰ চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ পৰিচালক। তেওঁ বহুতো বিশিষ্ট তেলেগু আৰু হিন্দী চলচ্চিত্ৰৰ বাবে কাহিনী লিখিছে। তেওঁৰ উল্লেখযোগ্য ৰচনাসমূহৰ ভিতৰত আছে সৰ্বাধিক উপাৰ্জন কৰা কেইখনমান ভাৰতীয় চলচ্চিত্ৰ, যেনে আৰআৰআৰ, বাহুবলী শৃংখলা আৰু বজৰংগী ভাইজান।
উল্লেখ্য যে,প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চাৰিওগৰাকী ব্যক্তিক পৃথক টুইটযোগে অভিনন্দন জ্ঞাপন কৰে। আনহাতে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেও তেওঁলোকক অভিনন্দন জনাইছে।
Congratulations to PT Usha Ji, Shri V. Vijayendra Prasad Ji, Shri Veerendra Heggade Ji and Shri Ilaiyaraaja Ji on being nominated to the Rajya Sabha. You have made outstanding contributions in your respective fields and have made the nation proud with your dedication & hard work.
— Amit Shah (@AmitShah) July 6, 2022
টুইটাৰযোগে তেওঁ লিখিছে, “ৰাজ্যসভালৈ মনোনীত হোৱাৰ বাবে পিটি ঊষা জী, শ্ৰী ভি বিজয়েন্দ্ৰ প্ৰসাদ জী, শ্ৰী বীৰেন্দ্ৰ হেগাডে জী আৰু শ্ৰী ইলিয়াৰাজাজীক অভিনন্দন জনাইছোঁ। আপোনালোকে আপোনালোকৰ নিজ নিজ ক্ষেত্ৰত অসামান্য অৱদান আগবঢ়াইছে আৰু আপোনালোকৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা দেশক গৌৰৱান্বিত কৰিছে।”